পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৯

বুকুত এখন ঘৰ


মানসী গগৈ


 সৰুতে মাৰ লগত এনাইৰ ঘৰলৈ গৈছিলোঁ। পুৰণি ৰেলি চাইকেলখনৰ আগফালে ভন্টিক, পাছফালে কেৰিয়াৰত মোক আৰু হেণ্ডেলডালত বেগটো ভালদৰে লৈ দেউতাই আমাক বাছত তুলিবলৈ যায়। সেইদিনা দেউতাই চাইকেলখন থেলি থেলি নিয়ে আৰু কাষে কাষে মায়ে গহীন আৰু দীঘলকৈ খোজ কাড়ে।

 চাহ বাগানৰ মাজৰ দীঘল সেউজীয়া বাটটো সেইদিনা যেন চুটি হৈ পৰে। বাগানৰ বাটটো এৰি ৰাষ্ট্ৰীয় পথত উঠিয়েই দেউতাই বাওঁফালে ডিঙি মেলি চাই আৰু কয় - ‘অ হৰেণ আছে। মায়ে কয় – তেনেহ'লে বাচখন আহিবৰ হ'লেই।

 আমি দুজনীয়েও মনোযোগেৰে হৰেণদাইদ’লৈ চাওঁ। ডাকঘৰৰ চকীদাৰ হৰেণদাইদৱে মৰাপাটৰ বস্তা এটাত চিঠি এখিনি লৈ ৰৈ থকা দেখিলেই গম পাওঁ ৰঙা বাছখন অহা নাই। আৰু আহিবলৈও বেছি সময় নাই। দেউতাই মাক সোধে - ‘কেতিয়াকৈ উভতিবি।’

 ‘এই সপ্তাহটো থাকিম’ আয়ে অকণমান ভাল পালেই গুচি আহিম’-মায়ে কয়। এই কথাষাৰকে দেউতাই মাক ঘৰতো কেইবাবাৰো সুধিছে।

 অসম পৰিবহন নিগমৰ ৰঙা বাছখন ওচৰ পাওঁ পাওঁ হ'লে আমি দুজনী জঁপিয়াই উঠো।মায়ে দেউতালৈ চাই সেমেকি উঠে, কয় - ডাঙৰ বোপাই য'তে ত’তে ঘূৰি ফুৰিবলৈ নিদিব। এইকেইদিন ঘৰখন এৰি আপুনিও যেনি তেনি ওলাই নাযাব। পাছৰ কথাষাৰত দেউতালৈ যেন অলপ আদেশ অলপ অনুৰোধ থাকে।

 ৰঙা বাছৰ প্ৰতি আমাৰ দুজনীৰ কিমান যে হাবিয়াস। আমাৰ বাবে প্ৰতিখন ৰঙা বাছেই এনাইৰ ঘৰলৈ যায়। এনাইৰ ঘৰলৈ যোৱা এইৰঙা বাছ আমাৰ যে কিমান আপোন, কিমান হেঁপাহৰ। আৰু যেতিয়াই উঠিবলৈ পাওঁ, সেই আনন্দ বৰ্ণনাতীত। ভন্টি মাৰ কোলাত বহে আৰু তিনিজনীয়া কাঠৰ চিটটোত আন দুজন যাত্ৰীৰ লগত মিলাইমইও কুঁচি মুচি বহি লওঁ। সেই দুজন যাত্ৰী যদি মা দেউতাৰ চিনাকি হয় তেনেহলেতো কথাই নাই। মোকো মৰমেৰে কোলাত বহুৱাই ল'ব।

 সান্দহ, চিৰা, খৰিচা, শুকতি, মাছ, এটা জালিকোমোৰা, নতুনকৈ উঠা হাঁহ বাহৰ পৰা হাঁহ এটা, ৰহী সাজৰ বটল এটা এনেধৰণৰ বয়বস্তু ভৰোৱা মোনাটোত বিস্কুটৰ পেকেট দুটা কিনি ভৰাই দেউতাই হাঁহটো ঠিকে আছেনে নাই চাই দিয়ে। কেৱল ঠোটটো বাহিৰলৈ উলিয়াই থকা হাঁহটোৱে ফুচফুচাই উঠে। মোনাটো মাৰ ওচৰত থৈ দেউতাই কয়, যাবি তেনেহ'লে আৰু বাছখনে গতি কৰাৰ আগতেই দেউতা নামি যায়। মাক তেতিয়া অকণমান বিষন্ন দেখো। হয়তো ঘৰত এৰি থৈ অহা ককাইদেউ আৰু দেউতাৰ অনুপস্থিতিয়ে সামান্য ব্যাকুল কৰি তোলে।

 পুঠাদ’তিয়ে বৰ আপডালেৰে পতা ফুলনিখনত ল'ৰি-চাপৰি, দীঘল পদূলিটো, ঘৰৰ সন্মুখৰ পুখুৰীটো, পদুলিৰ স্থলপদ্মজোপা, আতলচ জোপাত আমাৰ আনন্দ বাসনাৰ দেউকা মেলি , মোমাইদেউৰ ল'ৰা-ছোৱালী কেইটাৰ লগত লুকা- ভাকু খেলি দেখুন দুদিন পাৰ হয়হে মায়ে দেখোন ঘৰলৈ উভতিবলৈ অস্থিৰ হৈ পৰে।

 পুঠাদ’তিয়ে ৰোৱা নানান ফুল গছৰ তলে তলে দৌৰি ফুৰা, দীঘল পদূলিটো পাৰ হৈ পোৱা ডাঙৰ অথচ অগভীৰ নলাটোত বৰশী বোৱা, আতলচ গছৰ ডালত বহি থকা, লুটিয়াই থোৱা ডাঙৰ নাওখনত পেট পেলাই শুই থকা মই ভাবো কিয়নো মা দুদিনতে যাবলৈ ওলাইছে। দেউতাকচোন এই সপ্তাহটো থাকিম বুলি কৈ থৈ আহিছে। এক সপ্তাহতটো সাতদিন থাকে। মায়ে যদি এনাই ঘৰত বহুত দিন থাকিলেহেঁতেন।

 ৰাতিপুৱাৰে পৰা ওচৰ-চুবুৰীয়া বংশ-পৰিয়াল ইঘৰ সিঘৰকৈ মায়ে চুবুৰীটোৰ আটাইকেইঘৰতে ফুৰিবলৈ যায়। কাৰোবাৰ ঘৰত চাহ এবাটি, কাৰোবাৰ ঘৰত তামোল এখন খাই মায়ে প্ৰত্যেকৰে ঘৰতে এপাক মাৰে। কোনোবাই সোধে - বাইদেউ

দুদিনমান থকাকে আহিছনে? এইবাৰ আমাৰ ঘৰতো ভাত এসাঁজ খাই যাবি।

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড