মই মাজনীয়ে কৈছোঁ
কল্যাণী দত্ত
মই তিতাবৰ ন-আলিৰ পৰিত্যক্তা মাজনীয়ে কৈছোঁ
মোক চিনি পাইছা নে মা?
মোৰ মুখ খন দেখি এবাৰ হলেও
অনুকম্পা জাগিছে নে দেউতা?
মই তোমালোকৰে মাজনী অ'মা-দেউতা।
যাক আহ্বান জনাইছিলা তোমালোকেই এই পৃথিৱীলৈ।
তেন্তে মাতৃৰ নাড়ীৰ পৰা মুক্ত হৈয়ে আজি মই পৰিত্যক্তা কিয় মা?
মই তোমাৰ মাজনীয়ে কৈছোঁ মা।
তোমাৰ চকুত চকু থৈ কৰিব বিচাৰিছোঁ এটি প্ৰশ্ন -
মোৰ দোষ কি মা?
কি পাপৰ ফল মোৰ এয়া?
মইতো পাপ কৰা নাছিলোঁ একো!
মাথো এধানি মৰম বিচাৰিছিলোঁ;
বিচাৰিছিলোঁ এধানি পোহৰ!
“মাক বাঘিনী, বাপ্ ঢোঁৰাসাপ”
মা, তুমি বাঘিনী হৈ কিয় কৰিব
নোৱাৰিলা মোক উদ্ধাৰ?
দিব নোৱাৰিলা ৰক্ষণাবেক্ষণ?
কিহৰ ভয়ত মা? কাৰ ভয়ত?
হয়তো মই ‘কন্যা’ বাবে...
নাইবা মই জাজ....
যাৰ নাই আপোন পৰিচয়!
লোকচক্ষুৰ আঁৰত একলা দুকলাকৈ
বঢ়া তোমাৰ স্ফীত উদৰ কিদৰে
প্ৰতিপালন কৰিছিলা মা!
অন্তিম মুহূৰ্তলৈ যদি মোৰ ভাৰ সহিবই পাৰিলা,
তেন্তে আত্মগ্লানিৰ ভয়ত কিয় মোক ত্যাগ কৰিলা??
হাত কঁপা নাছিল নে তোমাৰ মোক
বস্তাৰ ভিতৰত ভৰাই লওঁতে?
অৰ্দ্ধ-আকাশ ⵓ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড