পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লগা হ'ল...

 লোকক দেখুৱাই হাঁহে তাই পৰাণক দেখুৱাই হাঁহে অন্তৰত লৈ ফুৰে সেই দুখৰ কেঁচা ঘা মাজে মাজে ঘা টুকুৰা শুকাবলৈ লয় নিষ্ঠুৰ স্মৃতিয়ে বাৰে বাৰে খুচুৰি দিয়েহি ঘা টুকুৰা পুনৰ তেজ নিগৰে নিজকে বুজায় তাই কি হৈছে একোৱেই। হোৱা নাই তাই হাৰি নাযায়, হাৰিব শিকা নাই জীৱন যুজত তাই জিকিবই

 জীৱনত প্ৰথম বাৰৰ বাবে ইমান সুখী হৈছিল তাই। পৰাণৰ লগত বিয়া হোৱাৰ পিছতো সুখী হৈছিল তাই... কিন্তু সেই সুখ আৰু এই সুখৰ পাৰ্থক্য আছে... এই সুখ মমতাময়ী হোৱাৰ সুখ.. এটা নতুন জীৱনৰ সুখ। উপলব্ধি কৰিছিল তাই সুখ... আস্ সুখ... সুখ... সুখ মাথোঁ সুখ... চাৰিওফালে মাথো সুখৰ প্ৰচ্ছায়া. কিন্তু... হঠাৎ যে সুখৰ আইনা খন ভাঙি ঠান বান হৈ গ'ল... আকুঁহি থৈ গ'ল তাইৰ শৰীৰ... অ'ত ত'ত দাগ। যিবোৰ দাগে এতিয়া খুচৰি ৰঙা কৰে তাইৰ কলিজা.. পুনৰ তেজ ৰঙা চকুপানী বিৰিঙে তাই শুকুৱাবলৈ চেষ্টা কৰা ঘা টুকুৰাৰ পৰা...

 কাৰ সহ্য নহ'ল তাইৰ সুখ.. মানুহে কয় মানুহৰ কথা বেয়াকে ভাবিলে, মানুহক বেয়াকে ক’লে অভিশাপ লাগে... দুখ নামি আহে... কিন্তু তাইতো জানি বুজি কেতিয়াও কাকো দুখ দিয়া নাই... বেয়াকে কৈ পোৱা নাই... তেন্তে?

 মানুহে কয় ভগৱানক কাতৰে প্ৰাৰ্থনা কৰিব লাগে এই সময়ত, ভগৱানে ভাল কৰে। তাইতো সদায় প্ৰাৰ্থনা কৰিছিল ভগৱানক... তাইক ইমান সুখ দিয়াৰ বাৰে বাৰে ধন্যবাদ দিছিল... তেন্তে কি হৈ গ'ল তাই বুজি নাপায়... পুনৰ কিয়বোৰে আহি আমনি কৰে তাইক... কাৰ দোষ... কপালৰ?ভা গ্যৰ?

 পৰাণে কয় কপালত নথকা বস্তু হেনোনাপায়... মমতাময়ী হোৱাৰ সুখ তাইৰ কপালত নাছিল... তেন্তে এই ক্ষন্তেকীয়া সুখ ভগৱানে তাইক কিয় দিলে... আস্ এই কেঁচা ঘা কেঁচা ঘা..

 জীৱনটো জানো সদায়ে একে থাকে... ঘাত-প্ৰতিঘাতেইটো জীৱন... নিজকে বুজায় তাই... তথাপি কিয় তাই কলিজাৰ টুকুৰা টোক পাহৰিব পৰা নাই.. তাইৰ মঙহৰ টুকুৰা... তাইৰ আৰু পৰাণৰ তেজৰ টুকুৰা... কেনেধৰণৰ সম্পৰ্ক এয়া... পৰাণে বুজায় তাইক, “ভাল হ’ল, মায়া লগোৱাৰ আগতে গুচি গ'ল...” মায়া?? তাইৰ লগত নাছিল নে মায়া... তাইৰ গৰ্ভত স্থিত হোৱাৰ পিছৰ পৰাই টো মায়া আছিল... পেটত হাত ফুৰালেই তাই উপলব্ধি কৰিছিল সেই মায়া.. সেই মৰম... মমতাময়ী হোৱাৰ মৰম...

 সকলো সুখী আছিল, চাৰিওফালে কেৱল সুখ সুখ সুখ... সকলোৱে ইমান যত্ন লৈছে তাইৰ... ইমান সুখ কেৱল ভাগ্যবান সকলেহে পায়, ভগৱানক বাৰে বাৰে ধন্যবাদ দিয়ে তাই..

 আজি কেইদিন মান ধৰি তাই ইমান বেয়া বেয়া সপোন দেখিছে... তাইৰ কলিজাটো... “লাগিলে মোক মাৰি নিয়া প্ৰভু.. মোৰ কলিজাৰ টুকুৰা টোক কুশলে ৰাখা”

 “your baby has lost its heartbeat in 36 weeks.” অহ কি ৰিপৰ্ট এইবোৰ... সংজ্ঞাহীন হৈ পৰিল। তাই।

 তাই যেতিয়া জ্ঞান পালে নিজকে বিছনাত শুই থকা অৱস্থাত পালে..কাষত ডাক্তৰ। ডাক্তৰে কৈ গৈছে, “এইক্ষেত্ৰত তুমিয়েই সকলোতকৈ সাহসী হ'ব লাগিব পৰী, তোমাৰ সাহস আৰু ধৈৰ্যইহে আন মানুহক সাহস দিব।”

 কি হৈ গ'ল এয়া... মমতাময়ী হোৱাৰ সকলো দুখ সকলো কষ্ট পালে তাই... মাথোঁ কলিজাৰ টুকুৰাটো তাইৰ কাষত নাই. তাইক সঁহাৰি জনোৱা মঙহৰ টুকুৰাটো নাই.মমতাময়ী হোৱাৰ হেঁপাহত তাই নিজৰ শৰীৰটো এৰি দিছিল... কিন্তু তাই কি পালে? কেতিয়াও নুশুকাবলগীয়া এটুকুৰা ঘ. বহুত ধৈৰ্য ধৰে তাই..তাইৰ ধৈৰ্য আৰু সংযমেই যে আন মানুহবোৰক ভালদৰে ৰাখিব..বহুত কষ্ট হৈছে পৰাণৰ, তাই কান্দিলে সি আৰু কষ্ট পায়... নাকান্দে তাই..তাই জিকিব..জীৱন জিকিব। অপ্ৰাপ্তিৰ শেষত টো প্ৰাপ্তি আহিবই... তাই আৰু পৰাণে পুনৰ আদৰিব নতুনক.. তাই পুনৰ দেখিব মমতাময়ী হোৱাৰ সপোন... তাইক প্ৰাপ্তিয়ে পুনৰ পূৰ্ণতা দিব.. চকুপানীখিনি মোহাৰি ধৰমহাই বিছনাৰ পৰা উঠিল তাই... খিৰীকীখন বন্ধ কৰিবলৈ তাই

আগুৱাই গ'ল... বাহিৰৰ আকাশত তেতিয়া অলেখ তৰাৰ তিৰবিৰণি..

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড