পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

মইনা চৰাইৰ বিয়া

মনালিছা পাঠক নেওগ

 পোহনীয়া মইনা চৰাইজনীৰ আজি বিয়া। মই দেউতাকটো হৈ ছোৱালীজনীক উলিয়াই দিবলৈ বৰ কষ্ট পাইছোঁ। কালিৰ পৰা তাইৰ মুখলৈ চাব নোৱাৰা হৈছো। তাইও যেন মোৰ মুখামুখি হবলৈ টান পাইছে মই বুজি নোপোৱা নহয়। মাহীয়েক পেহীয়েকক দায়িত্ব দি থৈছে সময় মতে মোক চাহ জলপান যাচি দিবলৈ। যোৱা ৰাতিটো বৰ কষ্টত পাৰ কৰিলোঁ। মোৰ কাষৰ কোঠালিটোত তাইও বৰ চটফটাই পাৰ কৰিলে মই উমান পালোঁ। মইনা চৰাইৰ কাঢ়ি ফুৰা খোজ আৰু অফ অন কৰি থকা টেবুল লাইটৰ শব্দ। নোৱাৰিলোঁ আনদিনাৰ দৰে তাইৰ মূৰত হাত ফুৰাই শুৱাই দিবগৈ। ছোৱালীজনীৰ চকুলৈ চাব নোৱাৰা হৈছে। দুয়ো খুঁজি আছোঁ মনৰ ভিতৰত। জানো মুখামুখি হলে দুয়োৰে দুখবোৰ পাৰ ভাঙি বৈ আহিব। নোৱাৰো মই তাইৰ চকুত চকুপানী চাবলৈ। তাইও নোৱাৰে মোৰ চকুলৈ পানী অহা চাব। হলেও পুৱতি নিশা তাইৰ কোঠালি পালোগৈ। শব্দ নোহোৱাকৈ দুৱাৰখন খুলি সোমাই গলো। বিছনাৰ কাষৰ কম পোহৰৰ টেবুল লাইতটো জ্বলি আছিল।মইনা চৰাইৰ তেতিয়ালৈ টোপনি আহিছিল। বুকৰ মাজত তাইৰ আৰু মোৰ ফ্ৰেম কৰি থোৱা ফটো এখন লৈ শুই আছিল। গালত তাইৰ শুকাই যোৱা চকুপানীৰ দাগ। মূৰত আলফুলে হাত ফুৰাই ওলাই আহিলোঁ মোৰ প্ৰাণৰ পুতলাজনক।

 মইনাচৰাইক মোৰ হাতত তুলি দিয়েই নন্দিনীয়ে চকু মুদিছিল। অপ্ৰাণ চেষ্টা কৰিছিলো নন্দিনীক জীয়াই ৰাখিবলৈ নাই নোৱাৰিলোঁ। তেতিয়াৰ পৰাই

 মইনাচৰাই মোৰ সকলো আৰু ময়ো মইনা চৰাইৰ মা দেউতা বাই ভনী বন্ধু সকলো হৈ পৰিলোঁ। একলা দুকলাকৈ মইনা চৰাই বাঢ়ি আহিল। এখুজি দুখুজিকৈ খোজ পেলালে আৰু মোক তা.... কৈ গৈ গৈ শেষত দেউতা বুলিব পৰা হল। সুখবোৰ মোৰ জীৱনত উপচি পৰিল আশীৰ্বাদ হৈ। ব্যৱসায়ও দোপত দোপে আগুৱাই গল। মইনাচৰাই যেন লক্ষ্মী প্ৰতিমা হৈ মোৰ জীৱনলৈ আহিল। মোৰ মাথোঁ এটায়ে উদ্দেশ্য হ'ল মইনাচৰাইক মানুহ কৰা। ব্যৱসায় বিশ্বাসী মানুহৰ হাতত তুলি দি মই মইনা চৰাইৰ তত্ত্বাৱধানত লাগিলোঁ। চকুৰ আগত চৰাইজনী বাঢ়ি গল। ৰূপে গুণে সাইলাখ নন্দিনীৰ দৰে হল। সকলোয়ে কব ধৰিলে নন্দিনী মইনাচৰাইৰ ৰূপ লৈ

 উভতি আহিল। পঢ়াটো তাই পিছ পৰি নৰ’ল। সকলো শ্ৰেণীতে প্ৰথম হৈয়ে গল শেষলৈকে। বাহিৰত পঢ়িবলৈ যোৱাৰ সুবিধা পালে কিন্তু মোক নজনোৱাকৈয়ে মইনাচৰায়ে সেই সুবিধা নল'লে। মই কিয় নোযোৱা বুলি প্ৰশ্ন কৰিলত মই গলে তোমাৰ যত্ন কোনে ল’ব বুলি কৈ উঠিল। আস..! ছোৱালীজনী চোন বহুত ডাঙৰ হল। দুচকু উপচি পৰিল। মইনাচৰাইজনী আহি বুকুত আচাৰ খাই পৰিল। চকুপানী কোমল হাতখনেৰে মোহাৰি দিলে। মই কলো এতিয়া যে মোক এৰি নাযাওঁ কৈছা সপোন কোঁৱৰ আহি লৈ গ'লে কি কৰিবা?

 মই তোমাক এৰি কতো নাযাওঁ বুলি মোৰ আদৰুৱা জীজনী কুচিমুচি বুকুত সোমাই পৰিল। মূৰটো মোহাৰি দি মনতে ভাবিলোঁ এদিন নহয় এদিন তুমি যাবয়ে লাগিব দেউতাৰ বুকুখন শুদা কৰি।

 অৱশেষত মই ভবাটোকে হল বিয়া এখনলৈ গৈছিলোঁ দুয়ো বাপ বেটী। মইনাচৰাইৰ মাহীয়েকৰ পুতেকৰ বিয়া। জিকাফুলিয়া পাতৰ কাপোৰত সেউজীয়া লতাফুল থকা কাপোৰ এযোৰ পিন্ধি গৈছিল মইনাচৰায়ে। অপৰূপা লাগিছিল। মোক কাপোৰসাজ পিন্ধি আহি সুধিছিল কেনেকুৱা লাগিছে দেউতা।মই মাথোঁ তাইৰ কাষলৈ গৈ চকুৰ কাষৰ পৰা অলপ কাজল লৈ কাণৰ কাষত লগাই দিছিলোঁ কাৰো যাতে নজৰ নালাগে মোৰ পুতলাজনীক। তাৰ মাজতে নজৰ পৰিছিল এজনৰ। দৰাৰ বন্ধু এজন আহিছিল। অসমৰ লৰা চাকৰি কৰে সুদূৰ আমেৰিকাত। মইনাচৰাইৰ বিষয়ে দৰাৰ পৰা সকলো তথ্য লৈ আমাৰ কাষ চাপিছিলহি। মোৰ সন্মুখত আঁঠুকাঢ়ি সকলোৰে আগত মইনাচৰাইৰ হাত খুজিছিল। কিবা এটা মায়া উপজি গৈছিল লৰাটোলৈ। সকলোৰে আগত ইমান নিৰ্ভীকভাবে ছোৱালী এজনীৰ দেউতাকক এনেকৈ ক'ব পৰা ল'ৰা কেইটা ওলাব পাৰে বুলি ভাবিলোঁ।

অৰ্দ্ধ-আকাশ ⵓ ৰচনা সমগ্ৰ, প্ৰথম খণ্ড