পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪১৮


প্ৰাধান্য

পৰিস্মিতা বৰদলৈ

 এনভেলপটো টেবুলখনৰ ওপৰতে পৰি আছে। অথনি ডাকোৱালজনে দি যোৱা ভাগেই। তাই তেতিয়া আগফালেই নিয়ৰৰ পাছে পাছে দৌৰি আছিল। ঠিক সেই সময়তে ডাকোৱালজনে আহি তাইৰ হাতত খামটো দিলেহি। তাই সেইটো হাতত লৈ ক্ষন্তেক সময় ডৰক লাগি ৰ’ল আৰু তাৰপাছত শোৱনি কোঠাৰ টেবুলখনৰ ওপৰতে থৈ দিলেহি। আজিকালি যিকোনো বস্তুৱেই কিতাপ কিম্বা কাগজ পত্ৰবোৰ যেনেকৈ তেনেকৈ থ’ব নোৱাৰি। নিয়ৰে সকলো ঢুকি পোৱা হ’ল আজিকালি আৰু যিটো বস্তু সি হাতেৰে ঢুকি নাপায় বান্দৰ দৰে বগুৱাই হ’লেও হস্তগত কৰিহে এৰে। সেয়েহে মাক আজিকালি সাৱধান হয়।

 নিয়ৰক আগফালৰপৰা জোৰজৱৰদস্তি কৰি আনি ৰূমৰ বিছনাৰ ওপৰতে উবুৰিয়াই লৈ মাকজনীয়ে তাৰ গাত জনচন এণ্ড জনচনৰ বডি অইল টো মালিচ কৰিবলৈ ধৰে। তাইৰ হাতৰ পাঁজিসেৰীয়া আঙুলিকেইটাৰে আলফুলে অলপ অলপকৈ চাপ দি ক্ৰমান্বয়ে হাত ভৰি , পিঠি সকলোতে মালিচ কৰিবলৈ ধৰে। মাজতে কঁকালৰ ওচৰত হাতখন পৰাত তাৰ কুটকুটনি উঠে আৰু খিলখিলাই হাঁহি দিয়ে। মাকজনীয়ে বৰ উপভোগ কৰে এই খিলখিলনি। তাৰপাছত কান্ধত ডাঙৰ টাৱেল খন লৈ এহাতে তাক কোচত লৈ আনখন হাতত মাগটোৰ ভিতৰতে চাবোনৰ কেচ, বেবী শ্বেম্পুৰ বটলটো লৈ মানুহজনী পাছফালৰ ৰ’দঘাই জেগা টুকুৰালৈ যায় নিয়ৰক গা ধুওৱাৰ মনেৰে। যোৱাৰ আগেয়ে তাৰ গা ধুই উঠি পিন্ধাবলগীয়া কাপোৰকানি কেইটা সাজু কৰি থৈ যায়। পাছফালৰ সেই নিয়ৰক গা ধুওৱা স্থায়ী জেগাডোখৰতে কুহুমীয়া পানী তাই সাজু কৰিয়েই থয়। হাতৰ মাগটো পানীবাল্টিৰ কাষতে থৈ, গা টুকিবলৈ বুলি অনা ডাঙৰ টাৱেলখন তাঁৰডালত ওলোমাবলৈ লওঁতেই নিয়ৰ মাকৰ কোঁচৰপৰা নামি পোনচাটেই লৰ দিয়ে কাষৰ ঘৰৰ বৰতাকৰ ঘৰলৈ বুলি। মানুহজনীয়েও উপায় নাপাই ভীৰাই লৰ দিয়ে নিয়ৰৰ পাছে পাছে। সি মাকক যোৱা দেখি আকৌ হাঁহে। একেই সেই খিলখিলনি আৰু দুষ্টামীভৰা চাৱনি। মাকেও এপাকত চিলনীথাপ মৰাদি তাক জপটিয়াই ধৰে আৰু তাৰ চিঞৰ বাখৰলৈ কেৰেপ নকৰি গা ধুৱাবলৈ লয়। পানীখিনি এবাৰ হাতেৰে কিমান গৰম চাই লোৱাটো মানুহজনীৰ এক অভ্যাস লাহে লাহে এচলু এচলুকৈ তাৰ গাত পানী মাৰি আলফুলে গাটোত চাবোন মাৰিবলৈ ধৰে। কোমল মাৰ্কিন কাপোৰ ডোখৰত চাবোন লগাই তাৰ কাণ, আঙুলিৰ ফাক আদি দুখ নোপোৱাকৈ ঘঁহি ঘঁহি একেবাৰে শেষত পানী ঢালে। চুলিখিনিও শেম্পু কৰি চকুত অকণো শ্বেম্পুৰ ফেন নোসোমোৱাকৈ নিপুন হাতেৰে মূৰটো ধুৱাই দিয়ে তাই। তাৰপাছত তাঁৰত মেলি থোৱা ডাঙৰ টাৱেলখনেৰে তাক মূৰৰপৰা ভৰিলৈকে মেৰিয়াই ভিতৰলৈ লৈ আনে। মূৰত পানী ঢালোঁতে তীখৰ নিয়ৰে চিয়ঁৰে যদিও টাৱেলখনেৰে লগেলগে মূৰৰ পানীখিনি মাকে টুকি দিয়াত সি মনে মনে থাকে।

 সদায় একেখনেই ৰুটিন। পুৱা নিয়ৰ উঠাৰপৰা ৰাতি টোপনি নহালৈকে মাকজনীৰ আহৰি নাই। তাক খুওৱা বুউৱা, ধোৱা পখলাৰ দৰে নিত্যনৈমিত্তিক কামবোৰৰ উপৰিও তাৰ লগত খেলা,তাৰ লগতে ৰাইমচ গোৱা, সি বুজক বা নুবুজক তাক সাধু শুনোৱা আদিবোৰ এতিয়া তাইৰ দৈনন্দিন জীৱনৰ এৰাব নোৱৰা অংগবিশেষ।

 এক সৰগীয় প্ৰশান্তি লভে তাই নিয়ৰৰ প্ৰতিটো আবদাৰত তাক কৰা প্ৰতিটো আপডালত। তাইক যেন জীয়ন দি থয় এই দেৱশিশুটিয়ে। অহৰহ তাইক এক সুখী সুখী অনুভৱে চুই থাকে চুচুকচামাককৈ।

 তাইৰ মনত পৰে সেই দিনকেইটাৰ কথা। সাধাৰণতে তাই দিন, বাৰমাহৰ হিচাপ ৰখাত খুব হিচাপী। এই হিচাপী স্বভাৱটোৰ বাবেই তাইৰ মনত আউল লাগিছিল যেতিয়া দিনবোৰ বাঢ়ি গৈ আছিল। ঠিক যেন নিয়মমাফিক ৰুটিনখনত খেলিমেলিখন লাগিছিল। বিহুটোও আগত আহি আছিল। বোৱাৰীজীৱনৰ প্ৰথমটো বহাগৰ বিহু। কত হেঁপাহ,কত আশা তাইৰ। ভাবিছিল বিহুটোক আগতেই আজৰি হৈ ল’লে ভাল আৰু গা মূৰ ধুই। কিন্তু? এদিন দুদিনকৈ যেতিয়া এসপ্তাহ পাৰ হৈগ’ল। তাইৰ অলপ চিন্তাও লাগিছিল। লগেলগেই মনলৈ কেতিয়াও নহা সেই ভাৱটোৱে আহি অগাদেৱা কৰিছিল। তথাপিও

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড