পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৪৩


বাইদেউ। মই তেওঁক পাহৰিব নিবিচাৰোঁ। তেওঁক পাহৰাতকৈ আগতে মৃত্যুৱে মোক আকোৱালি লোৱাতো বিচাৰোঁ বাইদেউ। তেওঁক পাহৰিব নিবিচাৰোঁ। আৰুণ্যা উচুপি উঠিল।

 নিজকে সাঁথৰৰ সাগৰ এখনত উটি বুৰি ফুৰাৰ দৰে লাগিল।

 : তুমি কি কৈছা আৰুণ্যা, আৰু কাৰ কথা কৈছা?

 চকুপানীখিনি মোহাৰি আৰুণাই মোৰ মুখলৈ চালে।

 এনেতে চিষ্টাৰ গৰাকী সোমাই আহিল।

 : ইয়’ৰ টাইম আপ। ডক্তৰ ইজ কামিং ইন ন’ টাইম ফৰ চেক্ আপ।

 : আহোঁ বাইদেউ। আপোনাক আমনি কৰিলো বেয়া নাপাব।

 : নাই নাই, ভাল লাগিল তোমাক লগ পাই। আকৌ লগ পাম।

 শুকান হাঁহি এটা মাৰি আৰুণ্যা ওলাই গ'ল। দুদোল্যমান পেণ্ডুলাম এটাৰ দৰে মোৰ মনতো আৰুণ্যাৰ কথাবোৰে দোলা দি থাকিল। তাইৰ লগত আৰু কথা পাতিবলৈ, তাইক জানিবলৈ মনটো অস্থিৰ হৈ পৰিল।

(তিনি)

 আৰুণ্যাৰ লগত চিনাকি হোৱাৰ তিনিদিন পাছত ভিজিটিং আৱাৰ্চত নাৰ্চ এগৰাকীক সুধি তাইৰ ৱাৰ্ড পালোগৈ।কৰিডৰেদি আহি থাকোতে এদিন আগত তাইৰ কেম’থেৰাপিৰ এটা চেছন হৈ গ'ল বুলি নাৰ্চগৰাকীয়ে ক'লে। আৰুণ্যাৰ ৱাৰ্ডলৈ সোমাই গ’লো। গাত পাতল কাপোৰ এখন লৈ তাই শুই আছিল। তাইৰ ওচৰত থিয় হ'লোগৈ। এনে লাগিল এই দুই তিনিদিনত তাই যেন আৰু বেছি দুৰ্বল হৈ পৰিল।

 মুনৰ ওচৰলৈ আহিছিল নেকি? পিচফালৰ পৰা কোনোবাই মাত লগালে।

 ঘূৰি চালো। “মই মুন মানে আৰুণ্যাৰ মাক”। নমস্কাৰ এটা দি মানুহগৰাকীয়ে ক'লে।

 মইয়ো প্ৰতিনমস্কাৰ জনাই ক'লো,

 : মোৰ নাম শ্ৰবিষ্ঠা ঋষিকেশ।

 : আপোনাক চিনি পাওঁ বাইদেউ। মুনৰ ওচৰত আপোনাৰ কিতাপ দেখিছোঁ। খুউব ভাল পায় তাই আপোনাক। সেইদিনা আপোনাক লগ কৰি আহি কৈছেহি যোৱাৰ আগমুহূৰ্তত হ'লেও আপোনাক পাই তাইৰ সপোন এটা পূৰা হ'ল। কথাখিনি কৈ মাকে চাদৰৰ আঁচলখেনৰে চকুলো টুকিলে।

 : মই তেওঁৰ বাউসিতে হাতখন দি সান্ত্বনা দিবলৈ চেষ্টা কৰিলোঁ। মুখেৰে ক'বলৈ যে একোৱেই নাছিল!!

 : বৰ কষ্ট পালে অ’মোৰ ছোৱালীজনীয়ে। দেহৰ কষ্টতকৈ মনৰ কষ্ট...৷ চকুপানীখিনি মোহাৰি পুনৰ কলৈ, ইমান চুটি জীৱনটো লৈ আহিছিল তাই!! যিমান কেইটা দিন থাকিলে? বুকুত এবোজা দুখ লৈয়ে....। তেওঁ উচুপি উঠিল। নিজকে খুউব দুখী দুখী লাগে বাইদেউ। কিয় তাইক নুবুজিলোঁ, কিয় দূৰ কৰি দিছিলো। তাই বাৰু কম কষ্টত আছিল নে?? তাইক কিয় বাৰু এবাৰ বুকুৰ মাজত সুমোৱাই নল'লোঁ?? তেওঁৰ কান্দোনত অনুশোচনাবোধ স্পষ্টকৈ ধৰিব পাৰিলো। চকুপানীখিনি মোহাৰি অলপ প্ৰকিতিস্থ হৈ তেওঁ ক'লে,

 : অ’হ আপোনাক বহিবলৈকে নিদিলোঁ। আৰুণ্যাৰ শিতানৰ ফালে থকা টুল এখন তেওঁ মোলৈ আগবঢ়াই দিলে।

 : নাই নালাগে দিয়ক। মই আহোঁ। আৰুণ্যাক চাবলৈ আহিছিলোঁ। শুৱক তাই। আপুনি বহক। ঘূৰি আহিবলৈ লওঁতে আৰুণ্যাই মাতিলে,

 : বাইদেউ!

 : অ’হ তুমি সাৰ পাই গ’লা।

 : সাৰ পায়েই আছিলো বাইদেউ। চকুকেইটা মেলিবলৈ মন যোৱা নাছিল। চেপা মাত এটাৰে আৰুণ্যাই ক'লে। চকুৰ কোণত তাইৰ পানী জমা হৈ আছিল। হয়তো মাকৰ কথাবোৰ শুনি ..।

 : বহক বাইদেউ। তাই পুনৰ ক'লে।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড