পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৬

Mob Lynching’অৰ্থাৎ উন্মত্ত জনতাৰ হিংসুকতাৰ বলি.... আমাৰ সমাজৰ সাম্প্ৰতিক সময়ৰ এটা ভয়াবহ সমস্যালৈ পৰিগণিত হৈছে। নিম্নোক্ত গল্পটো তাৰেই ছাঁত ৰচিত হৈছে।

এজাক কলীয়া ডাৱৰ

দীপিকা দাস কলিতা

 “ধৰ্ ধৰ্, মাৰ্ মাৰ্...।” ছোৱালীজনীৰ চুলিবোৰ খামোচ মাৰি ধৰি বাগানৰ মিল মালিকজনে বিশাল পথাৰখনলৈ চোঁচৰাই লৈ গৈছে তাইক। চিঞৰি চিঞৰি কাতৰ অনুৰোধ কৰা ছোৱালীজনীৰ মাতষাৰলৈ কাণষাৰ নাই কোনোৰে। ধান দাই নিয়াৰ পাছৰ শুকান নৰাবোৰত লাগি তাইৰ কোমলীয়া শৰীৰটো আঁকুহি বাঁকুহি গৈছে। তেজে তুমৰলি বান্ধিছে তাই নতুনকৈ বৈ ওলোৱা বগা চাদৰখনৰ ভাজবোৰত। ককালৰ পৰা তললৈ খহি পৰিব বিচৰা মেখেলাখন দুভৰিৰে চেপি ধৰি লজ্জা নিবাৰণৰ বৃথা চেষ্টা কৰিছে তাই। মাথো দুচকু মুদি ’কৃষ্ণ কৃষ্ণ’ স্মৰিছে। চিঞৰিছে...... “হে প্ৰভূ ......মোক বচোৱা... বচোৱা......।” আকৌ চিঞৰিছে তাই........ “মা........ , দাদা........, দেউতা...............।” নাই শেষলৈ কোনেও নুশুনিলে তাইৰ মৰণ কাতৰ আৰ্তনাদ। কাৰণ শুনিবলৈ তেওঁলোক যে নাইয়ে তেতিয়ালৈ। তাইক বান্ধি ৰখাৰ নাতিদূৰৈতে থকা দ’ খাৱৈটোৰ কাষলৈ সিহঁতবোৰে তাইৰ আপোন সকলোকে টানি মাৰি নি পাৰৰ গছবোৰত বান্ধিছে। তাৰপিছত উপৰ্যোপৰি লাঠিৰে কোবাই কোবাই তেজৰ নৈ বোৱাই দিছে। তেওঁলোকে যিমানেই হাত যোৰ কৰি জীৱন দান মাগিছে, সেই পাষাণ হৃদয়ৰ উগ্ৰ মানুহবোৰে সিমানেই নিষ্ঠুৰতাৰ বৰ্ম পিন্ধি কৰিলিয়াইছে। বখলিয়াই বখলিয়াই এৰাই পেলাইছে তেওঁলোকৰ দেহৰ ছাল। তাতেই ক্ষান্ত নাথাকি এজন এজনকৈ টানি নি গাত কেৰাচিন তেল ঢালি দিছে। বন্য উল্লাসত হিয়া জুৰাই চিঞৰিছে। সেই চিঞৰত তেওঁলোকৰ আৰ্তনাদৰ যেন কোনো স্থান নাই। শুকান ধান খেৰৰ জুমুঠি এটাৰ আগটোত জুই ধৰি জীৱন্তে তেওঁলোকৰ শৰীৰলৈ নিক্ষেপ কৰিছে। দাওদাওকৈ জ্বলি উঠা শৰীৰ আৰু কেঁকনিবোৰক আন এজনে লথিয়াই পেলাই দিছে দ খাঁৱৈটোলৈ বুলি। জুইৰ পোৰণিত ওলোৱা মৰণকাতৰ আৰ্তনাদেহে যেন শেষত সেই বন্য মানসিকতাৰ মানুহচামৰ হিয়া জুৰ পেলাইছে। তাৰপিছত সেই পৈশাচিক আনন্দত মগ্ন সিহঁতবোৰে সিহঁতৰ শেষ চিকাৰ জয়ন্তীলৈ চোঁচা লৈছিল।

 ঘটনাটোৰ আৰম্ভণিৰ বাবে বহুদিন অথবা বছৰৰ প্ৰয়োজন নাছিল। কোৱা হয়, ‘ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ'। ঠিক তেনেকুৱাই। চাহবাগানৰ নামনিতে আছিল জয়ন্তীহঁতৰ বিশাল ধাননি। পেছাত শিক্ষক যদিও নিলাম্বৰ বৰুৱা মাষ্টৰে নিজৰ মাটিড আধিত দি সেই ঠাইৰ বহুজনৰ ঘৰৰ জুহালখন উমাল কৰি ৰাখিছিল। নীলাম্বৰৰ পত্নী ইভা আছিল এগৰাকী বিখ্যাত হ’মিও চিকিৎসকৰ জীয়াৰী। সেইবাবে দেউতাকৰ বিদ্যাটো নিজে কিছুপৰিমাণে কিতাপ আদি পঢ়ি আয়ত্বলৈ আনিছিল। সেই বিদ্যাই মান পাইছিল এই সৰু ঠাইখনৰ অভাৱী মানুহবোৰৰ মাজত। এখন জহি খহি যোৱা ধ্বংসপ্ৰায় চিকিৎসালয়ত মাহেকৰ মূৰত দেখা দিয়া চিকিৎসকজনৰ অভাৱ যেন ইভাৰ স্পৰ্শত বহু পৰিমাণে উপশম হৈছিল। বহু কম সময়তে মানুহৰ সোঁত বৈছিল জয়ন্তীহঁতৰ ঘৰখনলৈ। কামৰ উপৰিও কেতিয়াবা অনাহাৰে থকাজনে ভোক লাগিছে বুলি জনালেই সামৰ্থনুযায়ী অন্নমুঠি নতুবা হাতখৰচ কিছু গুজি দি হলেও সহায় কৰিছিল তেওঁলোকে। কৃতজ্ঞ গাঁওবাসীয়ে নীলাম্বৰ আৰু ইভাৰ উপকাৰৰ শলাগ লৈ যেন কেতিয়াও শেষ কৰিব নোৱাৰিব। কেইবাঘৰেও তেওঁলোকক ভগৱানৰ ৰূপত পুঁজিব লৈছিল। এখন অশিক্ষিত, অভাৱে জুৰুলাকৰা সমাজৰ মানুহৰ বাবে ইয়াতকৈ বেছি কল্পনাৰো অগোচৰ আছিল। বাবা-কবিৰাজ, জৰা-ফুকা, বলি-বিধানতেই জীৱনক জোখা মানুহবোৰে বৰুৱা মাষ্টৰৰ পৰিয়ালৰ পৰা বিনামূল্যত পোৱাখিনিৰ বাবে অত্যন্ত কৃতজ্ঞ আছিল। কিন্তু ইমানদিনে ভেশচন ধৰি বাবা কবিৰাজৰ নামত ধনৰ হৰলুকী কৰি খাই থকা নাই ভদাইহঁতৰ সহ্য হোৱা নাছিল কথাবোৰ। তদুপৰি টকা সুদত দি চক্ৰবৃদ্ধি সুদেৰে বহু সম্পত্তি গোটোৱা, চাহমিলৰ মালিকজনৰ ব্যৱসায় মন্দা হবলৈ আৰম্ভ কৰিছিল। এই সকলোৱে

মিলি একগোট হৈছিল। চাহ বনুৱাক সহায় কৰিবলৈ সিহঁতবোৰে বহুবাৰ সকীয়াও গৈছিল মাষ্টৰৰ পৰিয়ালটোক। সকীয়াইছিল

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড