পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১৯

নিজকে প্ৰবোধ দিছিল “হয় জানো?” স্বামী অভীকে দুষ্টালিভৰা চাৱনিৰে চাই কৈছিল “হ’বওতো পাৰে!কি ডাঙৰ কথাটো? তাই জঁপিয়াই উঠিছিল আৰু প্ৰায় ডাঙৰকৈয়ে কৈছিল “ধেৎ নহয় যোৱা। কেনেকৈ হ’ব?” অভীকে তাইৰ হাত এখন তাৰ হাতৰ মুঠিৰ মাজত সুমুৱাই সুধিছিল, “কিয় সু? হ’লেই যেনিবা তুমি সাজু নোহোৱা নেকি?” তাইৰ অলপ অলপ লাজ লাগিছিল আৰু মুখৰপৰা ওলাওঁ নোলাওঁকৈ সৰি পৰিছিল কথাষাৰ “তুমি অফিচৰপৰা আহোঁতে কিট এটা লৈ আহিবাচোন আজি।” সি তাৰ ওঁঠেৰে তাইৰ কপালতে মৃদু পৰশ এটি দি ওলাই গৈছিল অফিচলৈ “বাৰু” বুলি কৈ। ঘূৰি আহোঁতে লৈ আহিছিল তাইলৈ তাইৰ প্ৰিয় নিমখীয়া কাজুৰ পেকেট আৰু সেই তাই কৈ পঠিওৱা কিটটো।

 গুলপীয়া আঁচ দুডালে যেন পুৱালৈ তাইৰ গাল দুখনো গুলপীয়া কৰি পেলাইছিল। কিটটো লৈয়ে তাই বাথৰুমৰপৰা দৌৰি যোৱাদি গৈ অভীকক শোৱাৰপৰা জগাই দিছিল। অভীকে চকুদুটা মোহাৰি মোহাৰি তাইৰ ফালে চাইছিল। তাৰ চকুত তেতিয়াও টোপনিৰ চিকুণ পুৱাৰ আলস্যভাৱ। তাই কীটটো তাৰ চকুৰ আগত দাঙি ধৰাত সি একেছাটেই উঠি বহিছিল। টোপনি যেন পলাই পত্ৰং দিছিল নিমিষতে। দুয়োটাই পৰস্পৰক সাৱটি ধৰি কৈছিল “পজিটিভ,পজিটিভ।”

 সেইদিনাৰপৰাই যেন আৰম্ভ হৈছিল অন্য এক পৰিক্ৰমা। তাইৰ খোৱা, শোৱাৰ পৰা আৰম্ভ কৰি সকলোবোৰ কামতেই যেন সেই এধানিমান অস্তিত্বকণৰ বাবে দৰদ। যেন আলফুলে ৰাখিব জীউকণক যি তাইৰ গৰ্ভত বাঢ়ি আহিছে একলা দুকলাকৈ। ভালকৈ টোপনি যোৱা,অলপমান খোজকঢ়া,ভাল ভাল কিতাপ পঢ়া,মনটো ফুৰ্তিত ৰখা,কোনোধৰণৰ নাকাৰাত্মক ভাৱ মনলৈ ননা ইত্যাদি এশএবুৰি নিয়ম মানি তাই খোজ দিছিল নাৰীজীৱনৰ সবাতোকৈ আকাংক্ষিত ঢাপটিৰ পিনে। স্বামী অভীক, সাদৰী শাহুৱেক, মৰমীয়াল শহুৰেক সকলোৱে আৱৰি ৰাখিছিল তাইক মৰমেৰে আদৰেৰে তথা যত্নেৰে। মাকৰ ঘৰৰপৰা নিতৌ পুৱাগধূলি মাকে খবৰ লৈছিল আৰু ভনীয়েকে জোকাইছিল “বা মোৰ ভাগিনক ভালকৈ ৰাখিবি দেই। পেটৰপৰা ওলায়ে মোক মাহী ক’ব নোৱাৰিলে তোকে দিম মচলা। পাবি গমটো।” তাইৰ ভাল লাগিছিল সকলোবোৰ। এনেকৈ আগুৱাইছিল আগন্তুক মাতৃত্বৰ জীৱনটোক আকোৱালি ল’বলৈ।

 আঘোণমহীয়া সুমথিৰাৰঙী আবেলিটোত তাইৰ গাটো অকণমান বেয়া কৰাত লৰালৰিকৈ লৈ যোৱা হৈছিল তাইক নাৰ্ছিং হোমখনলৈ আৰু পাছদিনা কুঁৱলীসনা পুৱাটিত ঠিক সূৰ্যোদয়ৰ লগেলগেই তাইৰো মাতৃজীৱনৰ উদয় হৈছিল। জন্ম হৈছিল এটি দেৱশিশুৰ আৰু কণ কণ নিয়ৰ সৰা পুৱাটিত জন্ম লভাৰ বাবেই তাৰ নাম ৰাখিছিল “নিয়ৰ”। নিয়ৰৰ জন্ম হৈছিল আৰু একেসময়তে এগৰাকী নব্য মাতৃও উপজিছিল। সেই সন্ধিক্ষণৰপৰাই মানুহজনীক এটি বৃত্তই সামৰি লৈছিল, যাৰ কেন্দ্ৰবিন্দু আছিল নিয়ৰ আৰু কিছু বাধ্যবাধকতাৰ পৰিধিৰ মাজত আবদ্ধ হৈছিল মানুহজনীৰ দিনপঞ্জী। তথাপি মানুহজনী সুখী আছিল। তাইৰ এই বাধ্যবাধকতা বেয়া লগা নাছিল, বৰঞ্চ ভাল লাগিছিল। ঘৰখনৰ সকলো কথাই নিয়ৰকেন্দ্ৰিক হৈ পৰাৰ বাবে নিয়ৰৰ মাক হিচাপে মানুহজনীৰ বুকুখন ওফন্দি উঠিছিল। লাহেলাহে মাতৃত্বৰ মমতাত বুৰ গৈ তাই সপোনবোৰকো খেপিয়াই চাইছিল। যিবোৰ সপোনে তাইক সেই ল’ৰালিৰপৰাই খেদি থাকিছিল সেইবোৰ এতিয়া তাই তাই পুনৰ দেখিবলৈ আৰম্ভ কৰিছিল মাথোঁ পাৰ্থক্য এটাই আছিল যে আগতে সপোনৰ নায়িকা আছিল তাই নিজে আৰু এতিয়া নিয়ৰ।

 নিয়ৰক কাপোৰকানি পিন্ধাই হ’লত মানুহজনীয়ে নিয়ৰক তাৰ ককাকৰ ওচৰতে থৈ পাকঘৰৰপৰা হটকেচটো আনিবলৈ যায়। ককাকে ৰূমৰ ফেনখন চলাই দিয়াত টেবুলৰ ওপৰৰ খামটো উৰি গৈ মজিয়াত পৰে। মানুহজনী ৰূমলৈ সোমাই আহোঁতে ভৰিতে লাগে খামটো। তাই এইবাৰ ড্ৰয়াৰৰ ভিতৰত ভৰাই থয় খামটো। নিয়ৰৰ লগত কথা পতাত ব্যস্ত শহুৰেকে মন নকৰে সিমান কথাটো, হয়তো তেখেতে অথনি খামটো উৰি যোৱা কথাটোও মন কৰা নাছিল। তাই স্বস্তিৰ নিশ্বাস কাঢ়ে। শহুৰেকৰ অন্যমনস্কতাই তাইক যেন আশ্বস্ত কৰে।

 এইবাৰ তাই টিভিত নিয়ৰৰ প্ৰিয় ৰাইমচ কেইটাৰ ভিডিঅ লগাই দিয়ে যিকেইটা ককাকে পেনড্ৰাইভত ভৰাই দিছে নিয়ৰৰ বাবেই। নিয়ৰেও টিভিত বাজি উঠাৰ লগে লগে “বেবী ফিংগাৰ বেবী ফিংগাৰ হোৱেৰ আৰ ইউ?” গাই গাই মাকৰ কোলাত উঠি লয়। ককাকে “তুমি এতিয়া ভালকৈ মাম মাম খাই লোৱা দেই” বুলি কৈ ওলাই যায়। মানুহজনীয়ে নিয়ৰক এটেপা দুটেপাকৈ ভাত খুৱাবলৈ ধৰে। এই নিয়ৰক খুওৱা কামটোৱেই আটাইতকৈ টান কাম। দুটেপামান খোৱাৰ পাছতে তাৰ উৎপাত লাগি যায়। বাৰেবাৰে সি উঠে যায়। মাকেও তাৰ পাছে পাছে গৈ পুনৰ কোচত আনি বড়ুৱাই লয়। এনেকৈ সেই অকণমান ভাত কণ খাওঁতেই তাৰ প্ৰায় একঘণ্টামানৰ ওচৰাওচৰি সময় লাগি যায়।

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড