পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

২৮৫

অশ্ৰুবোৰ সাৱটি নিঃসংগতাক আদৰি লোৱাবোৰহে হেনো অৰ্থহীন
তেন্তে মিছাতে ইমান আঘাত কিম্বা ইমান কলিজাৰ হাহাকাৰ
মগজু শূন্য হোৱা আৰু বেবেৰিবাং বুলকি থকাসকলেই হয়তো আজি
এই পৃথিৱীৰ আটাইতকৈ সুখী মানুহ
কোনো আৱেগ নাই, কোনো অনুভূতি নাই
কেৱল উশাহ থকালৈকে জীৱন
আজি মোৰ স্বামীৰ বিয়া
   আয়তি উৰুলি দিয়া