পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪৫

নাকচ কৰিছিলোঁ ধনী দেউতাকৰ একমাত্ৰ ল’ৰা আছিল সি। জেদী, অবুজন, নষ্ট! ফাৰ্ষ্ট ইয়েৰৰ পৰীক্ষালৈ মাত্ৰ দুমাহ বাকী আছিল। কলেজ চুটীত ঘৰলৈ আহিবলৈ লওঁতেই আমাৰ ক্লাছৰুমত ওলাইছিলগৈ সি। লগত তাৰ চামচা কেইটাও চিঞৰ বাখৰ কৰি আহিছিল। আৰুণ্যাক নাপালে বোলে আজি পল্লৱে হাত কাটি জান দিব। সি থিয় দিছিলহি মোৰ সমুখত। এখন হাতত চুৰী কটাৰী লৈ আনখন হাতৰ সিৰা কাটিবলৈ। মোক সুধিছিল,

 : শেষ বাৰৰ বাবে সুধিছোঁ আৰুণ্যা, ভাল পোৱানে মোক?

 মই ভয়ত কঁপিছিলোঁ। মুক হৈ পৰিছিলোঁ।

 : মোক ভাল নোপোৱা আৰুণ্যা? তেন্তে ময়ো জীয়াই নাথাকোঁ। সি হাতখন কাটিবলৈ উদ্যত হ’ল। মই চুৰীখন তাৰ হাতৰ পৰা থপিয়াই দূৰলৈ দলিয়াই দিলোঁ।

 : তাৰমানে তুমি মোক ভালপোৱা আৰুণ্যা?

 মই একো বুজি পোৱা নাছিলোঁ কি হৈ আছে মোৰ লগত। সি আকৌ সুধিলে। মই মূৰ দুপিয়ালোঁ।

 : তেন্তে আই লাভ ইউ বুলি কোৱানা আৰুণ্যা। সি জোৰ কৰিবলৈ ধৰিলে।

 : আই লাভ ইউ। ভাটৌৰ দৰে বিৰবিৰালোঁ মাথো। তালৈ নোচোৱাকৈ।

 সি জঁপিয়াই উঠিছিল। লগৰবোৰক কৈছিল, “চা আৰুণ্যাই মোক আই লাভ ইউ ক’লে।” লগৰবোৰে কিৰিলিয়াইছিল। সি মোক হাতত ধৰি লৈ গৈছিল ক্লাছৰুমৰ পৰা। কলেজৰ বহিৰত ৰখাই থোৱা তাৰ এলট’ গাড়ীখনৰ ফ্ৰন্ট চিটত মোক বহোৱাই দিছিল। পিচৰ চিটত তাৰ চামচা তিনিটা। গাড়ীখন ষ্টাৰ্ট দি সি কৈছিল

 : আজিৰ পৰা তুমি মোৰ।

 গাড়ীখন সি মন্দিৰ এটাৰ সন্মুখত ৰাখিলেগৈ। গাড়ীৰ দুৱাৰখন খুলি দি মোক ক’লে আহাঁ।

 মই একো বুজি পোৱা নাছিলোঁ। চাবি দিয়া পুতলা এটাৰ দৰে তাৰ পিছে পিচে গ’লো। মন্দিৰত সি মোক সেন্দূৰ পিন্ধাই দিলে। পৃথিৱীখন ওলট পালট হৈ যোৱাৰ দৰে লাগিল মোৰ। হঠাৎ চেতনা ঘূৰাই পোৱা মানুহৰ দৰে মই তাক সুধিলো,

 : এইয়া আপুনি কি কৰিলে??

 : তোমাক একেবাৰে নিজৰ কৰি ল’লোঁ।

 মন্দিৰৰ মজিয়াতে ধমহকৈ বহি পৰিলোঁ আৰু চিঞৰি চিঞৰি কান্দিলোঁ৷ এইয়া কি হৈ গ’ল। মইতো এইবোৰ বিচৰা নাছিলোঁ।

 : কিয় কান্দিছা? তুমিয়েইতো কৈছিলা মোক ভাল পোৱা। মা দেউতালৈ ভয় লাগিছে? একো নহয় দিয়া। প্ৰথমতে খং কৰিব। পাছলৈ সব থিক হৈ যাব। আৰু মই আছোঁ নহয়। তোমাক বহুত মৰম কৰিম। সাৱতি লৈ কৈছিল মোক।

 বুজা নাছিলোঁ, কি হৈ আছে। মা দেউতাৰ মুখ কেইখন চকুৰ আগত ভাঁহি আছিল।

 সন্ধিয়া সি মোক তাৰ ঘৰলৈ লৈ গ’ল। প্ৰথমতে সকলোৱে খং কৰিছিল। বিৰোধ কৰিছিল। দেউতাকে তাক কৈছিল “এতিয়াই তাইক ঘৰত থৈ আহগৈ। ধেমালি পাইছ?“

 সি দোৰি গৈ সিহঁতৰ তিনিমহলীয়া ঘৰটোৰ চাদৰ ওপৰ পাইছিলগৈ আৰু তাৰ পৰা তললৈ জাপ দিম বুলি ধমকি দিলে। বহুত বুজোৱাৰ পাছতো সি মান্তি নোহোৱাত তাৰ ঘৰৰ মানুহে মোক গ্ৰহণ কৰিছিল।

 পিছদিনা দেউতা সিঁহতৰ ঘৰত উপস্থিত হৈছিলগৈ। তই আমাৰ বাবে মৰিলি , তোৰ মুখ জীৱনত আৰু কেতিয়াও নাচাওঁ বুলি কৈ দেউতা গুচি আহিছিল। মোৰ দেউতাক ক’বলৈ মন গৈছিল, “দেউতা মোক এৰি থৈ নাযাব, লৈ যাওক আপোনাৰ লগত!! “নোৱাৰিলোঁ ক’ব। মাতটো বুকুৰ ভিতৰতে ক’ৰবাত দবি থাকিল।

 মোৰ পৰীক্ষা শেষ নোহোৱালৈকে মই তাৰ মাকৰ ৰুমতে আছিলোঁ। সি কলেজ যাবলৈ এৰি দিছিল। দেউতাকৰ লগত ব্যৱসায়ত নামিছিল। পৰীক্ষা শেষ হোৱাৰ দুসপ্তাহমান পাছত আনুষ্ঠানিকভাৱে আমাৰ বিয়া পাতি দিছিল। খুউব মনত পৰিছিল সেইদিনা মা দেউতা আৰু ভন্টিলৈ। খুউব কান্দিছিলোঁ।

 ৰাতি আমাৰ দুইটাক প্ৰথমবাৰৰ বাবে একেলগে থাকিবলৈ দিছিল। ভিতৰি ভিতৰি ভয় লাগি আছিল। আমাৰ প্ৰথম

ৰাতি। আৰু সেই ৰাতিটোৱেই মোৰ জীৱনৰ গতি সলনি কৰি দিছিল। সি সোমাই আহিছিল ৰুমলৈ। মুখত মদৰ গোন্ধ। উবুৰি

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড