পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮৪

আজি মােৰ স্বামীৰ বিয়া

তন্দ্রালী মূৰ্ছনা

আজি মােৰ স্বামীৰ বিয়া
 আয়তি উৰুলি দিয়া
মােৰ কপালৰ ৰঙা বেলিটো কাঢ়ি তাইৰ কঁ‌পালত পিন্ধাই দিলে
মােৰ বাবে থকা সেউজীয়াখিনি গচকি তাইৰ বাবে সেউজ ৰুলে
ঈশ্বৰৰ আশীর্বাদ লৈ ওৰে জীৱন লগ দিম বুলি কোৱা কথা সাঁথৰ হ’ল
বিশ্বাসৰ ৰেণুবােৰ আঁকি আঁকি তেওঁৰ বুকুত সােমাই বিচৰা টোপনিবােৰাে গ'ল
আচলতে কিমান বেছি দুখ পালে ৰাউছি জুৰি কান্দিব পাৰি
কিমান বেছি সুখ পালে ঢােকঢেকাই হাঁহিব পাৰি
মই হয়তাে বুজিয়েই নাপালোঁ
সোঁৱে বাওঁৱে উপপত্নীৰ দেহৰ গােন্ধ লৈ ফুৰা বদ অভ্যাসবােৰ
এৰুৱাব পৰা নাছিলাে মই
অশ্লীল নগ্ন ছবিবােৰ স্বচক্ষুৰে দেখা পাই মাথোঁ নিমাত হৈছিলোঁ
ভৰলুমুখৰ বান্ধোন ছিঙি দিয়া গৃহটোতে নীৰৱে আছিলাে মই
নুবুজিছিলাে পূবে যাম নে পশ্চিমে
জুইলৈ বুলি জপিয়াম নে ব্ৰহ্মপুত্ৰলৈ...
মাথোঁ আইয়ে কৈছিল ‘তই মােৰ সাহসী ছােৱালী'
মই সাহসী বাবেই মােৰ কথাবােৰ জেতুকা পাতৰ দৰে
ৰঙবােৰ সহজে নেদেখি চকুৰে
এতিয়া মই ৰ'দত জ্বলিলেও, শীতত কঁপিলেও ভ্রক্ষেপ কৰােতা নাই
আপােনজনৰ প্রবঞ্চনাৰ পাছতাে আশাবােৰে খুলি খুলি খায়
সপােন আছিল ৰত্নাকৰ বাল্মিকী হ’ব
সুদিনবােৰে হাত বাউলি মাতিব
হেৰুৱা ৰঙাবেলি পুনৰ জিলিকি উঠিব
পিছে সময় স্বার্থপৰ, সপােনবােৰ মৰিচিকা হ’ল
ওঁঠত ওলমাই ললাে মনালিছাৰ ৰহস্যময় হাঁহি।
পুৱা-গধূলি আৰু কিমাননাে উপভােগ কৰিম বিষাদৰ বাঁহী
আজি সঁচাই মােৰ স্বামীৰ বিয়া
 আয়তি উৰুলি দিয়া
আইনৰ চকুতাে আজি তেনে ব্যক্তিৰ সন্মান বাঢ়িল

অৰ্দ্ধ-আকাশ ⵓ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড