পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৫

কৰিলেও সমাজৰ নীতি নিয়ম উলংঘা কৰাৰ ধৃষ্টতা তেওঁলােকৰ নাই। সকাম-নিকাম, বিয়া-বাৰু খাবলৈ নাযায়েই। কেতিয়াবা গ'লেও সকলােৱে যেতিয়া হাঁহি-ফুর্তিৰে খােৱা-বােৱা কৰে কামিনিৰ দুচকু সেমেকি উঠে। ককায়েকৰাে সংসাৰ বাঢ়ে। নবৌৱেকজনী বৰ সাদৰী। কামিনিক মৰমেৰে আৱৰি ৰাখে। মাক দেউতাকেও ইহলীলা সম্বৰন কৰিলে। ভতিজাকহঁতাে ডাঙৰহৈ বিয়া বাৰু কৰাই সংসাৰী হয়। কিন্তু কোনােদিন কোনাে কথাতে তেওঁলােকে কামিনিক অৱহেলা কৰা নাই৷ ইমানখিনি মৰম পােৱাৰ বাবেহে আজি তেওঁ পয়সত্তৰ বছৰ এইখন ঘৰত পাৰ কৰিব পাৰিছে। বহুত অপেক্ষা কৰিছিল কামিনিয়ে গিৰিয়েকৰ ঘৰৰ কোনােবা এজন মানুহ আহক তাইৰ খৱৰ লওক। নাই ইমানদিনে কোনােৱেই নাহিল। তাই জীয়াই আছেনে নাই কোনও এটা খৱৰেই নকৰিলে। আৰ তাৰ মুখত শুনিছিল তেওঁলােকৰ ঘৰৰ মানুহে গিৰিয়েকৰ মৃত্যুৰ বাবে তাইকে দোষী সাব্যস্ত কৰিছিল। এটা এটাকৈ সকলাে কথা কামিনি দেৱীৰ চকুৰ সন্মুখত ভাহি উঠিল। আঘাতপ্রাপ্ত হৃদয়খনে নক'লে ৰক্তিমক আদৰি ল’বলৈ। “জানাে মই একো ধৰিবপৰা নাই।” বুলি বেৰৰফালে মুখ কৰি গাৰ কাপােৰখন টানি ললে।

 

“অৰ্দ্ধ আকাশ” মানেই কুমলীয়া নাৰীমনৰ ঘৰ, আশ্রয়, সুখ দুখৰ সহচৰ।
অৰ্দ্ধাকাশৰ বুকুত জিৰাবৰ দিনাৰ পৰাই দেখিবলৈ পাইছোঁ বহুরূপী জীৱনৰ স্তৰবােৰ, শিকিব পাৰিছাে
সাহসী হ'বলৈ,
প্রত্যাহ্বানক হাহিঁমুখে আদৰি লবলৈ আৰু সৰু সৰু সপােনবােৰেৰে সুখী হবলৈ...
||
—কাকলি ডেকা—

অর্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড