পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৮

এখন ধৰি কাষ চপাই আনিছিল তাইক..

 : মোৰ ভুল হৈছে। মই এনে নকৰো আৰু। দিনটো কাম কৰি ভাগৰি পৰো। গাৰ বিষ মাৰিবলৈকে মদ খাওঁ। কেতিয়াবা বেছি হৈ যায়। উঠিব নোৱাৰো। সেয়ে থাকি যাওঁ। তই খং কৰি নাথাকিবি। বেছিকৈ দুখ পালি নেকি কালি? মই তোৰ গাত হাত উঠাই ভুল কৰিছো।

 কন্দা নাই বিচিত্ৰাই। ৰুক্মৰ কথাত ভোল যোৱা নাই। ৰুক্মৰ এয়া অনুশোচনা নে নতুন বুদ্ধিৰ ফন্দি সেয়াই তাই জানিবলৈ চেষ্টা কৰা নাই।

 : আজি নাযাওঁ কামলৈ। আজি দিনটো আমি কথা পাতিম। ভুলবোৰ আঁতৰাম। দুয়ো দূপৰীয়া একেলগে ভাত খাম।

 মদৰ নিচাত নাথাকিলে দিনৰ পোহৰত মানুহ ইমান সলনি হ’ব পাৰেনে?

 : দুয়ো দুখন ঘৰ এৰি ইয়াত ঘৰ পাতিলোহি। তোক কিয় গুছি যাবলৈ দিম মই? তই জান তোক পলুৱাই আনিবলৈ কিমান হেঁপাহ কৰি আছিলো মই। মোৰো বেয়া লাগে তই নিজৰ কথাবোৰেই কৈ থাকিলে। মোৰো মন যায় তই কেৱল মোৰ হৈ থাক। মোৰ সন্তান ধাৰণ কৰ। সদায় ভাবো কাজিয়া নকৰো। মদটোপা খালেই খেলিমেলি হৈ যায় সকলো। তই ঠিকেই দেখিছিলি সেইদিনা। তাইৰ ওচৰলৈকে যাওঁ মই। মদ খাওঁ ডিঙিৰ গুৰিলৈকে। পৰি থাকো তাইৰ ভৰিত। তাই মোক মৰম দিয়ে। তাত সংসাৰৰ বোজা নাইবা চিন্তা একো নাথাকে।

 ৰুক্মৰ সৰল স্বীকাৰোক্তি। থিয় দি আছে বিচিত্ৰা। কিমান বিশ্বাস আছে ৰুক্মৰ কথাত? তাইৰ সন্মুখত ইমান সহজেই স্বীকাৰ কৰিলেনে সি নিজৰ ভুল? দিনে দিনে বিচিত্ৰাৰ হাড় চোবাই অৰ্ধমৃত কৰি ৰুক্মই বুজি পাইছে নেকি নিজৰ ভুল? বহুদিন চোৱা নাই ৰুক্মৰ মুখলৈ তাই পোনপটীয়াকৈ। বিছনাখনতে বহি থিয় দি থকা বিচিত্ৰাৰ কঁকালটোত দুহাতেৰে মেৰিয়াই মূৰটো বিচিত্ৰাৰ বুকুত থৈ ৰুক্মই কৈ গৈছে কথাবোৰ। বিচিত্ৰাই জোৰ কৰিও যেন ওলাই আহিব পৰা নাই। টুক কৈ বুকুত চুইছেগৈ ৰুক্মৰ প্ৰতিটো কথাই। গলিবলৈ ধৰিছে তাই। খং, ঘৃণাবোৰ আঁতৰিছে নেকি? ৰুক্মই বাৰে বাৰে অত্যাচাৰ কৰি যোৱাৰ পিছতো সামান্য সলনিতে তায়ো সলনি হ’বলৈ লৈছে নেকি?

 হয়, আছে ভুল বিচিত্ৰাৰো। কিন্তু ৰুক্মই কৰা ভুল তাই কৰা নাই। ৰুক্মই বাৰে বাৰে কথাৰে শেল বহোৱায় তাইৰ বুকুত। সেই কথাৰ উমান নোলোৱাৰ বাবেই ৰুক্মলৈ তাই খং আৰু অভিমান সামৰে।

 তাই নাৰী। সময়ত শিলতকৈ কঠোৰ আৰু ফুলতকৈ কোমল হৈ পৰা নাৰীৰ সহজাত গুণ। তাই দেখোন লেওসেও হ’বলৈ ধৰিছে। ৰুক্মই বিৰবিৰাইছে। উচুপিছে। জঠৰ হৈ থিয় দি থকা বিচিত্ৰাই দুয়োহাতে ৰুক্মৰ মূৰটো নিজৰ বুকুত হেঁচা মাৰি ধৰিলে।

 ৰুক্মৰ লগত প্ৰথম বাহিৰলৈ গৈছে বিচিত্ৰা এনেকৈ। সেন্দুৰৰ দীঘল ৰেখা, গলধনত পেলাই লোৱা খোপা, কমলাৰঙী ব্লাউজ আৰু একে ৰঙৰ পাৰীৰ কপাহী কাপোৰযোৰ ৰুক্মই সিহঁত দুটাই একেলগে থাকিবলৈ লোৱাৰ প্ৰথমদিনা আনি দিছিল। ভাঁজে ভাঁজেই আছে কাপোৰযোৰ। কেইবাসাজো কাপোৰ আছে তেনেকৈ পৰি। বিয়াই সবাই গ’লেহে সাজে সাজে কাপোৰ লাগে। ইয়াতনো তাই যায় কলৈ? ৰুক্মই আজি জোৰকৰি তাইক লৈ আহিছে। ৰুক্মই মাজে সময়ে পঞ্চাশ,এশ টকা দিছিল তাইক। নুৰা এটা হৈছে। তাৰে অলপ ৰুমাল এখনৰ আগটোত বান্ধি ল’লে। ৰিক্সা এখনত উঠি দুয়ো মূল চহৰৰ বজাৰত উঠিলগৈ। দুই এটা বজাৰ ৰুক্মৰ ইচ্ছা পছন্দ কৰি পেলালে বিচিত্ৰাই। ৰুক্মই দৰদাম কৰি থাকোতেই সংলগ্ন মণিহাৰী দোকানখনৰপৰা বিচিত্ৰাই খাৰু,মণি,চুলিত লগোৱা ৰবৰ দুডালমান কিনি পেলালে লাভলিলৈ। মাখিলৈ বৰ ঘিন বিচিত্ৰাৰ। মুকলি হোটেলখনত মিঠাই থোৱা পাত্ৰবোৰ মুকলি। তথাপি মানুহে খাই আছে। বাচনৰ একেখিনি পানীতে ধুই মোহাৰি মানুহৰ সন্মুখতে সেই থালত পৰঠা,ঘুগুনি দি আছে তালৈ কোনো চাওঁতা নাই। এৰা, ভোক সাংঘাতিক বেয়া অনুভৱ। ভোক নুগুচালৈকে আন কথা চিন্তা কৰিবলৈ নিদিয়ে পেটটোৱে। ৰাতিপুৱা নোখোৱা নোবোৱাকৈয়ে ওলাইছে দুয়ো। দুয়োৰে পেট দুটাই যেন হোটেলখনৰ সন্মুখ পাই কলমলাবলৈ ধৰিলে। বেয়া নালাগিল বিচিত্ৰাৰ। সদায় নিজে যি মন যায় ৰান্ধি খোৱা বিচিত্ৰা আৰু ৰুক্মই বিলাহীৰে সৈতে ৰন্ধা ভাঙোন মাছ, ডালি,পটল আৰু আলুৰ তৰকাৰী,ভজা পাপৰ আৰু চাটনিৰে পৰম তৃপ্তিৰে ভাত খালে। গাঁৱৰ বিয়াই সবাহে যে ভজা চফ খুজি খুজি খাইছিল বিচিত্ৰাই। মুখলৈ আহি থকা ধুনীয়া গোন্ধটো বৰ ভাল পায় তাই।

ৰুক্মই ভাতৰ পইচা দি থাকোতে তাই প্লেটখনৰপৰা তিনিবাৰমান চফ সোঁহাতেৰে তুলি বাওঁহাতলৈ আনিলে। হলং হলংকৈ

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড