পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪১

স্বামীৰণ কৰা সেইজন পুৰুষ অহা নাছিল।

 : “আমি বৰ লাজ পাইছোঁ তাই এনেকৈ গুচি অহাত। আপোনালোকে বেয়া পাই নাথাকিব তাই আৰু কাহানিও গুচি নাহে এনেকৈ। বুজাই বঢ়াই ল’ব তাইক আমিও বুজাইছোঁ তাইক।”

 বৌয়ে বৰ সহজভাৱেৰে কৈ পেলাইছিল মোৰ শাহুৰ আগত কথাবোৰ। কিন্তু যোৱা দুদিনে মোক বৌয়ে মাত এষাৰ নিদিলে এবাৰো, এবাৰো নুসুধিলে কিয় আহিব লগীয়া হ’ল বুলি।

 মাৰ উপায় নাছিল কিজানি অলপো। নাজানো কিদৰে মায়ে মোক আকৌ সেই শাহুৰ লগত পঠিয়াই দিছিল? বুজিছিলোঁ মা অসহায় আছিল, তথাপিও এবাৰ গা নকপিঁল নে মাৰ!!

 কৈছিলোঁ মই মাক মোৰ লগত কিমান বিশ্বাসঘাটকতা হ’ল। হয়তো দাদাই ও জানিছিল লগতে বৌয়েও কিন্তু বিয়া দি মোক আচলতে দায়িত্ব শেষ কৰিছিল তেওঁলোকে।

 গুচি আহিছিলোঁ মই শাহুৰ লগত। ভয় শংকাৰে মোক থকাহৰকা কৰিছিল, গোটেই বাট এষাৰ মাত নাছিল আমাৰ কাৰোৰে। ঘৰ সোমায়ে শাহুৰ শহুৰ ৰঙা চকুৰ আগত মই তাপ মাৰিছিলোঁ। উশাহ বন্ধ হৈ পৰিছিল মোৰ। আৰু তাৰপাছৰ পৰাই মোক বন্দী কৰি পেলাইছিল শাহুয়ে। বাহিৰৰ জগতখনৰ পৰা মোক বিছিন্ন কৰি পেলাইছিল তেওঁলোকে।

 আত্মহত্যাৰ পথ বাছি ল’বলৈ ভাবিব পৰা নাছিলোঁ মই কাৰণ মোৰ দৰে সেইখন ঘৰত আৰু এজনে মানসিক যন্ত্ৰণাত ভুগিছিল। একো নুবুজাৰ মাজতো কিবা এটা বুজিছিলোঁ মই তেওঁক কিন্তু মোৰ নো ভুল ক’ত আছিল সেইখিনি যে জীয়া যাতনা পাইছিলোঁ মই।

 তেওঁক প্ৰশ্ন কৰিছিলোঁ মই কিয় মোৰ জীৱনটো ধ্বংস কৰিবলৈ এবাৰো নাভাবিলে কিয় মিছাৰ আশ্ৰয় লৈ মোক ঠগিলে।

 নাছিল উত্তৰ তেওঁৰ!! মোৰ পৰা এক ভয়ানক দূৰত্ব বজাই তেওঁ আঁতৰি ফুৰিছিল।

 বিয়াৰ প্ৰথম নিশা তেওঁ মোৰ উৰণি দাঙি চোৱা নাছিল, একেখন বিছনাত তেওঁ শুব লাগে বুলিয়েই কিজানি ৰাতি দেৰিলৈকে টিভিৰ সন্মুখত বহিছিল। মই ৰৈ ৰৈ ভাগৰি পৰিছিলোঁ আৰু শুই পৰিছিলোঁ। প্ৰথম কেইদিনমান মোৰো লাজৰ উৰণি আঁতৰা নাছিল কিন্তু সেইবুলিয়েই এজন পুৰুষ নিজ পত্নীৰ পৰা আঁতৰি থাকিব পাৰে জানো!! সম্ভৱনে?

 সন্দেহ ভয় সকলোয়ে মোক সেই কেইদিন জুমুৰি দি ধৰিছিল তাতে আকৌ ন কইনা বুলি বহুত খিনিয়েই দায়িত্ব আছিল। সকলো সন্দেহৰ ওৰ পেলাই এদিন মোৰ উপৰ্যুপৰি প্ৰশ্নত ক্ষত বিক্ষত হৈ তেওঁ মোক জনাই দিছিল অপ্ৰাকৃতিক সেই সত্যটো। এজন বিশেষ ল’ৰা বন্ধুৰ লগত হে তেওঁ ঘনিষ্ঠ, মোৰ বা অন্য কোনো নাৰী লগত তেওঁ ঘনিষ্ঠ হ’ব নোৱাৰে ..!!!

 চিঞৰিবলৈ মোৰ শক্তি নাছিল, মূক হৈ পৰিছিলো মই সেইদিনা। আৰু তাৰপাছতে মই মাৰ ঘৰলৈ গুচি আহিছিলোঁ, ভাবিছিলোঁ একেবাৰে গুছি আহিম আৰু আকৌ জীৱনটো আৰম্ভণি কৰিম। ভাবিছিলোঁ মায়ে আঁকোৱালি ল’ব, দাদাই বুজিব, কিন্তু নাই মই ভবাৰ দৰে একো নহ’ল।

 পিতৃ মাতৃৰ ভিন্ন ৰূপ মোৰ চকুত ধৰা দিছিল সেইদিনা। নিজ মাতৃৰ অসহায় চাৱনি আৰু মোৰ স্বামী নামৰ মানুহ জনৰ সেই দানৱতকৈও নীচ মনৰ পিতৃ মাতৃৰ সৈতে মই মুখামুখি হৈছিলোঁ।

 ৰাতিপুৱাৰ পৰাই শাহুৰ খঙাল চকু হালে মোক পুৰি পেলাইছিল। তেওঁৰ কোপদৃষ্টি তেওঁৰ পুত্ৰৰ ওপৰতো আছিল। দুৱাৰ বন্ধ কৰি তেওঁৰ ওপৰত যে মানসিক আতিশয্য চলাইছিল মই নজনাকৈ থকা নাছিলোঁ সেইয়া।

 খণ্ড বাক্যবোৰ উফৰি মোৰ কাণত পৰিছিলহি। বাক্যবোৰ যুতাই ল’বলৈ মই চেষ্টা নকৰাকৈ থকা নাছিলোঁ “এবাৰ চেষ্টা কৰিলে কিয় নহ’ব?? আৰু যদি এবাৰ এটা সন্তান হৈ যায় সমাজৰ আগতো কোনো প্ৰশ্ন নাথাকিব।”

 সেইয়াই আছিল শাহুৰ বুজনি, বুজনি নহয় আচলতে ভাবুকি।

 তেওঁ এক আস্ফালন কৰি ওলাই গুচি গৈছিল সেইদিনা। ৰাতি অহা নাছিল তেওঁ। মই ও ফোন কৰিব লাগে বুলি ভবা নাছিলোঁ। পাকঘৰত জুই জ্বলা নাছিল, ভোকে দুখে লেবেজান হৈ পৰিছিলোঁ মই।

 : “ আহা ভাত খাই লোৱা হি।

 দুৱাৰ মুখত শাহুৰ মাতষাৰ শুনি আচৰিত হৈছিলোঁ মই। তেওঁৰ তেনে কোমল মাত মই পোৱা নাছিলোঁ কাহানিও।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড