পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪৬


খাই পৰিছিলহি মোৰ গাত। যেন আজুৰি চিঙি খাই পেলাব মোৰ শৰীৰৰ মঙহবোৰ। বিষত কেঁকাই উঠিছিলোঁ। কিন্তু সি থমকি ৰোৱা নাছিল। বনৰীয়া ম’হৰ দৰে হৈ পৰিছিল। উগ্ৰ, অপ্ৰতিৰোধ্য। মোৰ ওপৰত তাৰ অধিকাৰ সাব্যস্ত কৰিছিল সি, তাৰ পৌৰুষত্ব প্ৰমাণ কৰিছিল। মৃত্যু হৈছিল মোৰ আত্মাটোৰ। চকুপানীবোৰ শুকাই গৈছিল। চাৰিওফালে কেৱল পিতনি দেখা পাইছিলোঁ।

(চাৰি)

 আঠমাহ। সম্পূৰ্ণ আঠমাহে, প্ৰতিদিন সেই অসুৰটোৰ পাশৱিক কামনাৰ বলি হৈছিলোঁ। আসুৰিক তৃপ্তি লাভ কৰিছিল সি, মোৰ বুকুত চিগাৰেটেৰে জ্বলাই চিন বহোৱাই, দাঁতেৰে কামুৰি চিন বহোৱাই। কৈছিল সেয়া বোলে তাৰ ষ্টাম্প। মৰমৰ ষ্টাম্প। মই তাৰ সম্পত্তি হোৱাৰ ষ্টাম্প?? মই যদি বাধা দিওঁ মোক চোঁচৰাই নি মূৰটো বেৰত যোঁজাই দিছিল। দিনে দিনে যেন তাৰ উগ্ৰতাৰ, পাশৱিকতাৰ সীমা চেৰাই গৈছিল। মোৰ কলেজ যোৱা বন্ধ কৰি দিছিল। কাৰো কথা নুশুনিছিল। মাক দেউতাকৰ লগত প্ৰায়েই কাজিয়াত লিপ্ত হৈছিল। মোক ঘৰৰ বাহিৰলৈ ওলাবলৈ নিদিছিল। দিনে দিনে মই এটা জীৱন্ত মৰা শ হৈ গৈ আছিলোঁ।

 এদিন দুপৰীয়া সি নথকাত তাৰ কবলৰ পৰা পলাই আহিছিলোঁ ঘৰলৈ। তাৰ মাকেই উদ্ধাৰ কৰিছিল মোক তাৰ অত্যাচাৰৰ পৰা। এটা সি আছিল যি মোক শৰীৰত আঘাতৰ ওপৰত আঘাত দি পৌৰুষত্বৰ প্ৰমাণ দিছিল আৰু এজন আছিল মোৰ মু!! আৰুণ্যা ৰৈ গ’ল। যেন কিবা মনত পেলাইছে। হয়তু তাই কোৱা “মু”ৰ কথা মনত পেলাইছে। তাইৰ মুখত ফুটি উঠা ক্ষীণ হাঁহিটো দেখি অনুমান কৰিব পাৰিলোঁ। হয়তু “মু’’ৰ লগত আৰুণ্যাৰ মধুৰ স্মৃতি জড়িত হৈ আছে।

 : জানে বাইদেউ, আমাৰ অফিচটো আৰম্ভ হোৱাৰ কেইদিনমান আগত মই বেৰত গজাল এটা লগাবলৈ লওঁতে হাততে হাতুৰিৰ কোব পৰিছিল। তেওঁ যে ইমান খং কৰিছিল আৰু কৈছিল

 “আৰো! কিনো ভাবি থাকা? মাৰি ল’লা নহয় নিজৰ হাততে। কোনে কৈছিল তোমাক হাতুৰি বটালি চুবলৈ। আমি আছোঁ নহয় এইবোৰ কৰিবলৈ।”

 তেওঁৰ সেই খঙত মোলৈ থকা মৰমখিনি দেখি পাইছিলোঁ। মৰম লাগি গৈছিল তেওঁলৈ। দুইখন হাতেৰে তেওঁৰ গাল দুখন টানি দিছিলোঁ। তেওঁ কৈছিল, “তুমি কষ্ট পালে ময়ো কষ্ট পাওঁ।”

 বাইদেউ যিজন মানুহে মোৰ সৰু আঘাত এটাতো কষ্ট পাইছিল, তেওঁ মনত কেনেকৈ দুখ দিব পাৰে? গোটেই জীৱন লগত থাকিম বুলি কথা দি কেনেকৈ আধা ৰাস্তাত এৰি থৈ যাব পাৰে? মানুহ তেনেকৈ সলনি হৈ যাব পাৰে নে বাইদেউ?

 আৰুণ্যাৰ মাতটো থুকাথুকি হৈ গৈছিল।

 : তেওঁ কোন আছিল আৰুণ্যা? আৰুণ্যাক সুধিলোঁ।

 চকুপানীখিনি মোহাৰি আৰুণ্যাই ক’লে,

 : মু! মেঘৰঞ্জন বৰুৱা। যি মোক জীৱলৈ শিকাইছিল। সপোন দেখিবলৈ শিকাইছিল।

 : ক’ত তেওঁ এতিয়া?

 : অসমৰ এজন বিখ্যাত উদ্যোগপতি উপকূল হাজৰিকাৰ নাম শুনিছে নহয় বাইদেউ? যি ৰাজনীতিতো সক্ৰিয়। তেওঁৰেই একমাত্ৰ জোঁৱায়েক মেঘৰঞ্জন বৰুৱা।

 : অহ সেইজন মেঘৰঞ্জনেই মানে.... তুমি কোৱা “মু’’...?

 : আপুনি চিনি পায় নেকি তেওঁক বাইদেউ? আৰুণ্যাই উৎসুক হৈ সুধিলে।

 : অঁ। তেওঁক এটা অনুষ্ঠানত লগ পাইছিলোঁ। বিশেষ কথা বতৰা একো হোৱা নাছিল পিছে!

 : কিন্তু তুমি তেওঁক কেনেকৈ লগ পালা?

 : আমি এটা অফিচ খুলিছিলো একেলগে। এম এণ্ড এ ৱেব চলিউচন্স।

 মোৰ মুখত আশ্চৰ্যৰ ভাব দেখি আৰুণ্যাই বুজি পাইছিল মোৰ দুমোজাৰ কথা।

 : অহ আপোনাক কোৱাই নহ’ল। ঘৰলৈ ঘূৰি অহাৰ পাছত দেউতাই পুনৰ কলেজত নাম লগাই দিছিল। কলেজ শেষ

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড