পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪০


পৰিচয়

অনুৰাধা গগৈ

 পৰিচয় বিচাৰি হাহাকাৰ কৰি ফুৰা সেই সময় খিনি!! আশ্ৰয় বিচাৰি নিজ জন্ম হোৱা ঘৰখনৰ পৰা সঁহাৰি নোপোৱা সেই ক্ষণবোৰ!!

 আজি আকৌ মনত পৰিছে মোৰ। পাহৰিম বুলিও যিবোৰ পাহৰিব নোৱাৰোঁ মই, যদিও বহু ক্ষেত্ৰত এই সকলোখিনিৰ পৰা নিজকে আঁতৰায়ে ৰাখিছিলোঁ। হয়তো পাহৰিছিলোঁ ও বহু খিনি মই

 কিন্তু ...!!!

 আজি মোক আকৌ টানিছে সেইবোৰে বাৰে বাৰে।

 বেয়া লগা নাই চোন আজি মনটো আনদিনাৰ দৰে সৌৱা টেবুলত মোৰ বায়’ডাটাৰ ফাইলটো। এম. এ. ফাৰ্ষ্ট ক্লাছ , পি এইছ দি, নেট আৰু শ্লেট পৰীক্ষাৰ চাৰ্টিফিকেটেৰে ভৰ্তি হৈ আছে। মোৰ সম্পত্তি সেইবোৰ নিজে আৰ্জি লোৱা, সগৌৰৱে থিয় দিব পৰাকৈ সকলোৰে আগত।

 পুৰণি কথাবোৰে গা কৰি উঠিছে।

 বিয়া হৈ যোৱা ঘৰখনেই নিজৰ ঘৰ বুলি নতশিৰে মানি লৈ শাহুৰ অত্যাচাৰে চৰম পৰ্যায় পোৱাৰ দিনাই মোক উলিয়াই আনিছিল সেইজন মানুহে। যিজন মানুহক মই হোমৰ গুৰিত অগ্নিক সাক্ষী কৰি সুখে দুখে জীৱনৰ লগৰী বুলি মানি লৈছিলোঁ৷

 দেউতা নোহোৱা ঘৰখনত মোক বিয়া দি উলিয়াই দিয়াটোৱেই মাৰ বাবে বহুত ডাঙৰ কথা আছিল। দাদাৰ চাকৰিটোয়ে তাৰ নিজৰ সংসাৰখনেই চাব নে মোক পঢ়া শুনাৰ দায়িত্ব ল’ব?

 পঢ়াত বেয়া নাছিলোঁ মই। আৰু দেখাত??

 আইনাখনত মুখখন চোৱাই নাছিলোঁ নহয় ভালকৈ কেইবা বছৰ, মাথোঁ চুলিকেইডাল ফনিয়াই যাব লাগে বাবেহে গৈছিলোঁ।

 শিৰৰ সেন্দুৰখিনি যি আগ্ৰহেৰে এগৰাকী বিবাহিতা নাৰীয়ে লৈছিল মোৰ কিন্তু হাত কঁপিছিল সেয়া ল’বলৈ!!

 তথাপিও এক সন্দেহৰ ভাৱেৰে ল’বলৈ আৰম্ভণি কৰিছিলোঁ মই সেই সেন্দুৰখিনি। হয়তো অস্পষ্ট আছিল বা কপালৰ চুলিতাৰিৰে ঢাকি ৰাখিছিল কিন্তু মই লৈছিলোঁ সেন্দুৰকণ।

 প্ৰায় আঠোটা বছৰ পাৰ কৰিলোঁ হোষ্টেলত। কাইলৈ বিদায় ল’ম মোৰ এই হোষ্টেলৰপৰা। বুকুখন মোচৰ খাই আহিছে। বৰকৈ আজি। হোষ্টেলৰ কোঠাটো এৰি যোৱাৰ দুখত নে? আৰু বন্ধু বান্ধৱী? কিমাননো মোৰ আপোন আছিল সেয়া ৰিক্তৰ শাৰীতে পৰিব। মুগা লেটাৰ খোলাত সোমোৱাৰ দৰেই সুমুৱাই ৰাখিছিলোঁ নিজকে।

 “এইক বিয়া দি উলিয়াই দিয়াৰ পাছত এনেকৈ ঘূৰি আহিছে যে মা? এই তিনি মাহতে তাইৰ কি ইমান অসুবিধা হ’ল যে আৰু তালৈ তাই নাযায়?”

 দাদাৰ কথা কেইষাৰে কৰ্ণ কোঁহৰত সেলে বিন্ধাদি বিন্ধিলে মোৰ। চকুপানীৰে বাট নেদেখা হৈছিলোঁ নিজ জন্ম লোৱা ঘৰখনত এইবোৰ কথা শুনিবলৈ পাম ভবাই নাছিলোঁ। মাৰ মুখৰ মাত নাছিল, তলমূৰ কৰি ৰৈছিল মই মাৰ চকুলৈ বৰকৈ চাইছিলোঁ অলপ সাহস বিচাৰি আশ্ৰয় বিচাৰি।

 কিন্তু মা চোন উঠি গুচি গৈছিল মোৰ কাষৰ পৰা। মই ভৰিৰ তলত মাটি বিচাৰি পাইছিলোঁ নাই মূৰৰ ওপৰত আকাশখন, কোনোবাই যেন এচাৰ মাৰি দলিয়াই দিছিল মোক।

 পাছদিনাখন মোক নিবলৈ শাহু আহিছিল লগত সমন্ধীয় ভতিজাক এজনক লৈ। হোমৰ গুৰিত অগ্নিক সাক্ষী কৰি

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড