পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৪

ক্ষোভ

ৰাজশ্ৰী গোস্বামী

 “পেহী উঠকচোন ,এইয়া কোন আহিছে চাওঁকচোন।” ভতিজা বোৱাৰী নিশাৰ মাতত কামিনি দেৱীয়ে মূৰ তুলি চালে ।“কোননো মই ধৰিব পৰা নাই অ।” “আই মই ৰক্তিম, আপোনাৰ নাতি। মানে আপোনাৰ সৰু দেওৰৰ নাতি।”সৰু দেওৰ, সৰু দেওৰ একোৱেইচোন মনত নপৰে তেওঁৰ। শহুৰ শাহু, স্বামী-দেওৰ এইবোৰটো একেবাৰে অচিনাকি শব্দ কামিনি দেৱীৰ বাবে। সুদীৰ্ঘ পয়সত্তৰ বছৰৰ মূৰত ক'ৰপৰা আহিল এই সম্বন্ধৰ মেৰছে।  ঘৰখনৰ একমাত্ৰ ছোৱালী কামিনি। ককায়েক মাধৱ। সকলোৰে আলাসৰ লাৰু। খেলা ধূলা কৰি অনৱৰতে চিত পখিলিজনীহৈ ঘূৰি ফুৰে। একো কথাই গাত নালাগে। ঘৰত আলোচনা হয় দহ বছৰীয়া হল’হি, কোনদিনা শান্তি হয় ঠিক নাই। ভাল ল'ৰা এটা পালে দি দিব লাগে। বামুণৰ ছোৱালী বিয়াৰ আগতে শান্তি হলে চাৰিওফালে ৰৌজাল বৌজাল হ'ব। সমাজত মুখ উলিয়াব নোৱৰা হ'ব। বিচাৰ খোচাৰ কৰি এটা ল'ৰাৰ সম্ভেদ পোৱা গ'ল। ল’ৰাই ইন্টাৰ পঢ়ি আছে। দেউতাকহঁতে গৈ ঘৰ- বাৰী চাই আহিলগৈ। ঘৰৰ ডাঙৰ ল'ৰা, ভায়েক তিনিটা, ভনীয়েক দুইজনী। অৱস্থাপন্ন মানুহ, অপচন্দ হোৱাৰ কোনো কাৰণ নাই। সকলোৱে মিলি বিয়াৰ দিন বাৰ ঠিক কৰিলে। মাকহঁতৰ গাত ততেইনাই। এনেয়ে বুঢ়ীনাচনি তাতে আকৌতিনিয়েকৰ বিয়া। সকলোৰে এটাই চিন্তা ছোৱালীজনীৰ বিয়াখন কোনেও মুখ খুলিব নোৱৰাকৈ পাতিব লাগিব।

 কামিনিৰ ফুৰ্তিত ত'ত নাই। সকলোকে কৈ ফুৰে “মোৰ বিয়া। নতুন নতুন কাপোৰ দিব, গহনা দিব, কিমানযে ভাল লাগিব।” তাইৰ কথাত সকলোৱে মুখটিপি হাঁহে। কণমানি ছোৱালীজনীয়ে কি বুজিব বিয়াৰ অৰ্থ। বিয়াৰ আগদিনা জোৰোণ। আহিল। সোণৰ অলংকাৰ, নতুন কাপোৰবোৰ দেখি তাই আনন্দত আত্মহাৰাহৈ পৰিছে। ইটো পিন্ধি চাইছে, সিজোৰ কাপোৰ সলাইছে। গাঁৱৰ জীয়ৰী-বোৱাৰীবোৰে হাঁহি-ফুৰ্তিৰে জাত জাত বিয়া নামেৰে মুখৰিত কৰি তুলিছে ৰভাতল। পিছদিনা বিয়া। বিয়াৰদিনা দিনটো লঘোনে-ভোকে থকাৰ বাবে সন্ধিয়াতে কামিনি টোপনিত ঢলি পৰিল। দৰা আহি পালেহি। বিয়া নাম, ঢোলৰ মাত একোতেই তাই সাৰ নোপোৱাত ককায়েকে হোমৰ গুৰিলৈ ডাঙি আনিলে। বিয়াহৈ গ'ল তাই একো গমেই নাপালে। ৰাতিয়ে দৰাঘৰীয়া মানুহবোৰ ঘূৰি গ'ল। সিদ্ধান্ত হ’ল শান্তিহোৱাৰ পিছত তাইক লৈ যাব। পিছদিনাৰ পৰা কামিনি পুনৰ মুক্তবিহংগ। তাইৰ দিনৰ্যাত এক নতুন কাম সংযোজন হ’ল। পুৱা গাধুই উঠিয়েই আইনাখনৰ সন্মুখত ৰৈ গহনা-গাথৰি পিন্ধি ধুনীয়াকৈ সেন্দুৰৰ ফোট লোৱাটো। তাইৰ কামবিলাক চাই থাকি মাকে বৰ আনন্দ পায়। কেতিয়াবা সকলোৰে অজ্ঞাতে চকুলো টোকে, আৰুনো কেইটা দিন বুকুৰ মাজত থাকিব। দিনবোৰগৈ থাকিল। মাজে মাজে শহুৰৰ ঘৰৰ দুই এজন মানুহ আহে। কিন্তু দৰাজন এদিনো অহা নাই। কোনোবাই দৰাৰ বিষয়ে সুধিলে তাই নিমাতহৈ ৰয়। তাইযে তেওঁক দেখাই নাই। হোমৰ গুৰিটো নেদেখিলে।

 কামিনি বাৰ বছৰত ভৰি দিলেহি। লগৰীয়াবোৰৰ লগত খেলি থাকোতে এদিন ককায়েক মাধৱে তাইৰ হাতখনত ধৰি মাত্ৰ ক'লে “ঘৰলৈ ব’ল।” ঘৰলৈ আহি দেখিছে বাৰাণ্ডাত দেউতাকে চকুপানী টুকি টুকি বহি আছে আৰু মাকৰ মুৰত চুবুৰীয়া তিৰোতা দুগৰাকীমানে পানী ঢালি ঢালি বিচি আছে। “মা মা তোৰ কি হৈছে? উঠচোন উঠ।” “মাৰ একো হোৱা নাই। তোৰহে...।” সকলোৱে ধৰি মেলি তাইৰ শিৰৰ সেন্দুৰখিনি মচি দি গহনাখিনি খুলি দিলে। কোনোবাই আনি বগা সাজ এজোৰ পিন্ধাই দিলেহি। কামিনিয়ে কান্দোনত গছৰ পাত সৰুৱাইছে , স্বামীৰ আকস্মিক মৃত্যুৰ বাতৰিত নহয় গহনা আৰু ৰঙীন কাপোৰবোৰ খুলি দিয়াৰ বাবেহে। বিয়া , গৃহস্থী, স্বামী এইবিলাকৰ বিষয়েটো তাইৰ কোনো ধাৰনাই নাই। ক্ষন্তেকতে তাইৰ জীৱনৰ গতিপথেই সলনিহৈ গ'ল। ঘটনাটোৰ পিছত ফুল কুমলীয়া ছোৱালীজনীৰ বয়স যেন দুগুন বাঢ়ি গ'ল। ফুৰা চকা, সাজ

সজ্জা, খোৱা বোৱা সকলোতে বাধা আহি পৰিল। নিৰৱে চকুলো টোকাৰ বাহিৰে অন্য পথ নাই। বৰ মন যায় এজোৰ ৰঙীন কাপোৰ পিন্ধিবলৈ, এসাজ মাছে মঙহে ভালকৈ খাবলৈ। কিন্তু কাক ক'ব, কোনে শুনিব তাইৰ ব্যাথা। ঘৰৰ মানুহবোৰে মৰম

অর্ধ-আকাশ ঃ ৰচনাসমগ্র, প্রথম খণ্ড