কি দিব বিচিত্ৰাই? কেতিয়াবা বিস্কুট, ৰুটী এখন,চানা অকণ বাটিটোত তুলি দিয়ে তাই। চিকুটি চিকুটি খাব সি বিচিত্ৰা কাষতে। শিশুবোৰ এনেকুৱাই। ঘৰত উভৈনদী হৈ থাকিলেও আনৰ পাতৰটোহে সোৱাদ। আথেবেথে দাঙি চুনুক বিছনাতে বহোৱাই দিয়ে বিচিত্ৰাই।
: বৰমা, বেলেগ বৰমাৰ মোৰ লগত খেলিবলৈ দাদা থাকে। বা থাকে। তোমালোকৰ নাই কিয়?
পাঁচবছৰীয়া চুনুৰ কথাই পুনৰ এপাত শেল বহোৱায় বুকুত। বোবা হৈ ৰয় তাই।
: কোৱানা বৰমা। কোৱানা।
কি দোষ চুনুৰ? সিটো নিস্পাপ শিশু। সিটো নাজানে তাইৰ ইতিহাস। জানিলেও জানো বুজিব পৰা শক্তি আছে?
চুনুক কি ক’ব তাই? অন্ততঃ চুনুক তাই মিছা কথা ক’ব নোৱাৰে।
: আছে চুনু। এজনী বা আছে তোমাৰ বৰমাৰ। বাজনীৰ পৰা বৰমা বহুত দূৰৈত থাকে। বহুত দূৰৈত। বৰমাকৰ স্বগতোক্তি ৰ দৰে কথাবোৰত চুনুৱে কিবা বুজিছিলনে নাই নাজানে। চুনুৱে মাকক কৈছিলগৈ...
: মা, বৰমাই আজি বাৰ সাধু ক’লে।
এৰা....সাধু.....
বিস্কুট টেমাটো খালী। ৰুক্মই বিস্কুট নাখায় বাবে সেই সময়ত কথাটো মনত নপৰিল বিচিত্ৰাৰ। আজি চাহকাপ খায়ে ওলাই গৈছে ৰুক্ম। চেহ্ তাইৰ বাৰু নহ’লেও হ’ব। চুনুৱে বিচাৰিলেহে নাই বুলি ক’বলৈ বেয়া লাগিব। কাপোৰ এসোপা উলিয়াই দমকলৰ পাৰতে ধূবলৈ ধৰিলে বিচিত্ৰাই। পুৱা উঠিয়ে চুনুৰ আমনি। বিচৰাটো নাপালেই জেদ কৰা হৈছে সি। তাৰ দেউতাকে কি কৰে নাজানে তাই। পুৱা ৰুক্ম ওলাই যোৱাৰ সময়তে যায়। দিনটো চুনুক ফুচুলাই বিচিত্ৰাই লগত ৰাখিলে মাকে বহুখিনি সকাহ পায়। তাইৰ বেলেগ কাম নাই। কাপোৰখিনি দেৰিকৈ ধূলেও হ'ব। পিছবেলালৈকে চোতালখনত ৰ’দ থাকে। বিচিত্ৰাই চাবোন টুকুৰা হাতেৰে ফেনাই দুয়োহাত জপতিয়াই লাহেকৈ সুৰুঙা এটা কৰি ফুৱাই দেখুৱায় চুনুক।
: ইয়ে বেলুন বেলুন...
বিচিত্ৰায় বাৰে বাৰে ফুঁৱায়। বতাহত অকণমান গৈয়ে ফুটি যায় চাবোনৰ ফেনৰ বেলুন।
: আৰু বনোৱা বৰমা...আৰু বনোৱা......
এবেলা তেনেকৈয়ে পাৰ হ’ল বিচিত্ৰাৰ। আবেলিৰ ফালে ফেৰফেৰীয়া বতাহজাকে গাটো জিকাৰ খোৱায়হি মাজে মাজে। অক্টোবৰ মাহৰ প্ৰথম সপ্তাহ। পাতল স্কাৰ্ফ এখন লৈ বিচিত্ৰাই এনেই খোজ কাঢ়ি থাকে চোতালখনতে। লাভলি নাইবা চুনু কোনো অহা নাই বাহিৰলৈ। চুনু হয়তো শুইছে। লাভলিয়ে বা কি কৰিছে? এবাৰ যাব নেকি? ইহঁত দুটাক এই সময়ত নেদেখিলে মনটো ভাল নালাগে। নাই থাকক। পঢ়ি থাকিবও পাৰে তাই। এইবাৰ তাই মেট্ৰিক দিব। কথাই কথাই লাভলিৰ মাকে কয় বছৰটো গুৰুত্বপূৰ্ণ। দুই তিনিটা টিউচন ঘৰতে তাইৰ। বিচিত্ৰাৰ আঙুলিৰ হিচাপত ফুলেও মেট্ৰিক দিব এইবাৰ। তাই বা ভালকৈ পঢ়িছেনে নাই? তাই থকা হ’লে গাখীৰ এগিলাচ, কল এটা পঢ়াৰ মাজে মাজে যাচিলেহেঁতেন। সৰুতে ফুলক গাখীৰ খাবলৈ দিলে তাই মাক বাপেকৰ লগত চাহ খাবলৈহে জেদ কৰিছিল। কণে বুদ্ধি পাঙে। কাপটোত ফুলে নেদেখাকৈ গাখীৰ লৈ তাৰ কাপটোৰ পৰা তাইক দেখুৱাই চাহ অকণ বাকি দিয়ে। হাঁহি দিয়ে ফুলে। ঘৰত গাখীৰ দিয়া গাইজনী আছে বা নাই? তাইৰ অসুবিধাত কণৰ গাখীৰ খীৰোৱাৰ অভ্যাস নথকা নহয়। সি বা মন দিছে নাই কথাটোত। লাভলিক মাকে গাখীৰ গিলাচ খুৱাবলৈ কিমান যে কি কৰিবলগা হয়! ফুলে কিজানি সাউৎকৈ খাই পেলালেহেঁতেন! এবাৰ চৰকাৰী সূতা পোৱাৰ লিষ্টত বিচিত্ৰাৰ নাম থকাত ফুলক খুৰীয়েকৰ লগত থৈ সূতা আনিবলৈ গৈছিল বিচিত্ৰা। ঘূৰি আহি দেখিছিলহি ফুলে নঙলামুখতে বহি মাকলৈ অপেক্ষা কৰি ফেকুৰি আছে। কণেও দবিয়ালেহি কিহৰ অভাৱত চৰকাৰী সূতা বিচাৰি গৈছিলি বুলি। পিচে সেই সূতাৰে বোৱা লুঙীকেইখন কণে পিন্ধি ভাল পায়।
অগ-গুৰি নোহোৱা আবোল তাবোল কথাবোৰ মনলৈ আহি বিচিত্ৰাক বাৰে বাৰে জোকাই থাকেহি। আপদীয়া মন। লেকাম লগাব নোৱাৰি। চিন্তাৰ আদি অন্ত নাই। বহু দেৰি চোতালখনত পায়চাৰি কৰি আছিল চাগে তাই। অত ত’ত বিজুলী বাতিবোৰ জ্বলি উঠিছে। চুনুৱে চাগে আজি মাকক দিগদাৰী দিয়া নাই। নহ’লে মাকে বাহিৰলৈ আনিলেহেঁতেন।
দালিতে অমিতা টুকুৰা টুকুৰকৈ কাটি সিজিবলৈ দিলে বিচিত্ৰাই। উৰহীৰ সী এৰুৱাই থলে। গোটে গোটে ভাজিলে