পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩৭

পুৰাতন স্পৰ্শ, যি ঘৰ সাজি আছে বাসৱীৰ হৃদয়ত। এৰা, ৰিক্ত হৈও বাসৱী ঐশ্বৰ্যশালী। নিঃকিন হৈও অভিনৱ সুখানুভূতিৰে গৰিমাময়ী। তেনে নাৰীক ঈৰ্ষা কৰিব পৰা নাযায়, যিনাৰী জ্যোতিৰ্ময়ী হয় স্ব-মহিমাৰে। অনাবিল মানসিক শক্তিৰে মহিমাময়ী হয় যি নাৰী, তেওঁ মাথো শ্ৰদ্ধাৰ পাত্ৰ।

 মনলৈ আহিল এইমচ ত মুখামুখি হোৱা বাসৱী নামৰ নাৰীগৰাকীৰ মুখনি। সুতাই তেওঁৰ শৰীৰটোক আটি-পুতি গঢ়ি তুলিলেও অভাৱনীয়ভাৱে আকৰ্ষণীয় সেই নাৰী। অসূৰ্যস্পৰ্শা তেওঁৰ শৰীৰে যি অমানৱীয় যাতনাৰে দগ্ধ হৈছিল, সেয়া বৰ্ণনাতীত। নজহানপমা তেওঁৰ অন্তৰৰ অনুভৱে বেৰ-দুৱাৰ নোহোৱাকৈয়ে আশ্বাসৰ মনোময় ঘৰ এটাত সুদীৰ্ঘ দিন পাৰ কৰিছে। তথাপিও কি সুষমাৰে অনন্যা সেই নাৰী! বিশ্বাস। এৰা অনুপৰ বিশ্বাসেই সেই অনন্য জ্যোতিৰ অন্তৰাল। কাৰণ দৃঢ়তাৰে জানে তেওঁ, তেওঁৰ বন্ধুৰ হৃদয়ত কেতিয়াও কোনো নাৰীয়ে ঘৰ এটা সাজিব নোৱাৰে। কাহানিও নোৱাৰে। বাসৱীয়ে কৃতজ্ঞতাৰ সৰু-বৰ প্ৰতিটো শব্দৰে মোক জুখি চোৱাৰ সেই ক্ষণ কি যে অপূৰ্ব আছিল! মোৰ দুহাত সাৱটি বাসৱীয়ে ক’ব খুজিছিল—

 : অনুপ মোৰ অভিন্ন বন্ধু জুপি। সেইফালৰ পৰা তোমাৰ সৈতে মোৰ চিনাকি এনেকৈ আচম্বিতে আৰু নাটকীয়ভাৱে হ’ব নালাগিছিল। অথচ, জীৱন পৰিক্ৰমাৰ ওপৰত কাৰ নো নিয়ন্ত্ৰণ আছে? দুৰ্যোগৰ এই সময়ত মই তোমাৰ লগত আছো। অনুপক দেখা কৰিবলৈ তুমি যে মোক অনুমতি দিছা, সেই কৃতজ্ঞতাক মই অন্তৰেৰে সোঁৱৰিম।

 : অনুপ আপোনাৰ সুহৃদ, তেন্তে আপোনাক লগ পোৱাটো নিশ্চয় মোৰেই সৌভাগ্য। অথচ আপোনাক কষ্ট দি মই সন্তোষ পোৱা নাই।

 : তেনেকৈ নাভাবিবা জুপিতৰা। মোৰ এষাৰি মাতে অনুপক যদি কিঞ্চিত সকাহ দিয়ে, তাতকৈ সুখৰ কথা আৰু একো নাই।

 বাসৱীক ঝৰ্ণায়ো আদৰি লৈছিল। তেওঁৰ কথা-বতৰাই মোৰ অত্যাধুনিক মনৰ ছোৱালীজনীক আকৃষ্ট কৰা কথাটোৱে মোক সুখী কৰাৰ কথা নাছিল। অথচ মই সুখ বুটলি ল’বলৈ বিচাৰিছিলোঁ।

 অনিৰুদ্ধ ভাৱনাৰ টুলুংভুটুং নাওখন হঠাতে পিছ হুহুঁকি আহিল। মই অন্যায় কৰা নাইতো? অনুপ অথবা আশীষক? এগৰাকী নাৰীৰ সৈতে অন্তৰৰ সৰ্বোচ্চ অনুভূতিৰ আদান-প্ৰদান কৰিও পৰিস্থিতিৰ নিৰ্মম ক্ষণ এটাত অনুপে হাৰ মানিছিল। অথচ আজীৱন সেইগৰাকী নাৰীকেই তেওঁ হৃদয়ত পুহি ৰাখিলে। মানসিক সাহচৰ্যৰে সেউজ কৰি তুলিলে সেই নাৰীৰ চৌপাশ। এৰা, সমস্ত জীৱন তেওঁৰ হৃদয়তেই স্থাপিত হৈ ৰ’ল মোৰ স্বামীৰ অনুৰাগ বন্তি। মোৰো একেবাৰে আপোন বুলিবলৈ এমুঠন ভাবনা নোহোৱা নাছিল। কিন্তু অনুপ বুকুত সোমোৱাৰ পৰাই সেই ভাবনাৰ উন্মেষ হ’বলৈ দিছিলো জানো? আশীষ! কিমান দিন হ’ল জানো তাক এবাৰলৈও মনলৈ ননাৰ। এবাৰলৈও তাক সোঁৱৰি চকুলো নোটোকাৰ। বাকচত লুকুৱাই থোৱা তাৰ চিতাৰ ছাইখিনি হাতত তুলি নোলোৱাৰ! যাক মই নিজৰ জীৱনতকৈও অধিক মূল্য দিছিলোঁ। যাৰ হৃদয়ত অনুপৰ দৰে কোনো দ্বিতীয় নাৰীৰ স্থান নাছিল।

 সংস্কাৰে জোৰ কৰি হৃদয় ভৰাই তুলিব পাৰে জানো? শতঘ্নীৰ আক্ৰমণৰ তীক্ষ্ণ আঘাতত আথাউনি হেৰুৱাই পেলোৱা প্ৰমিকৰ হাত এৰি অন্য কোনো পুৰুষলৈ আগবাঢ়ি যোৱা নাৰীয়ে হাতৰ পতাত লৈ যাব পাৰেনে সম্পূৰ্ণ স্বচ্ছ এখন হৃদয়? জেতুকা পাতৰ দৰে গাঢ় সেউজীয়া এজাক সুবাস কুচিমুচি সোমাই নাহে জানো কলিজাৰ অভ্যন্তৰলৈ? আহে আহে। সঁচাকৈয়ে আহে। মোৰো আহিছিল। বিয়াৰ বহুদিন পিছলৈকে জেতুকী গোন্ধ এটা হৈ আশীষ মোৰ আশেপাশে ঘূৰি ফুৰিছিলহি। কিন্তু ঝৰ্ণা মোৰ কোলালৈ অহাৰ পিছৰে পৰা মই যেন নতুন জনম এটা পালো। তাইক বুকুত সাৱটি মই যেন এসাগৰ প্ৰাপ্তিৰ মাজত সাঁতুৰি-নাদুৰি থাকিলো। ধোঁৱা হৈ সময়বোৰ চকুৰ আগেৰে পাৰ হৈ যোৱা মই নেদেখিছিলো। কেতিয়াৰ পৰা আশীষ মোৰ মনলৈ নহা হ’ল, কেতিয়াৰ পৰা তাক মনত পেলাই মই অনুপৰ আগত দুখ নকৰা হ’লো মোৰ নিজৰেই চোন মনত নাই। এৰা, আশীষ সঁচাকৈয়ে মোৰ বাবে অতীত হৈ গ’লগৈ।

 বুকুত মোৰ চোৰৰ ঘন সুৰ এটা বাজিছে। সুৰটোৱে মোক পিছলৈকে টানি টানি লৈ গৈছে। আন্ধাৰৰ মাজতো মই যেন কিবা খেপিয়াইছো। ভুলতে এৰি থৈ যোৱা বস্তু এপদ সাদৰেৰে নিবলৈ আহিছো যেন। কি বিচাৰি আহিছো মই? কি কি? নিজক নহয়তো? নিজৰ সত্ত্বাক?

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড