আজিৰ দৰে গিজগিজাই থাকিবলৈ জনসংখ্যাও বেছি নাছিল। তোৰ ককাৰ যি গল গ'লেই। ক’তো একো খবৰ নাই। ফোনতো দুৰৰে কথা চিঠি পত্ৰৰ ব্যৱহাৰো মই নাজানিছিলোঁ। সময় বাগৰি গ'ল। ময়ো পুস্পিতা হ'লোঁ। মোৰ বিয়াক লৈ আই পিতাইৰ মহাচিন্তা হ’বলৈ ধৰিলে। অন্য এজনৰ সৈতে আগবিয়াত সোমোৱা ছোৱালীজনীকনো কোনে বিয়া কৰাব? তাৰ মাজতো কিন্তু দুই এজন আগবাঢ়ি আহিছিল। কিয়নো মোৰ পিতাই বৰ প্ৰতিপত্তিশালী লোক আছিল। কিন্তু কিয় জানো মই কাকোয়েই পছন্দ কৰিব পৰা নাছিলোঁ।”
বৰ আচৰিত হৈ মই আইতাক প্ৰশ্ন কৰিলোঁ-
ⵓকিয় আইতা?
তামোলে ৰঙা কৰা ওঠ দুখন মচি মচি আইতাই কৈ গ'ল-
“মোৰ আগবিয়াৰ সময়ত যদিও মই নিচেই সৰু আছিলো; তথাপি ডাঙৰ হোৱালৈ কথাবোৰ ভালকৈয়ে মনত আছিল। লগৰ কিজনীয়েও যোগেনৰ কথা কৈ কৈ মোক জোকাইছিল। বুজন হোৱাৰ পিচত জোকোৱা কথাবোৰে মোৰ বুকুত খুন্দিয়াইছিল আৰু যোগেনক মই মোৰ হৃদয়ত দেৱতাৰ আসনত বহুৱাই পূজা কৰিবলৈ ধৰিলোঁ। মনতে মই প্ৰতিজ্ঞা ল'লোঁ যে যোগেন যদি ঘূৰি নাহে তেন্তে মই আবিয়ৈ হৈয়ে জীৱন পাৰ কৰিম। সেয়ে কোনোবা ল'ৰাই যেতিয়া মোক চাবলৈ আহিছিল; তেতিয়া মই তেওঁলোকৰ সন্মুখত বৰ আচৰিত আচৰণ কৰিছিলো যাতে মোক অপছন্দ কৰে। চাবলৈ অহা মানুহৰ চকুৰ আগতেই মই ভাত বাঢ়ি খাবলৈ বহিছিলোঁ। মোৰ তেনে আচৰণবোৰ অৱশ্যে কামত আহিছিল। কিন্তু ঘৰত কোনোদিন মই যোগেনৰ কথা উলিওৱা নাছিলোঁ। মাথোঁ নিৰৱে অপেক্ষা কৰি ৰৈছিলোঁ।
মই খুলি নক'লেও পিতাইহঁতে মোৰ মনৰ কথা বুজি পাইছিল আৰু এদিন যোগেনক বিচাৰি ওলাই গৈছিল। লগত যোগেনৰ পিতাকো আছিল।
পিতাইহঁত যোৱা এমাহৰো বেছি দিন পাৰ হৈছিল। অথচ কোনো খবৰ পোৱা নাছিলোঁ। সময় বোৰ যে কেনেকৈ পাৰ কৰিছিলোঁ একমাত্ৰ ভগৱানেহে জানে। দিনে ৰাতিয়েই মই প্ৰাৰ্থনা কৰিছিলোঁ যাতে পিতাইহঁত কুশলে উভতি আহে লগত যোগেনক লৈ। মোৰ প্ৰাৰ্থনা সফল হৈছিল। বহু উচপিচনি; দুচিন্তাৰ অন্ত পেলাই দুমাহ মান পিচত পিতাইহঁত উভতি আহিছিল। চুচুক চামাককৈ যোগেনো পিতাইৰ পিছে পিচে আহিছিল।
পিতাইয়ে যোগেনক বিচাৰি যোৱা কথাটো কাণ বাগৰি বাগৰি বহু দূৰলৈ বিয়পিছিল। সেয়ে যোগেন আহি পোৱাৰ পিচতেই যোগেনক চাবলৈ অনেক লোকে আমাৰ চোতালত ভিৰ কৰিছিলহি; যেন এখন সভাহে হৈছে। লাজ লাজ চাৱনিৰে যোগেন সকলোৰে সন্মুখত বেঞ্চ এখনত বহি আছিল। অনেক ভিৰৰ সুযোগ লৈ ময়ো যোগেনক প্ৰাণ ভৰি চাইছিলোঁ।
কিছুদিন পিচতেই পিতাইহঁতে বৰ ধুমধামেৰে আমাৰ বিয়াখন পাতি দিছিল। মই বৰ হেঁপাহেৰে যোগেনৰ ঘৰত প্ৰৱেশ কৰিছিলোঁ। যোগেন বৰ অজলা আছিল। মাক পিক নোহোৱাকৈ বৰপেটাত থাকি ডাঙৰ হোৱা বাবে তেখেতে কথা নাজানিছিল। পিচলৈ মই তেখেতক মোৰ মতে গঢ়ি লৈছিলোঁ। সংসাৰ ধৰ্ম বৰ সুন্দৰকৈ পালন কৰিছিল।”
ইমানবোৰ কথা একেলগে কৈ আইতাই হুমুনিয়াহ এটা এৰিলে। মই আইতাৰ ফালে চালোঁ। চকুযোৰ তেওঁৰ চলচলীয়া। বুজিলোঁ আইতা বৰ আৱেগিক হৈ পৰিছে। ককা ঢুকোৱা আজি ৫ বছৰেই হ'ল। আইতাই কিন্তু ককাক বুকুতে বান্ধি ৰাখিছে।
ⵓবাৰু আইতা ককাইনো বৰপেটাত কি কৰি আছিলগৈ?
ⵓতেখেতে কোৱামতে কাৰোবাৰ ঘৰত গৰু ৰখীয়া হৈ আছিল।
ⵓতোমাৰ কথা তেওঁৰ মনত আছিল নে?
ⵓও আছিল। তেখেতেও বোলে মোক বুকুত কঢ়িয়াই লৈ ফুৰিছিল। আমাৰ সময়ৰ প্ৰেম তহঁতৰ দৰে ঠুনুকা নাছিল ও। তেখেতে বৰপেটাৰ পৰা আহিবলৈ বহুত চেষ্টা কৰিছিল হেনো। কিন্তু মালিকে বুদ্ধি কৰি ৰাখি থৈছিল।
আইতাৰ কাহিনীয়ে মোক জোকাৰি থৈ গ'ল। ইমান গভীৰ আছিল আইতাহঁতৰ প্ৰেম। ইজনীয়ে সিজনৰ বাবে ৰৈ আছিল বছৰ বছৰ ধৰি। এয়াও জনা নাছিল যে ভালপোৱাজনক পাব নে নাই। অথচ মই কি কৰিছোঁ। সামান্য এটা কথাতে ঋতুক খং কৰি তেওঁক একো নোকোৱাকৈ ইয়ালৈ দৌৰি আহিছোঁ। কিমান কষ্ট পাইছে চাগে তেওঁ। মোৰ মনটো পাপবোধেৰে