পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭০

 —পেহীদেউ ইমানদিনৰ মূৰত আহিছ যেতিয়া দুদিনমান থাক। আজিৰ ৰাতিৰ সাঁজ আমাৰ ঘৰতে খাবি।

 মায়ে সকলোৰে কথাত লগে লগে না না কৰি উঠে। ওই নোৱাৰো নহয়। ঘৰত ভিনীয়েৰা ল'ৰাটো লৈ অকলে আছে। আইৰ অসুখ বুলি খবৰ এটা ল’বলৈ এনিশালৈ আহি তিনিনিশা হ'লেই। কাইলৈকে যাবগৈ লাগিব। দেউতাক সাতদিন থাকিম বুলি কৈ মায়ে কিয় মানুহবোৰক এনেকৈ কয় মই ভাবি নাপাওঁ।

 এনাইৰ ঘৰলৈ অহা দুদিন আগৰে পৰাই মায়ে দেউতা আৰু ককাইদেউক দিহা দি থকা শুনো-গৰুকেইটা ভালদৰে চাব। ছাগলী চাৰিটা বাৰীত এৰাল দিবলৈ আজি পঘা লৈ আহিব। মই নাথাকিলে ক’ৰ বস্তু ক'লৈ যায় ঠিক নাই।

 আকৌ ককাইদেউক ক’ব- ডাঙৰ বোপাই, হাঁহকেইটা অলপ সময় মেলি দি চাই থাকিবি। ঘৰৰ পুখুৰীটোৰ পৰা বাহিৰলৈ যোৱাৰ আগতেই দানা দি বান্ধি থবি। দেউতাৰলৈ বাট নাচাবি।

 কুকুৰাবোৰ নিজে নিজে গঁড়ালত সোমাবই, পোৱালী লগা দুজনী মন কৰিলেই হ'ব।

 বৰদেউতাৰ ঘৰৰ ডাঙৰ বাইদেউক ক'বগৈ - চেনৌ, মই আইৰ ঘৰলৈ যাম বুলি ভাবিছো। মই নাথকিলেনো দদায়েৰে ক’ত ঘৰ দুৱাৰ চাব। ঘৰ গুচি বাহঁতল হ’ব। তই ঘৰ-চোতালকেইটা পাৰিলে সাৰি দিবি। চাহকণ ভাতকিটা দদায়েৰে সিজাই খাব পাৰিব।

 ইয়াৰ পাছতো, ইমানৰ পাছতো দুনিশাৰ পাছতে মা কিয় জানো মোমাইদেউৰ ঘৰৰ পৰা উভতিবলৈ অস্থিৰ হৈ পৰে।

 মোমাইদেৱে কয় - বাইদেউ থাক দুনিশামান, ঘপহকৈনো ক'ত আহিব পাৰিবি।

 মাইদেৱে কয় – আহোঁ বুলিলেই আহিব নোৱাৰি নহয়। বাইদৌ আৰু দুনিশা থাকক, এইকেইদিন ইঘৰ-সিঘৰকৈ ফুঁৰোতেই গ'ল। ভালকে কথা এষাৰকে পতা হোৱা নাই। ভালকৈ ভাত এসাঁজো খোৱা নাই।

 লগে লগে মায়ে কয় - ইঅ' ন-ছোৱালীৰ যে কথা, আৰুনো কি খাব লাগিছে। বহুত খাইছো। কথানে কি কথাকেইষাৰ কওঁতে যেন মাৰ বুকুৰ পৰা এটা বিষ উজাই আহে, চকুৰ কোণ দুটি সামান্য সেমেকি উঠে।

 মায়ে এনাইদেউৰ কানি কাপোৰ ধুই ৰ'দাই পৰিপাৰ্টি কৰি দিয়ে। কয়, আই, মায়েকে দিয়াবোৰ ভালকৈ খাবি। ঠেহ পেছ ধৰি নাথকিবি। মায়েকক হেকাতন পাৰি নাথকিবি। তাইনো কিমান কৰিব। ল'ৰা-ছোৱালী, খেতি পথাৰ, হাঁহ-পাৰ, ধান- চাউলেৰে ঘৰৰ কাম চালোতেই যায়। এনাইয়ে কয়-মোৰনো কি অসুখ চিন্তা নকৰিবি। দুদিনমানৰ পিছতে তোৰ তাত ওলামগৈ। নাতিকেইতাক ভালকৈ চাবি।

 এইবাৰ মোমাইদেউ আহে আমাক গাড়ীত তুলিবলৈ। আমি এজনীও যেতিয়া চাইকেলত উঠিবলৈ মান্তি নহঁও, মোমাইদেৱে মোনাটোৰ সৈতে চাইকেলখন ঠেলি আহে। এনাইদেউ, মাইদেউ আৰু ল'ৰা-ছোৱালীকেইটাই অলপ দুৰলৈ আগবঢ়াই উভতি যোৱাৰ পিছত আমি দুজনী ঘনচিৰিকাৰ জাপ দি দি আহি তিনিআলিটোৰ মূৰত ৰঙা বাছৰ বাবে অপেক্ষা কৰে। ৰঙা বাছ আহে। আমি উঠো। চিটত বহি লৈ মায়ে নিজকে কোৱাদি কয় - আজি নহা হ'লেই ভাল আছিল, কাইলৈ বাসন্তীজনী আহিব, লগ পালোহেঁতেন।

 ‘মা নাথাকিলানো কেলেই? বাসন্তী মাহীহঁতৰ এনাইয়ে তোমাক ইমান থাকিবলৈ কৈছিল।'মায়ে মুখেৰে একো নামাতে । মাৰ চকুযোৰ সেমেকি থাকে।

 সেয়ানো কিমান দিনৰ পুৰণি কথা। এতিয়া মইও দৌৰি যাও জন্মৰ ঘৰখনলৈ। গৈয়ে একেকোবে পাছচোতাল পাওঁগৈ। আগফাল-পিছফাল কৰি কিমান যে ভাল লাগে।নতুন যেন লাগে। পোহৰ যেন লাগে। গাভৰুকালতে শোৱা বিচনাখন, আলনাড়াল, বাকচকেইটা দেখিলে ইমান খুচৰি খুচৰি চাবলৈ মন যায়, কিন্তু বিচনাখনত বহু দেৰিলৈকে বাগৰি থকাৰ বাহিৰে একোৱেইচোন কৰা নহয়। জন্মৰ পৰা বাইশ বছৰলৈকে যিখন ঘৰ মোৰ হাতৰ পৰশত ফুলিছিল, সেয়াচোন এই দুদিনতে মোৰ নহয় যেন লাগে। একোৱেইতো মোৰ নিজৰ নহয়।

 মইও মাৰ দৰে সেই অস্থিৰতাত ভূগো। বিয়াৰ পিছৰ পৰা দীঘলীয়াকৈ থাকিবলৈ খুব কমেইহে যাওঁ। কেতিয়াবা বিহু, সকাম আদিত যেনেতেনে এনিশা কটাওঁ। নহ'লে উভতিয়ে আহে। ল'ৰা ছোৱালীকেইটাৰ হেঁপাহ মোৰ ইচ্ছাক দোহাই

এওঁক প্ৰায়ে কওঁ, এইবাৰ কিবা বন্ধ পালেই, মাৰ ঘৰলৈ যাম কেইবানিশাও থাকিমগৈ। আপুনি কিন্তু না কৰিব নোৱাৰিব, এওঁ

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড