পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮২

তাতোকৈ দশাননেই শ্ৰেষ্ঠ
শৰীৰৰ বল প্ৰয়োগ নকৰি
যি চেষ্টা কৰে প্ৰেয়সীৰ হৃদয় জিনাৰ
হ'ব পাৰে সেই প্ৰেম অবৈধ,
হওক...
নিৰপৰাধী পত্নীলৈ তোলা প্ৰিয়তম পতিৰ সন্দেহৰ আঙুলিৰ তুলনাত
সেই অপৰাধ নহয় অক্ষমণীয়॥

শিশু শ্ৰমিক আৰু শিশু দিৱস
ৰীতামণি ডেকা

মা-
তই যে কৈছিলি
বাপু আৰু নেহেৰু খুৰাই হেনো
এটা সপোন দেখিছিল।
মই হেনো উদ্দীপ্ত সূৰুয,
দুৰন্ত তৰুণ ,
মুক্ত বিহংগ,
দেশৰ সোণোৱালী ভবিষ্যত।

কিন্তু কিয়?
বাপূৰ দেশত
নেহেৰুখুৰাৰ দেশত
মই অৱহেলিত,
লাঞ্ছিত ,
উপেক্ষিত ,
শোষিত??

   

সৌ- যে-
ডাঙৰ ডাঙৰ অট্টালিকা বোৰ
হোটেল বোৰ,
কাৰখানা বোৰ
ঠিকনা মোৰ।

পোৱালি,
আপা,
আপী
নাম মোৰ।
আপোন নামটো জানো
ক’ত হেৰাই গ’ল মোৰ।

হাড়ভগা পৰিশ্ৰম কৰিও
ভোকাতুৰ মই
অজুহাত
সামান্য দোষ
কিন্তু শাস্তি গুৰুতৰ
চোৰক পিটা দিয়ে অ’
সিহঁতে মোক।

উজ্জ্বল ৰশ্মিৰ চিকমিকনিত
অৰ্ধউলংগ দেহাটোৰে
প্ৰদৰ্শন কৰো মই চাৰ্কাছত ,
থিয়েটাৰত।
জাউৰী জাউৰী
হাতচাপৰি বোৰত
টুকুৰা টুকুৰকৈ সৰি পৰে কাচঁৰ টুকুৰা
মোৰ কলিজাৰ পৰা।
এতিয়া মই উপহাৰ পাম
মানৱৰূপী পশুকেইটাই মোৰ শৰীৰৰ

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড