পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৮

 শৰতৰ শেৱালিৰ সুগন্ধিৰ দৰে মিঠা আবেশ এটাই মোক আৱৰি ৰখা হ'ল। অনুপক অন্তঃকৰণেৰে শুশ্ৰুষা কৰিও বিনাদ্বিধাই আশীষক মনলৈ আনিব পৰা হ'লো। কিহৰ বাবে এই আকুলতা হৃদয়ৰ? আৰুনো কি ৰং বাকী আছে জীৱনত? যাঃ। জাৰি-জোকাৰি পেলাই দিলো মনৰ সমস্ত দুৰ্ভাৱনা। সমস্ত জড়তা। এতিয়া হৃদয়ত মাথোঁ মোৰ ভালপোৱাৰ আলোড়ন। সকলোকে ভাল পাওঁ মই। আনকি বাসৱীৰ প্ৰতিও মোৰ মন সুকোমল অনুভূতিৰে আন্দোলিত। অনুপকো মোৰ স্বামী বুলি, মোৰ সন্তানৰ পিতৃ বুলি ক্ষমা কৰিব পাৰিছোঁ। কিন্তু সেইজন অনুপক মই অন্তৰৰ পৰা চিৰদিনলৈ উলিয়াই দিলো যি মোৰ বন্ধু হ'ম বুলি কথা দিছিল। মোৰ ভঙা-চিঙা মনটোক আদৰ কৰিছিল।

 অনুপৰ স্বাস্থ্যৰ সকলো জটিলতা কমি আহিছিল। তথাপিতো মই ডাক্তৰৰ নিৰ্দেশ মানি চলিছিলোঁ। অহৰহ তেওঁৰ ছাঁ হৈ ৰৈছিলোঁ। এনেতে ঝৰ্ণাই আমালৈ বহু আকাংক্ষিত প্ৰাপ্তিৰ বাতৰিটো আনিছিল। এৰা, মই আইতা হ'লোহি। ঝৰ্ণা আৰু অভিৰ কণমান গোঁসাই কৃষ্ণটোক শুভাশীষ দিবলৈ বাসৱীক মই নিজেই ফোন কৰি নিমন্ত্ৰণ জনাইছিলোঁ। একাকীত্বৰ জীৱন কিমান নো সহিব সেই নাৰীয়ে? কিমান নো সহিব নোপোৱাৰ যন্ত্ৰণা? বন্ধু হিচাপেই আদৰিলোঁ মই বাসৱীক। অনুপৰ অনুমতি নোলোৱাকৈয়ে ঘৰলৈও মাতিলোঁহি তেওঁক। সেই সময়ত কাৰো চকুৰ ভাষা পঢ়াৰ ইচ্ছা মোৰ নাছিল।না অনুপৰ, না বাসৱীৰ। মই মাথোঁ সুখী হ'ব বিচাৰিছিলোঁ।

 হাতৰ মুঠিৰ এমুঠন সুখ বিলাবলৈ বিচাৰিছিলোঁ। অৱগুণ্ঠন আঁতৰাই নতুন জীৱনটোক প্ৰাণভৰি উপভোগ কৰিবলৈ বিচাৰিছিলোঁ। জাগতিক পৃথিৱীৰ সুখ-সমৃদ্ধি নেওচি মই হৈ পৰিছিলো অন্য এক পৃথিৱীৰ পূজাৰী। য'ত নাই অকণো কৃত্ৰিমতা, পোৱা-নোপোৱাৰ কুৎসিত যুঁজ, কিঞ্চিত কলুষতা। এৰা, পৱিত্ৰ প্ৰেমৰ সেই সুবিশাল জগতখনতেই বিচৰণ কৰো মই। যত অনুভৱ কৰো আশীষৰ উপস্থিতি। সি কোৱাৰ দৰে সকলো বিলাসিতা ত্যাগ কৰি মাথোঁ মানুহ হৈ জীয়াই থাকিব খোজো মই। পুৱতি নিশা দূৰণিৰ পৰা ভাহি অহা আজানৰ সুৰে মোক শান্ত কৰি তোলে। বাহিৰলৈ ওলাই আহি দোকমোকালিৰ সেই নিচা ভগা ক্ষণতে উপলব্ধি কৰে পৃথিৱীৰ ৰহস্য। পৃথিৱীৰ বুকুত সঞ্চিত অন্তহীন সৌন্দৰ্য।

 মানুহৰ জীৱনৰ গতি স্থবিৰ হ'ব পাৰে।কিন্তু স্তব্ধ নহয়। জীৱনৰ সকলো ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ কাৰণে মানুহ নিজেই। মানুহ নিজেই নিজৰ কাৰণে পৰম শক্তিৰ ভঁৰাল। এই কথা উপলব্ধি কৰাৰ সৌভাগ্য বহুতৰেই নহয়। আৰু হ'লেও বহুত দেৰি হৈ যায়। ময়ো বহু দেৰিকৈ উপলব্ধি কৰিলো সেই সত। তাৰ বলতেই হওক নিজৰ শক্তি চিনিলোঁ। অন্তদৃষ্টিৰে জীৱন জুখিলোঁ। তেনেস্থলত মই সুখী নহৈ পাৰেনে?

 আৰিৰ কলকলনিয়ে মোৰ চিন্তাত যতি পেলায়। এই মুহূৰ্তত তাক একোলা ল’বলৈকে মই উচপিচ কৰোঁ। অনুভৱ কৰোঁ, এতিয়াও শেষ হোৱাগৈ নাই। শেষৰ আৰম্ভণিহে এয়া...। হয়তো প্ৰত্যুষৰ কেঁচা ৰ'দে কলপাতত বহাৰ সময় এয়া..। আৰু সেই সময়তেই মোৰ প্ৰতিটো নিশ্বাসে আঁকি যায় সম্ভাৱনাৰ একোটা একোটা সূত্ৰ..

 উপসংহাৰঃ

 সুখ জুপিৰাৰ জীৱনৰ আধাৰশিলা নহয়। নাঃ। প্ৰাপ্তিও নহয়। মানসিক প্ৰশান্তিয়েহে দি থৈ যায় তেওঁক অনাবিল উৎসৱমুখৰতাৰ উৎস। অনুপৰ দুনয়ন জুপিতৰাৰ ওচৰত ক্ষমাপ্ৰাৰ্থী। অথচ বাসৱীৰ সৈতে ভাচুৱেল জগতখনত সম্পৰ্ক ৰক্ষা কৰিবলৈ জুপিতৰাই নিজেই তেওঁক সম্পূৰ্ণ সচেতনতাৰে অনুমতি দিছেহি। সংসাৰৰ সমস্ত দায়িত্ব পালন কৰি যিখিনি সময় পায়, জুপিৰাই অনুপৰ কাষতেই বহি ৰয়হি। অৱশ্যে ঘৰুৱা কথাৰ বাদে অন্য বিষয় সেই মেলত আজিকালি আহি নপৰে। আশীষৰ মুখনি মনত পেলোৱাৰ চেষ্টা কৰে জুপিৰাই। নৈতিকতাৰ খাটিৰত তাৰ যে এখন ফটোও ৰখা নহ'ল। তাৰ দীৰ্ঘদেহ,প্ৰজ্ঞাৰে ওপচা সুগভীৰ দুচকু আৰু মস্ত ডাঙৰ সেই নাকটো। ল'ৰালিৰ অভ্যাসটোলৈ মনত পৰি যায় জুপিতৰাৰ। হাতৰ মুঠিতো নিজে নিজেই খোল খায়। হাতত পেঞ্চিল লৈ তাক আঁকিবলৈ চেষ্টা কৰে। এটা সময়ত আশীষ এখন চিত্ৰ হৈ পৰে। আনে চিনিব নোৱাৰিলেও জুপিৰাই ধৰিব পৰা এখনি ছবি হৈ পৰে আশীষ। এখনি নৈ হৈ পৰে আশীষ। সুতি সলাই সলায়ো ভাগৰি নপৰা একমাত্ৰ লক্ষ্য অভিমুখী গতিশীল নৈৰ দৰে জলময় হৈ পৰে যেন আশীষ।

 ক্ষোভ-অভিমান, পোৱা-নোপোৱাৰ লেখ-জোখৰ মাজতেই অনুপৰ শুভ জন্মদিন আহে। প্ৰতিবাৰেই এভাগ শৰাই আগবঢ়াইজুপিৰাই অনুপৰ জন্মদিন পালন কৰাৰ বিপৰীতে অনুপআৰু ঝৰ্ণাই নিৰ্দিষ্টবন্ধুবোৰক ঘৰলৈ মাতি ৰমকজমককৈ

পাৰ্টি কৰে। এইবাৰো জুপিতৰাই মন্দিৰত শৰাই আগবঢ়ায়। বাসৱীক ফোন কৰি অনুপৰ জন্মদিনলৈ নিমন্ত্ৰণ জনায়। বাসৱীয়ে

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড