পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১২

ৰুক্মই ভাল পায় খায়। ৰুক্ম আহিব আহিব বুলি টোপনিত কলমতিয়াই থকা বিচিত্ৰাৰ কেতিয়া টোপনি আহিল তাই গমকেই নাপালে। যেতিয়া সাৰ পায় নিজান চৌপাশ।

 ৰুক্মই দেৰি হ'ব বুলি কোৱা নাছিল। বেলেগ কৰবালৈ যাম বুলিও কোৱা নাই। নে বাটে পথে ... মাজৰাতি বেয়া চিন্তাবোৰ মনলৈ নানো বুলিও আহিল বিচিত্ৰাৰ। দুদিনমান পিছে দেৰি হৈছিল আগতেও। খবৰ এটা নিদিয়াৰ বাবেই বিচিত্ৰা চিন্তা। উজাগৰী ৰাতি বৰ দীঘল।

 গা ধুই ভিতৰ সোমায়ে ৰুক্মক দেখি আস্বস্ত হ’ল বিচিত্ৰা।

 ⵓকালি নাহিলা যে। কিবা অসুবিধা?

 ⵓমাল বেছিকৈ আহিছে। জোখ মাখি লওঁতে দেৰি হোৱাত তাতে থাকিলো। তই চিন্তা কৰ বুলিয়ে পুৱাই আহিলো। মই আকৌ যাব লাগিব। পৰি ৰৈছিল কেৰাহীত আগদিনাৰ ভাত, দালি, উৰহী ভাজি। বিচিত্ৰাই ৰুক্মৰ খোজত কিবা এটা অস্থিৰতাৰ গোন্ধ নোপোৱা নহয় সেয়া ব্যৱসায়ভিত্তিক বুলিয়ে এৰি দিলে।

 ⵓআপুনি সঁচাই কৈছে নে জয় কাই?

 ⵓমই মিছা মাতি জানো কিবা লাভ হ'ব? তোমাৰ মানুহটোৰ সুমতি নহ'ল।

 ৰুক্ম জহন্নামে গ'লেও সেই নৰকৰ গলিলৈ নাযায় আৰু বিচিত্ৰা। নাযায় অধিকাৰ সাব্যস্ত কৰি বুকুৰ ঘাঁবোৰ বাৰে বাৰে খুচৰিবলৈ। ঠিকেই চৰিত্ৰ সলনিৰ ভাও দেখুৱাই বিচিত্ৰাৰ সন্মুখত ৰুক্মই পুনৰ বিশ্বাসঘাটকতা কৰিবলৈ লৈছে। সঘন আহযাহ ৰুক্মৰ পুনৰ সেই মহিলাৰ কাষলৈ। নিচা মদ নে সেই নাৰীৰ মঙহ।

“চোৰে নেৰে চোৰৰ পৰকতি
কুকুৰে নেৰে ছাঁই
যাৰ যি পৰকতি
মৰিলে লগত যায়”।

 ধৰা পৰিবলৈ লয় পুনৰ ৰুক্স বিচিত্ৰাৰ সন্মুখত। কিবা এটাই আকৌ চেপিবলৈ লয় বিচিত্ৰাৰ মন মগজু এফালৰপৰা। তাই বিষত থাকিব নোৱাৰি হাত দুখনৰে মূৰটো হেঁচা মাৰি ধৰে। তাই ভাগৰিল জীৱনৰ গতিপথত। ৰুক্ম নামৰ মানুহটোৰ সংস্পৰ্শত বিচিত্ৰাৰ জীৱনটো বাৰে বাৰে পানীত উপঙি থকা টুলুঙা নাও এখনৰ দৰে হ'বলৈ ধৰিলে। তাই আৰু একো নকয়। যদি ৰুক্ম তাইৰ কাষৰপৰা গুছি যাবগৈ খুজে সঁহাৰি জনাব তাই। তাই সিদ্ধান্তত উপনীত হৈছে। তাই এটা বাট কাটিব। সেই বাটে আগৱাব। ৰুক্মৰ মিছা মৰমত বিচিত্ৰা আৰু ভোল নাযায়।

 বাৰে বাৰে ব্যৱসায়ৰ অজুহাত দেখুৱাই বিচিত্ৰাৰ কাষৰপৰা যেন আঁতৰিব খুজিছে ৰুক্ম। মাজে মাজে বজাৰ সমাৰ কৰি দিয়াতেই যেন দায়িত্ব শেষ ৰুক্মৰ। গুদাম ঘৰতে সংলগ্ন এজনীয়া কোঠাটোত জানো ৰুক্ম। জানিবৰ মন নগ’লেও বুকুখন। কোঙা হয় তাইৰ। এই ঠাইত জয় কাই বিচিত্ৰাৰ শুভ চিন্তক। সঠিক খবৰে আনে জয় কায়ে।

 ⵓপচি মৰিব ৰ ই।

 ⵓনতুন সুখ বুটলি ৰুক্স সুখত থাকক জয় কাই। মই সিদ্ধান্ত এটা সোনকালেই লম জয়কাই। মোৰ কেওকিচু নথকা ঠাইখনত প্ৰয়োজনত আপুনি মোক সহায় কৰিব জয়কাই। কওক কৰিবনে?

 বিচিত্ৰাৰ চকুত পানী নাই। তথাপি জয়কায়ে অনুমান কৰে বুকুত বৈ থকা দুখৰ সোঁত।

 ⵓতুমি মোৰ ভনী।

 ককায়েকটোৱে যদি এবাৰ তাইক বিচাৰি আহিলেহেঁতেন!

 বিচিত্ৰাৰ প্ৰশ্নৰ মুখামুখি নহ'লে ভালেই পায় ৰুক্মই। দিনটোৰ কোনোবা এপাকত বিচিত্ৰাক এবাৰ দেখা দিয়েহি সি। বুকুত জীয়া যাতনা লৈয়ো হাঁহি উঠি যায় বিচিত্ৰাৰ। ৰুক্স যেন বহুৱাহে। নাৰী সহনশীল হ'ব পাৰে যুদ্ধ কৰিবলৈ নিজক প্ৰস্তুত কৰিব জানে। কপালত যি আছে হ’ব সেই ভাৱি আৰু সময় নষ্ট নকৰে বিচিত্ৰাই। তাই মৰিব নোৱাৰে। তাইৰ বুকুৰ মঙহ ধানিক লগ নোপোৱাকৈ তাই পৃথিৱী নেৰে। মালিকৰ ঘৰৰ অব্যৱহিত কাপোৰ চিলোৱা মেচিনটো তাইক কেতিয়াবাই লৈ আহিবলৈ কৈছিল। তাইহে কিনো কৰিম ভাৱত কথাটো তল পেলাই থৈছিল। আছে সেই বিদ্যা তাইৰ হাতত। জয় কাইৰ লগত প্ৰয়োজনীয়