পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫৫


 কেচুৱাপোৱালি কণক ডাক্তৰ খানাতে এৰি থৈ আহিল নেকি?

 ৰঙিলীৰ প্ৰশ্নত নৰেনে তাইলৈ চালে। তাৰ চকুত বিয়পি পৰিল পোৱা নোপোৱাৰ হৰ্ষ বিষাদ। সি লাহে লাহে ক’লে নহয় অ’ ৰঙিলী। তাক তাৰ মাকক গটাই থৈ আহিলো। ভাবিছো যিমান সোনকালে পাৰো বাপেকক লগ লগাই দিম। কথাষাৰ কৈ নৰেন উঠি গ’ল। ভেলেঙীৰ দৰে থৰ লাগি বহি ৰ’ল ৰঙিলী। কথাষাৰ তাই যেন বুজি পালে। খোলা দুৱাৰ খনেৰে তাই বাহিৰলৈ চালে, উদাস তাইৰ চাৱনি, মনটো তাইৰ উদং উদং লাগিল। পুনৰ বাৰ চকু ঘূৰাই নিজৰ উদং কোলাখনলৈ চালে। দুটোপাল অপ্ৰাপ্তিৰ তপত চকুলো অজানিতে তাইৰ কোলাত সৰি পৰিল। তাৰ সাক্ষী হৈ ৰ’ল মাথো জুহালৰ জুইকুৰা॥

 

“অৰ্ধ আকাশ’মোৰ বাবে এনেকুৱা এখন চিৰসেউজ শস্য শ্যামলা পথাৰ
য'ত প্ৰতিগৰাকী সখিয়েই সুখ দুখ,হাঁহি কান্দোন,আৱেগ অনুভূতিৰ কঠিয়া নিৰ্ভয়ে
নিঃসংকোচে সিঁচি দিব পাৰে।

—মনময়ুৰী ছেত্ৰী সোণোৱাল—

অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ,প্ৰথম খণ্ড