৩৪৪
: নাই ন’বহোঁ। তুমি আৰাম কৰা। তাইৰ কপালতে হাতখন ফুৰাই ক'লো।
: আপোনাৰ লগত কথা পাতিবলৈ মন গৈছে বাইদেউ। মোৰ হাতখন ধৰি তাই ক'লে। তাইৰ চকুযুৰিলৈ চালো। যেন বহুত কথা ক'বলৈ বিচাৰি আছে! মই মূৰ দুপিয়ালোঁ।
: বাইদেউ আপুনি বহক। ছাৰে মাতি পঠাইছিল মোক। মুন শুই আছিল বাবে যোৱা নাছিলো। মুন মই গৈ আহোঁ দেই পত্ কে। আৰুণ্যাৰ মাক ওলাই গ'ল।
: বাইদেউ!! আপোনাক কথা এটা কওঁ বেয়া পাব নেকি??
: কোৱা কি কথা।
: মই এনেকৈ শেষ হৈ যাব নিবিচাৰোঁ বাইদেউ। মোৰ দেখোন বহুত কাম কৰিবলৈ থাকি গ'ল। বহুত কথা ক'বলৈ থাকি গ'ল।
আৰুণ্যাৰ হাতখন খামুচি ধৰিলোঁ।
: মোক আপোনাৰ কাহিনী এটা কৰি জীয়াই ৰাখিব বাইদেউ??
আৰুণ্যই মোৰ মুখলৈ চালে।
তাইৰ দুচকুৰ তৰলখিনি দুগালেদি বৈ আহিছিল। তাইৰ চকুযুৰিয়ে যেন মোক মিনতি কৰিছিল আৰু কৈছিল, “মোক জীয়াই ৰাখক বাইদেউ, মোক জীয়াই ৰাখক”!!
মই মূৰ দুপিয়ালোঁ।
আৰুণ্যাই হাতযোৰ কৰিলে। তাইৰ হাত দুখন খামুচি ধৰিলোঁ।
: তেওঁৰ পৰাই প্ৰথম আপোনাৰ কিতাপ পঢ়িবলৈ লৈছিলোঁ। তেওঁও খুউব ভাল পাইছিল আপোনাৰ কিতাপ পঢ়ি...। হয়তো এতিয়াও পায়। খুউব প্ৰশংসা কৰিছিল আপোনাৰ। আমাৰ দুয়োৰে পচন্দ নাপচন্দবোৰ খুউব মিলিছিল বাইদেউ। তেওঁক লগ পাই লাগিছিল, যেন নিজকে বিচাৰি পালোঁ। জঁয় পৰি যোৱা আৰুণ্যাজনীক তেওঁ জীপাল কৰি তুলিছিল। হাঁহিবলৈ শিকাইছিল। সপোন দেখিবলৈ শিকাইছিল। আমি সপোন দেখিছিলো বাইদেউ। একেলগে উৰাৰ। আকাশখন চুই চোৱাৰ। কিন্তু সেই সপোনটোতেই আউল লাগিল। সেই সপোনটোৱেই তেওঁক মোৰ পৰা দূৰ কৰি লৈ গ'ল বাইদেউ। আজিও বুজি নাপালো বাইদেউ, কি হৈ গ'ল আৰু কিয়?? তেওঁক সুধিবলৈ মন গৈছিল,
সঁচাকৈ আছিলোঁ নে মই তোমাৰ সপোনবোৰত, নে সেই সপোন পূৰা কৰিবলৈ মই এডাল জখলামাত্ৰ আছিলো?? তোমাৰ সপোনবোৰত মোৰ সপোনবোৰ হয়তো অন্তৰ্ভুক্ত হোৱাই নাছিল। তোমাৰ সপোনবোৰতো মোৰ বাবে কোনো ঠাই নাছিল আৰু তোমাৰ জীৱনতো। নোৱাৰিলোঁ ক’ব বাইদেউ। থাকি গ'ল ক’বলৈ!! গুচি আহিছিলো তেওঁৰ জীৱনৰ পৰা চুপ চাপ। পিচে তেওঁকো দুখ নিদিওঁ। আছিলোতো মই এজনী পৰিত্যক্তাহে!!!
আৰুণ্যা এক ৰহস্য হৈ পৰিছিল মোৰ বাবে।
বহুত দেৰি একেৰাহে কথা কৈ থকাৰ বাবে তাই ফোঁপাইছিল। বিছনাৰ কাষৰ টেবুলখনৰ পৰা পানীৰ বটলটো আগবঢ়াই দি তাইক ক'লো,
: মই একো বুজা নাই আৰুণ্যা। তুমি কাৰ কথা কৈ আছা। সপোন, পৰিত্যক্তা...??
: অহ! মই আৰম্ভণিৰ পৰা কোৱাই নাই নহয় আপোনাক!! ছৰী। পানীৰ বটলটোৰ সাঁফৰ খন মাৰি তাই ক'লে। যৌৱনত ভৰি দিয়াই নাছিলোঁ ছাগৈ, প্ৰেম ভালপোৱা শব্দবোৰ তেতিয়াও কিতাপীয়েই হৈ আছিল। জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো কৰি পেলাইছিলোঁ বাইদেউ। মেট্ৰিক পাচ কৰি প্ৰথম কলেজলৈ যোৱা বছৰেই শেষ কৰি পেলাইছিলোঁ জীৱনটো এটা পিশাচৰ হাতত দি।
: পিশাচ??
: অঁ বাইদেউ। আমাৰ কলেজতে পঢ়িছিল। আমাতকৈ চাৰিবছৰ চিনিয়ৰ আছিল। মোক বোলে ভাল পাইছিল। আৰুণ্যাৰ চকুত ক্ষোভ দেখিলোঁ। আমাৰ বেট্ছটোৰ আটাইতকৈ ধুনীয়া ছোৱালীজনী বুলি কৈছিল মোক সকলোৱে। ফ্ৰেচাৰ্চত
নাচিছিলোঁ লগৰ ছোৱালীৰ লগত মঞ্চত। তেতিয়াৰ পৰাই মোৰ পিছত পৰিছিল সি। মোক প্ৰেমৰ প্ৰস্তাৱ দিছিল। মই পোনচাতেই
অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড