পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৪

ধুমুহাই ধুই নিয়া সময়ৰ শেষত...

পম্পী বৰা বৈশ্য
(1)

 কিমতে ভকতি কৰিবো তোমাক হৰি এ এ.. মই মোহ মতি ই... নাজানো তোমা.. আ. ক...হৰি..ইই ই...।

 নাই, মাতটো যেন কিহবাই হেচি ধৰিছে। চকুৰে বৈ থকা পানী খিনি যেন পাৰ ভাঙি ওলাই আহিব বিচাৰিছে। মূৰটো দাঙি আঠুকাঢ়ি থকাৰ পৰাই ৰীণাই থাপনাখনলৈ চালে। হয়, তাইৰ এই ষোল্ল বছৰীয়া অকলশৰীয়া জীৱনৰ একমাত্ৰ বিশ্বাসী, আশা ভৰসাৰ থল এই থাপনাখন। যাৰ আগত তাই মনৰ সমস্ত দুখ খং অভিমান ক্ষোভ প্ৰকাশ কৰিব পাৰে দ্বিধাহীনভাৱে। সুখ দুখৰ প্ৰতিটো মুহূৰ্ততে এই থাপনখনৰ পৰাই ৰীণাই সাহস আৰু আশীৰ্বাদ পাই আহিছে। যেতিয়াই কিবা এটা সিদ্ধান্ত ল’ব লগা হয়, তেতিয়াই তাই দৌৰি আহে এই থাপনা খনৰ কাষলৈ আৰু যেন ইয়াতেই পাই যাই সকলো উত্তৰ।

 সেইদিনা আছিল ভাদ মাহৰ সংক্ৰান্তি। গোটেই গাঁৱৰ ৰাইজে লগ হৈ ৰাতি দুপৰলৈকে নামঘৰত নাম গাইছিল। গাঁৱৰ ডেকা-গাভৰু, বুঢ়া-বুঢ়ীৰ পৰা শেঙুন উজুৱাকেইটালৈকে নাম ৰসত মজি গৈছিল। ডবা কাঁহ নাগাৰাৰ শব্দই গাঁৱৰ আকাশ বতাহ মুখৰিত কৰি তুলিছিল।

 ৰীণাক শাহুয়েকে “এইটো গাৰে ৰাতি তই নামঘৰ লৈ যাব নালাগে, মই সোনকালে আহিম” বুলি কৈ ফুট গধূলিতে ওলাই গৈছিল।

 মানুহটোৰ কথাটো ক’বই নালাগে। নাম বলিয়া মানুহটোৱে এই ভাদ মাহটোত তাইৰ ভালকৈ খবৰ এটা ল’বলৈও যেন আহৰি পোৱা নাই। তাতে আকৌ সেইদিনা সংক্ৰান্তিৰ নাম। স্কুলৰ হেড্ ছাৰক ছুটিৰ বেলটো উপৰ শ্ৰেণীৰ ল’ৰা এটাৰ হতুৱাই মাৰিবলৈ কৈ আজি সোনকালে আহিছিল সি ঘৰলৈ। তাৰ পিছতে কোবাকুবিকৈ গাটো তিয়াই , জলপান অকণ নাকে মুখে গুজি, তেতিয়াতে নামঘৰলৈ গ’ল।

 ৰীণাই অকলে অকলে বাৰাণ্ডাৰ খুটাটোতে আউজি নামঘৰৰ পৰা ভাঁহি অহা নামৰ শব্দবোৰ হৃদয়ঙ্গম কৰিবলৈ চেষ্টা কৰি আছিল। নাই, আজি কিবা এটা শোকে যেন মনটো আগুৰি ধৰিছে। মানুহটোৰ মুখখনেই বাৰেবাৰে আহি আছে মনলৈ।

 দুবছৰৰ আগতে ৰাস পূৰ্ণিমাত ৰাধা হওঁতেই সি তাইক পছন্দ কৰিছিল। তাৰ দৰে নিমাখিত মৰমিয়াল বৰ পোৱাটো তাই নিজৰে সৌভাগ্য বুলি ভাবে।

 “শংকৰদেও কিনো তোমাৰ লীলা, অতৰাতি ভকতকনামেৰে মুহিলা।” সুললিত কণ্ঠৰে তাইৰ অতি মৰমৰ মানুহজনৰ মাতটো শুনাৰ লগে লগে তাই আৰু ৰ’ব নোৱাৰিলে। কেনেকৈ যে বাৰীৰ পিছফালৰ লুংলুঙ্গীয়া বাটটোৰে গৈ নামঘৰৰ পদূলি পালে গমেই নাপালে। উঃ গামত তিতি বুৰি নামগোৱাত ব্যস্ত মানুহতো দেখি তাইৰ অজানিতে চকু দুটা সেমেকি উঠিল।

 সেইদিনা সিহঁত বিছনালৈ যাই মানে ৰাতি এপৰ হৈছিল। শোৱাৰ সময়ত সি তাইৰ উফন্দি থকা পেটটোত হাত বুলাই কৈছিল, “সদায় ভগৱান ৰ ওপৰত বিশ্বাস ৰাখি চলিবি, দেখিবি এদিন আমাৰ পোনাকণ ডাঙৰ মানুহ হব। এই গাঁৱৰ নাম উজ্জ্বলাই তুলিব।” তাই কুছি মুছি তাৰ সবল দুবাহুৰ মাজত সোমাই পৰিছিল।

 পিছদিনা পুৱাৰ পৰাই ৰীণাৰ গাটো বেয়া লাগি আছিল। তল পেটটোত ধৰি ধৰিয়েই কোনোমতে গাটো ধুই থাপনাখনত সেৱাটো কৰি আহিল। চাহকণ বাকীও খাবলৈ মন নগল তাইৰ। পেটটো বেছিকৈ বিষাৰ ধৰাত তাই শাহুয়েকক ক’লে কথাটো। শাহুয়েকে বোলে,“তই অলপ জিৰণি লগৈ যা। ভাতকেইটা ময়েই বঢ়াই দিওঁ। কালি মোৰ কথা নুশুনি গৈছিলি নহয় ৰাতিখন। গাটো বেছি বেয়া কৰিলে ৰুণো বাইটিকে মাতি পঠাব লাগিব। ই সোন পুৱাতে আকৌ ক’লৈ ওলাই গ'লনো। বাপেকি হ’বৰ হ'ল, এতিয়াও গাত কথা নালাগেই। কি যে হ’ব তহঁতক লৈ।” মুখেৰে ভোৰৰোই ভোৰভোৰাই শাহুয়েকে কেঁচা খৰিকেইডাল ৰ’দত মেলি দিলে।

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড