এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০৬
উপচি পৰিল। ফোনটো উলিয়াই মই আইতাৰ ওচৰৰ পৰা আঁতৰি আহি ঋতুলৈ ফোন লগালোঁ। ঋতুৰ ফোনৰ ৰিংটনটো মোৰ নিচেই ওচৰতে বজা যেন লাগিল। আগলৈ চাই দেখিলো ঋতু মোৰ কাষতে থিয় হৈছেহি। মোৰ চকুলো ওলাই গ'ল। কিমান যে ভাল পাই মোক তেওঁ। মই তেওঁক সাৱতি ধৰিলোঁ আৰু উচুপি উচুপি ক'লো-
ⵓ মোৰ ভুল হ'ল ঋতু। মোক ক্ষমা কৰিবা। আৰু কেতিয়াও মই এনেকুৱা নকৰোঁ। Iprornise.
তেঁৱে মোক বৰ আকুলতাৰে সাৱটি লৈ বিৰবিৰালে।
ⵓ নাকান্দিবা মুনা। তুমি কান্দিলে মোৰ একেবাৰে সহ্য নহয়। কাইলৈকে আমি চিনেমা চাবলৈ যাম। অফিচৰ পৰা চুটি ল'লোঁ।
তেওঁৰ কথাত মোৰ প্ৰাণ ভৰি গ'ল। এনে লাগিল তেওঁক যেন এনেকৈয়ে সাবতি ধৰি থাকিম চিৰদিন চিৰকাল।
অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড