পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৩

সামগ্ৰী অলপ কিনিবলৈ দূপৰীয়াই ওলাই গ'ল বিচিত্ৰা। সকলোবোৰ কিনি ৰিক্সা এখন বিচাৰিলে তাই। যাত্ৰী নমা ৰিক্সাখনৰ কাষ চাপি আশ্চৰ্য্যত চকু বহল হৈ গ'ল তাইৰ......

 ⵓবিচিত্ৰা.......ত......ই...

 ⵓককাইদেউ....

 কঁপিছে বিচিত্ৰা। চকুৰপৰা ধাৰাসাৰে পানী নিগৰিছে। মূৰটো কথমপি দাঙি থিয় দি আছে তাই। বাস্তৱ হয়নে? বয়সে গৰকিছে ককায়েকক। তথাপি সুঠাম শৰীৰ।

 বাউলি হৈ খবৰবোৰ সুধিছিল তাই ককায়েকক। ভনীয়েকৰ প্ৰতি ঘৃণা থুপ খাই থাকিলেও তাইক দেও দি গুছি যাবগৈ পৰা নাছিল তেওঁ। ফুলৰ তুলনি বিয়াত কণে বিচিত্ৰাৰ ককায়েকক পদূলিলৈ সোমাবলৈ নিদিয়া কথাটো শুনি ৰৈ ৰৈ কান্দিলে তাই।

 ক'ব পৰা নাছিল বিচিত্ৰাই ককায়েকক তাইৰ এইখন সংসাৰৰ আউলবোৰ। ৰুক্মৰ মুখ নাচাওঁ বুলিয়ে খৰখেদাকৈ সেই ঘৰৰপৰা বাহিৰ হৈছিল ককায়েক।

 ⵓথাক ইয়াতেই যেনেকৈ আছ। সকলো ঠিকে আছে। পুৰণি ঘাঁবোৰ উকটিবলৈ গাঁৱৰফালে আৰু মূৰ নকৰিবি। মোৰ মন গ'লে তোক মই চাই যামহি।

 ⵓককাইদেউ মই প্ৰায়শ্চিত হ'ম। গাঁৱৰ জ্ঞাতিয়ে মোৰ চুলি খুৰাই পেলাওক। মই তেনেকৈ থাকিম। মোক ঘৰলৈ লৈ যা ককাইদেউ।

 যদি সুখী তেনেকৈ কণ আৰু ফুল কোনোদিনে গাঁৱলৈ যোৱাৰ হাবিয়াস নকৰে বিচিত্ৰাই। ককায়েকক লগ পোৱাৰ পিছতে জীৱনৰ প্ৰতি সামান্য মোহ হ’ল বিচিত্ৰাৰ। তাইৰ তেজ মঙহৰ আপোন মানুহ ককায়েকটোৰ বুকুত সোমাই যে কান্দিলে বুকুখন বহুখিনি পাতল হ'ল তাইৰ। ফুল সাইলাখ বোলে তাইৰ দৰেই হৈছে। তাতকৈ কি লাগে তাইক? দূৰে দূৰে ভাগিনীয়েকৰ খবৰ ৰাখে ককায়েকে। কৰক তাইক সকলোৱে মৰম কৰক। অভং কণটো বৰ ঠাণ্ডা বোলে আজিকালি। অকৰা খঙটো নাই। প্ৰভুৱে সুমতি দিয়ক কণক।

 ৰুক্ম সেইদিনাও অহা নাছিল। ভালেই পালে বিচিত্ৰাই। খবৰবোৰে তাইক চুই চুই যেন নিচুকাইছে। টোপনি গ'লগৈ তাই।

 ৰুক্মৰ প্ৰশ্নৰ উত্তৰ তাৰ মুখলৈ নোচোৱাকৈয়ে দিলে বিচিত্ৰাই। আমনি লাগে কোঠাত সোমাই সোমাই সেয়ে এই কামবোৰ চপাই লৈছে তাই। বাৰাণ্ডাখনতে মেচিনটো টেবুল এখনত থৈ ভালকে মচি মেলি ল'লে। বহু বছৰ অভ্যাস নাথাকিলেও আয়ত্তত আছে। লাভলিৰ মাকৰ কাপোৰে আৰম্ভ কৰি দিলে তাই। জোৰকৈ তেওঁ গুজি দিয়া ষাঠি টকাটো বিচিত্ৰাই কাপোৰৰ ভাঁজত ভৰাই থলেগৈ। এই ষাঠি টকাৰেপৰা তাই শিকিব লাগিব অকলে যুঁজিবলৈ।

 জয় কাইৰ মুখত সেই বাৰ্তা পাই যেন হো হোৱাই হাঁহিব বিচিত্ৰাই। ৰুক্স পিতৃসম্ভৱা। তাইৰ যে হাঁহি উঠিছে তাই সুখী হৈছে নেকি? নে বিষাদ ঢাকিবলৈ এই অভিনয়। নিজৰ ভনীতকৈ কম নহয় তাই জয় কাইৰ বাবে। ভাবিছিল তেওঁ বিচিত্ৰা কান্দি কাটি বাউলিজনী হ'ব। নাই, ঠিকে আছে বিচিত্ৰা। সেই খবৰে বিচিত্ৰাক আৰু বিচলিত নকৰে। “এই মানুহজনীক শক্তি দিয়া ভগৱান।” জয় কাইৰ প্ৰাৰ্থনা এয়াই।

 যিমানেই অভিনয় বাঢ়ে ৰুক্মৰ সিমানেই ধৈৰ্য ধৰে বিচিত্ৰাই। নকয় তাই “খহি পৰিল কেতিয়াবাই তোৰ মুখা ৰুক্স। তই যাবগৈ পাৰ তই ভবাধৰণে জীয়াই থাকিবলৈ। তোক মোৰ অন্তৰৰ পৰা উলিয়াই দিলো কেতিয়াবাই।” ব্যস্ততা দেখুৱাই ৰুক্মই। খৰখেদা নকৰে বিচিত্ৰাই। দৌৰাদৌৰিকে হাতত তুলি নিদিয়ে চাহ কাপ। যতনাই নথয় সি আহি খাবহি বুলি তাৰ প্ৰিয় কিবা এটা। এই কথাবোৰ পুৰণি হ'বলৈ ধৰিব। জানে তাই সোনকালেই সেই দিন আহিব। বুজিছে ৰুক্মই আগৰদৰেই তাইৰ খুঁত উলিয়াবলৈ চেষ্টা কৰিছে। নিমাত বিচিত্ৰা। ব্যস্ত হৈ পৰে মেচিনটোৰ সৈতে। বাৰে বাৰে বিচিত্ৰাক মাতি মাত নোপোৱা ৰুক্মই চিঞৰি উঠিল...

 ⵓনাজান নেকি এফালৰপৰা আহিলে খাবলৈ কিবা এটা যতনাই থব লাগে বুলি।

 ⵓতুমি ৰোৱা। মই যোগাৰ কৰি দিওঁ।