পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩৪

বচন্তিক এনেদৰে পৰাধীন এটা জীৱন কটাবলৈ, মালিকৰ তলত গেবাৰি খাটি জীৱন কটাবলৈ। বচন্তিৰো পঢ়াৰ প্ৰতি ধাউতি থকা দেখি নাম লেখি দিছে বাগানৰে স্কুল খনত। মাকৰ আশাত শলিতা গছি জ্বলাই বচন্তি আগবাঢ়ি গৈছে। তাই বেয়া নহয় পঢ়াত। প্ৰতিটো শ্ৰেণী ভবা মতেই পাছ কৰি গৈছে তাই। তাইৰ পঢ়াৰ ধাউতি দেখি মাক জনীয়ে দুগুণ উৎসাহেৰে সকলো কৰি যায়।

চাহ-গছৰ মাজে মাজে লৱৰি ঢাপৰি ঘূৰি ফুৰা বচন্তিয়ে খেলা ধূলা মাজে মাজে পঢ়া-শুনাৰ কামো কৰি যায় নিয়াৰিকৈ আজৰি পৰত মাকৰ সতে বাগানলৈ যায় কেতিয়াবা। মাকৰ সতে তায়ো পাত তুলি চায়। মাকে তাইক কয়.. “তুই কৰতে নাই লাগে ৰে ..হামাৰ কামতা। পঢ়া চুনা কৰকে বৰ মানুচ হবি, হামাদেৰ ৰকম এটনা কষ্ট কৰিতে নাই...লাগে।”

 : মাই তোৰ বৰ কষ্ট হয় না এইৰকম কাজ্ কৰকে। তাইৰ সৰু মনতোয়ে মাকৰ কষ্টবোৰ দেখি মনতে দুখ পায়।
 মাই : নাই ৰে বচন্তি। এয়ে ত’ হামাদেৰ জীৱন। চট’ মানুচ লাগে হামৰা। দুখ-কষ্টেৰ বাত চ’চলে হামদেবকে জীৱন নাই চলবে ৰে। তুইৰ বাবে হামি সভি কাজ কৰকে যাব, খালি তুই খুব ভাল মানুচ হবি। আৰ’ হামাকে কিছু নাই লাগে।

 মাকৰ কথাবোৰে তাইৰ সৰু মনটোত ৰেখাপাত কৰে। তাইৰ কোমল মনতোয়ে সংকল্প লৈ পেলায়। আঁতৰ কৰিব এদিন তাই মাকহঁতৰ এই কষ্টবোৰ। পৰাধীনতাৰ পৰিধি নেওচি উৰিব এদিন মুক্ত বিহংগ হৈ। দেখুৱাই দিব তাই সিঁহতৰ আত্মাবোৰ সজাত বন্দী এটি পক্ষী নহয়। তাই তেতিয়াৰ পৰাই আৰু দৃঢ় হৈ পৰে নিজৰ জীৱনৰ প্ৰতি। তাইৰ সমনীয়াবোৰে অনাই বনাই ঘূৰি সময় অতিবাহিত কৰাৰ সময়ত তাই এই অমানবীয়তা, অন্যায় অবিচাৰৰ পৰিধি নেওচি এখন নতুন পৃথিৱী গঢ়াৰ সপোন দেখে। মাকক কৰিব পৰা কামত সহায় কৰি দিয়ে তাই। আন দহজনী বাগানীয়া ছোৱালীতকৈ পৰিপক্ক তাইৰ মন।

 মদাহী বাপেকে মুচৰি পেলাব খুজে কেতিয়াবা মাক-জীয়েকৰ সপোনক। মাহেকৰ মুৰত দৰমহা পোৱাৰ দিনা হাড়িয়া খাবলৈ পইচা বিচাৰি নাপালে মাক আৰু তাইৰ ওপৰত চলে নিৰ্যাতন।

 :“পঢ়ি চুনি বৰ মানুচ হতে আহিছ্।” বুলি আঁজুৰি আনি তাইৰ কিতাপ, ফলিবোৰ তুলি দিব খুজে জুশালৰ অগ্নিকুণ্ডত।

 কাকৃতি মিনতিৰে তাই সাবটি ধৰে তাইৰ সপোনবোৰক। তেতিয়াই ঔ কিল পৰে মাক-জীয়েকৰ ওপৰত। ঘৰৰ ভিতৰৰ পৰা গটিয়াই বাহিৰ কৰে মাক – জীয়েকক। ঘিটমিটিয়া কাজল আন্ধাৰত জিলিৰ মাতৰ সৈতে বিলিন হয় মাক-জীয়েকৰ উচুপনিবোৰ।

 তেনেকৈয়ে আগবাঢ়ে বচন্তি আৰু মাকৰ কণ্টকময় জীৱন। কেউটা বসন্ত গৰকি বন্তি জনী আজি কালি কৈ ষোল বছৰীয়া জনী হল হি। মেট্ৰিক পৰীক্ষা দি উঠিছে। আশা এটা কৰিছে মাক আৰু তাই পঢ়া স্কুলৰ ছাৰ বাইদেউ সকলে।

 এইকেইদিন পঢ়া শুনাৰ কাম নাই বাবে তাই মাকৰ লগত বাগানলৈ যায়। বহুদিন হল মুকলি মুৰিয়া সেউজীয়া দলিচাখন চুই চোৱা নাই। চাহ-গছৰ মাজৰ অলি গলিবোৰত লৰি ধাপৰি ফুৰা নাই। বহুদিন লক্ষ্মণৰ লগত কথা পতা নাই।

 লক্ষ্মণৰ কথা ভাবোতেই সি পিছফালৰ পৰা “আৰে... বচন্তি তুই আজকে বাগান দিকে আইলি যে” বুলি মাত দিয়ে।

হামি কি বাগানিয়া চৰি (ছোৱালী) নাই লাগে নেকি বাগান নাই আচবলে।
ঐতা বাত নাই আচে, মানে তুই তো বৰ মানুচ ন’। আমি ত’ চুত’ মানুচ না. চুত’ মানুচেৰ কাম হে বাগানৰ দিকে।
তুই হামকে বৰ মানুচ বৰ মানুচ নাই বলবি ৰে কিন্তু, ম’ৰ বহুত খাৰাব লাগে। মই তুইৰ খাতিৰ সদায় চুত’মানুচ হৈ

থাকতে চাই।

 তাইৰ কথাত লক্ষ্মণে মিচিকিয়া হাঁহি এটা মাৰে। “ঠিক আছে বাবা আজথেকে ত’কে বৰ মানুচ বুলি নাই হাকাবে। এই ৰকম মাজে মাজে বাগান দিকে আচি থাকবি, আমাৰ ভি ভাল লাগে না তুই আচলে।”

 লক্ষ্মণৰ এনেকুৱা কথাবোৰে তাইৰ কিবা কিবি লাগি যায়। দুইটাই চাহ গছৰ মাজে মাজে কথা পাতি ঘূৰি ফুৰে এনেকৈ লগ পালে।

 লক্ষ্মণৰ সংগই তাইক উৎসাহি কৰি তোলে সদায়। সিহঁতৰ লাইনত তুচু পূজাত লক্ষ্মণৰ মাদলৰ ছেৱে ছেৱে বচন্তি, পুনম, মুন্নি, ফুলৱন্তিহঁতৰ ঝুমুৰ নাচ উত্তাল হৈ উঠে। লক্ষ্মণৰ মাদলৰ প্ৰতিটো চাপৰে বন্তিক উন্মনা কৰি তোলে। লক্ষ্মণে।

বজোৱা মাদলৰ চাপৰ বহু সময় লৈ বাজি ৰয় তাইৰ বুকুৰ ভিতৰত। এইবোৰে সিহঁতৰ সুখ.., খুদকণ খুদকণ আনন্দৰ সঁফুৰা।

অৰ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড