পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৩

 চকলেট ফ্লেভাৰৰ আইচক্ৰীম এচামুচ বাতিটোৰ পৰা লৈ দিম্পলে মুখত দিলে। এটা চেঁচা চেঁচা মিঠা আলসুৱা সোৱাদ তাৰ ওঁঠৰ পৰা জিভা হৈ ডিঙিৰে সুৰুক কৰে সৰকি গ'ল। চেঁচা সোৱাদটো ডিঙিৰে পাৰ হৈ যাওঁতেই আইচক্ৰীম লাগি চেঁচা পৰি যোৱা জিভাখনেৰে তালুত হেঁচাটো দি ঠাণ্ডাখিনি দাঁতলৈ ঠেলি পঠোৱাৰো যে সুকীয়া আমেজ আছে। সোৱাদৰ আমেজত আধা মুদা চকুৰেই সি চিন্ময়ীলৈ চালে। তাই খিলখিলাই হাঁহি হাঁহি তাৰ কাষেৰেই এইমাত্ৰ পাৰ হৈ গ'ল। তালৈ নাচালেও। তাইৰ লগত এজন চৌখিন ডেকা। ডেকাৰ পৰিপাটি সাঁজ পোচাক। প্ৰথম দেখিলেই মানুহ মুহিব পৰা চেহেৰা। হয়তো চিন্ময়ীৰ প্ৰেমিক! নহ'লে বন্ধু।

 দিম্পলে নাচাওঁ বুলিও তাইলৈ ঘূৰি চালে। কিন্তু চকু পৰিলগৈ তাইৰ কপালতহে। তাইৰ কপালত এক বিন্দুসম ৰঙা সেন্দুৰ। তাৰমানে চিন্ময়ী বিবাহিতা? তাৰ হাতৰ চামুচখনৰ পৰা আইচক্ৰীমখিনি গলি গলি মাৰ্বলৰ মজিয়াত টোপ টোপ কৈ পৰিবলৈ ধৰিলে। কিছুসময়ৰ আগৰ প্ৰথম চিনাকিতে তাৰ বুকুত বাহ লোৱা মাদকতাখিনি হাতত লৈ থকা আইচক্ৰীমখিনিৰ দৰেই খন্তেকীয়া হৈ পৰিল।

 ⵓপিয়না, পিয়না ষ্টপ... কিমাননো আইচক্ৰীম খাই থাকা আৰু...

 কথাবোৰ দিম্পলৰ কাণত নোসোমায়। চকলেট আইচক্ৰীম আৰু চিন্ময়ীৰ কপালৰ বিন্দুমাত্ৰ সেন্দুৰ ৰং এটাই তাৰ ডিঙিটো চেঁচা কৰিহে আনিছে দেখোন... ক্ৰমশঃ


“অৰ্ধ আকাশ”-এক নাৰীশক্তি। এই শক্তিয়ে প্ৰতিগৰাকী নাৰীক প্ৰেৰণা দি
বিভিন্ন দিশত আগবঢ়াত সহায় কৰে।
||
—সুপ্ৰিয়া দত্ত বৰুৱা

অৰ্ধ-আকাশঃ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড