পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৮৩

মঙহবােৰ টানি টানি খাব
মানুহ এবাৰ মৰে
মই বা-ৰ বা—ৰ মৰাে ।

নগ্ন ভৰি দুখনেৰে যেতিয়া
বস্তাটো কান্ধত লৈ
ডাষ্টবিনত কিবা এটা বিচাৰি ফুৰাে
বৰ কষ্ট পাওঁ।
মুৰটোৰ ওপৰত শিল আৰু ইটাৰ বােজা
কঢ়িয়াব পাৰাে জানাে?
কঢ়িয়াও পেটৰ দায়ত ।

পাৰিম নে ৰাতিৰ এন্ধাৰ ফালি
ওলাই আহিব উদ্বীপ্ত সূৰুয হৈ ?
হমনে মই দুৰন্ত তৰুণ ?
দেশৰ সােণােৱালী ভবিষ্যত ?
মুক্ত বিহংগ ????

(আমাৰ চৰকাৰী শিশু শ্রমিক আইন ,শিশু সুৰক্ষা আইন বা
সর্বশিক্ষা মিচনে ঢুকি নােপােৱা শিশুবােৰৰ হৈ মােৰ অকণমান
প্রয়াস)

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড