পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৭

হ’ব৷

 চোঁচোৰাই জয়ে কোনোমতে বিচিত্ৰাক ৰিক্সা এখনত তুলিলেহি..

 “মতা এৰি থৈ অহা। পেটৰ পোৱালি এৰি থৈ অহা..বেশ্যা...’’

 শব্দবোৰ বহু দূৰলৈ তাইৰ কাণত উফৰি উফৰি পৰিলহি। ভিতৰ সোমাই হাওহাওকৈ কান্দিবলৈ ধৰিলে বিচিত্ৰাই।

 এইটো ৰুক্মৰ চকুত তাই ভালপোৱা দেখিছিল? এইটো ৰুক্মক পাবলৈ কণ আৰু ফুলৰ স’তে তাই সম্পৰ্ক চিঙিছিল? তই নিষ্ঠুৰ ৰুক্ম। তই মোৰ লগত কিয় এনেকুৱা কৰিলি? কিয়?

 বিচিত্ৰাক ঠেলামাৰি দিলে ৰুক্মই৷

 : হাৰামী তই গুণ্ডাগিৰি কৰিবলৈ আহিছ ইয়াত? মই ক’ত থাকো মোৰ কথা। তোৰ কি দৰকাৰ মোক অলিয়ে গলিয়ে বিচাৰি ফুৰিবলৈ?

 : তোৰ ওপৰত মোৰ অধিকাৰ আছে। (তইলৈ নামিছিল সম্বোধন)

 : অধিকাৰ? কিহৰ? তোৰ প্ৰতি মোৰ কোনোধৰণৰ অনুকম্পা নোহোৱা হৈ আহিছে। এসাঁজ খুৱাই যে আছো তাতে শান্তিত থাক।

 পকী খুটাটোত নিজৰ মূৰটো মাৰি দিলে বিচিত্ৰাই।

 : তোক মই উপাৰ্জন কৰি দিব লাগে নেকি হাঁ? মোৰ জীৱনটো শেষ কৰিলি। মোৰ মঙহ চেলেকি হেঁপাহ নপলাল তোৰ? কাৰ মাইকীক চেলেকিবলৈ গৈছ এইবাৰ?

 : যাম। যিমানে তই বাধা দিয় সিমানেই যাম। শুম মোৰ যাৰ লগত মন যায় তাইৰে লগত শুম। তোৰ দৰে হাৰামী মাইকীবোৰ আঙুলিৰে নচুৱাম।

 ৰুক্ম হয়নে এয়া?

 : মই তোৰ জীৱন ধ্বংস কৰিলোনে তই মোৰ জীৱন ধ্বংস কৰিলি? শেষ হৈ গ’লো মই। যা, যা। গুছি যা। মোক পচি মৰিবলৈ দে। মোৰ মাইকী মঙহৰ ভোক লাগিছে। খাই খাই মোক বমি কৰিবলৈ দে.......

 মাটিতে কাপোৰ এখন পাৰি শুই পৰিছিল বিচিত্ৰা। গোটেই ৰাতি দুচকুৰ পতা খোলা। তাইৰ খংক্ষোভ, ঘৃণা সকলোবোৰ থুপ খাইছেহি ৰুক্মৰ মুখত। তাৰ তাচ্ছিল্যভৰা কথাবোৰে বিচিত্ৰাক থকা-সৰকা কৰাৰ পিছতো তাই গুছি যাবগৈ পৰা নাই সেই মুহূৰ্তত। তাই যাব ক’লৈ? ৰুক্মই তাৰ কাষত থকাৰ একোৱে অধিকাৰ নাই বুলি কোৱাৰ পিছতো তাৰ ভৰি পথানিত তাই পৰি আছে। তাই মৰিবলৈ সাহসী নহয় বুলি কোৱাৰ পিছতো তাই দৌৰি ৰেল লাইনৰ আগত পৰি দিবগৈ পৰা নাই। সকলো শেষ হৈ গৈছে। সকলো। যি বা অৱশিষ্ট আছিল সিয়ো। তথাপি তাই উশাহ লৈ আছে। মৰিছে ভিতৰি তাই কোন কাহানিবাই। জীৱন্ত ফঁচিল হৈ আছে মাথোন। আজি সেই শুকান হাড়কেইডালো ৰুক্মই ৰেপিছে। কণে মাৰি পেলালেও পেলাওক এবাৰ ঘৰখনত ভৰি থবগৈ নেকি নভৱা নহয় তাই। ককায়েকটোৰ ভৰিতে পৰিবগৈ নেকি নভৱা নহয়। বহুবাৰ ভাবি যাবগৈ নোৱাৰিলে তাই। গাওঁখনত তাই পাপৰ বোজা। তাই গাঁৱত যাৰ ঘৰত প্ৰৱেশ কৰিব সেই ঘৰেই এঘৰীয়া হ’ব। তাইৰ হাতে কেচা পানীও নাখায় মানুহে। উফ ডিঙিটো শুকাই আহে তাইৰ। এই সকলোবোৰৰ সন্মুখীন হৈয়ো তাই এবাৰ ফুলক চাবলৈ গ’লহেঁতেন। মৰিলেও অন্তত শান্তিত মৰিব পাৰিলেহেঁতেন। যেতিয়া ৰুক্ম টোপনি যোৱাৰ পিছত এই কথাবোৰ আহে শেষত তাৰ মুখখনলৈ চাই পুনৰাই দিনবোৰত অভ্যস্ত হ’বলৈ সাজু হৈছিল তাই। ৰুক্মক যদি তাই এৰি যায়গৈ তাৰ কি হ’ব? আজি সকলো পৰিষ্কাৰ। ৰুক্মক তাই এৰি গুছি গ’লে তাৰ একো নহয়। সৰল সমিধান। ৰুক্মৰ জীৱনে মোৰ সলাইছে। ৰুক্মই পুনৰ হাঁহিবলৈ শিকিছে। নিজৰ ইচ্ছত জীৱনক সজাবলৈ সি সাজু হৈছে। ফঁহিয়াই দেখুৱাইছে ৰুক্মই তাইক বিচিত্ৰা তাৰ কোনো নহয়।

 সিদ্ধান্ত লৈ পেলাইছে বিচিত্ৰাই। তাই গুছি যাবগৈ। কলৈ যাব নাজানে। ৰুক্ম থকা ঠাইখিনিৰপৰা তাই গুছি যাবগৈ। কণ আৰু ফুলে কিজানি তাই নোহোৱাকৈয়ে সুখী। সিহঁতক আৰু তাই আমনি নকৰেগৈ। এটাই আশা কোনোদিনা ফুলক তাই দেখিবলৈ পাব। তাৰপিছত একোৱে আশা নাই তাইৰ।

 তাইৰ বুকুখন সাংঘাতিকভাৱে অশান্ত অথচ পুৱাটো শান্ত হৈ থিয় হ’লহি। আগদিনা যেন একোৱে ঘটানাই তেনেভাৱতে

ৰুক্মই মাত দিলে বিচিত্ৰাক। কৰবাত তাৰ বুকুখন বিষাইছিল যদিও বিচিত্ৰাই নাজানে বাহিৰলৈ ওলাই যাব খোজা বিচিত্ৰাৰ হাত

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড