পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৯

মহানগৰ, মেট লিপষ্টিক আৰু পিয়না কাশ্যপৰ আইচক্ৰীম বিলাস

নিংকু নিশা নেওগ

 শাওণমহীয়া বতৰ। আকাশত ওন্দোলাই অহা কলীয়া ডাৱৰ আৰু সেউজীয়াৰ মাজেৰে ক'লা মোচোৱা গোমসাপৰ দৰে দীঘল দি পৰি থকা ৰাস্তাটো। দিম্পলে বাছখনৰ খিৰিকীৰ কাষৰ ছিটত বেগটো দলি মাৰি বহি ল'লে। সাধাৰণতে এনেকুৱা যাত্ৰাত যদিহে এজন কথাচহকী ৰসিক সহযাত্ৰী ভাগ্যত মিলে তেনে যাত্ৰাত আড্ডা জমি উঠে।

 গুৱাহাটীত থকা বৰদেউতাকৰ ছোৱালী মধুলেখাৰ বিয়ালৈ বুলি দিম্পল বাছত অকলেই যাবলৈ ওলাইছে। যোৰহাট আই.এছ.বি.টিৰ পৰা বাছখনে নুমলীগড় পোৱালৈকে তাৰ কাষৰ ছিটটোত কোনোৱে বহাহি নাছিল। বৰষুণৰ বতৰ কাৰণেই নেকি আজি বাছত আন দিনাতকৈ মানুহৰ সংখ্যা কম। দিম্পলে আচলতে ভালেই পাইছে। আপোনমনে বাছৰ খিৰিকী খুলি বৰষুণৰ ওফৰি পৰা পানীৰ টোপালবোৰক চকু মুদি গালে মুখে পৰিবলৈ আজাদী দি গৈ আছে।

 ⵓএক্সিউজ মি প্লিজ...

 তাৰ সুখানুভূতিত মোক্ষম আঘাট লগাই অচিনাকি নাৰীকণ্ঠই তালৈকে উদ্দেশ্যি মিহিকৈ যদিও ডাঙৰকৈ কৈ উঠিল। কথাৰ লগে লগে এটা মৃদু সুগন্ধিও আহি তাৰ নাকত লাগিলহি। মনটো তাৰ নাচি উঠিল। কিন্তু অলপ পিছতেই ভদ্ৰ মহিলাৰ পৰা আহিবলগীয়া কিছু আদেশ মিহলি অনুৰোধটোৰ কাৰণে সি নিজকে প্ৰস্তুত কৰি ল'লে।

 ⵓয়েছ...

 ⵓমনৰ অস্বস্তিখিনি ঢাকিবলৈ চেষ্টা কৰি সি কাণৰ হেডফোনডাল নোখোলাকৈয়ে ক'লে।

 ⵓউইণ্ড'খন অলপ বন্ধ দিব নেকি?

 ⵓসেমেনা-সেমেনি কৰি ভদ্ৰ মহিলাই কৈ উঠিল। ইফালে বিৰক্তিত দিম্পলে এতিয়ালৈকে চকু মেলাই নাই।

 ⵓঅহ ছিয়ৰ... ভেকাহি মাৰি দিম্পলে খিৰিকীৰ কঁচখন সশব্দে বন্ধ কৰি দিলে।

 ⵓথেংক ইউ...

 ভদ্ৰ মহিলাই মিহি সুৰত তাক ধন্যবাদ জনাই ছিটটোত আৰামকৈ বহি ললে। দিম্পলে কিন্তু তাৰ কাষতে বহা ভদ্ৰ মহিলালৈ এবাৰো নাচালে। এই মহিলাবোৰ যে নহয়! কাকো শান্তিত বহি যাবলৈ নিদিয়ে। অসন্তুষ্ট মহিলাবোৰো আহি আক’ তাৰ কাষৰ ছিটটোতহে বহিবলৈ পায়হি। কেতিয়াবা দাদা ৰ’দ পৰিছে খিৰিকীখন বন্ধ কৰি দিয়ক, নহ'লে ভাইটি বৰ বতাহ মাৰিছে খিৰিকীখন অলপ মাৰি দিয়াচোন। এওঁলোকৰ মানে ওজৰ আপত্তিৰ শেষ নাই। দেউতাকে ঘৰত ভুনভুনাই থকাৰ দৰে দিম্পলেও বাছত বহি বহিয়ে ভুনভুনাই বকি থাকিল।

 লাহে লাহে বাছৰ গতি বাঢ়ি আহিল। ইতিমধ্যে বাছৰ ছিটবোৰ যাত্ৰীয়ে অধিকাৰ কৰি লৈছেই। গতিকে এতিয়া আৰু ৰখা- ৰখিৰ কাৰবাৰ নাই। হেণ্ডিমেনেও বাছৰ দৰ্জাখন বন্ধ কৰি ড্ৰাইভাৰৰ লগত আড্ডা দিয়া আৰম্ভ কৰি দিলে।

 কাজিৰঙা পাৰ হৈ বাছ আহি বুঢ়া পাহাৰৰ কেঁকুৰি কেইটা পায়হি মানে বৰষুণ একেবাৰেই নোহোৱা হ'ল। গৰমত ছটফটনি লাগি দিম্পলে খিৰিকীখন মেলি দিলে। হঠাত বাছৰ গতি আৰু বুঢ়াপাহাৰৰ একা-বেকা ৰাস্তাত কাল খাই দিম্পলৰ কাষত বহি যোৱা ভদ্ৰ মহিলা তাৰ গাতে বাগৰি পৰাৰ দৰে পৰিলহি। হয়তো তেওঁ টোপনি গৈছিল।

 ছৰী, ছ’ৰী... প্লিজ বেয়া নাপাব. এক্সুৱেলী..

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড