পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৮


 আঠুৰ পৰা তেজ নিগৰি থকা, বিষত কেকাই থকা ষ্টেলাকৰবাৰ্টে চোঁচৰাই নিজৰ খেকলৈ লৈ গ'ল। শ্বেকৰ ভিতৰফালৰ কোঠাটোৰ বিচনাখনত বহি থকা ষ্টেলাৰ মুখখন বৰ কৰুণ যেন লাগিছে। বাহিৰত ধুমুহা, চাৰিওদিশ অন্ধকাৰ। ষ্টেলাৰ বুকু উদং হৈ গ'ল। কঁকালৰ স্কাৰ্ট খহি পৰিল। ৰবাৰ্টে তাইক প্ৰচণ্ড জোৰেৰে হেঁচা মাৰি ধৰিলে। তাইৰ এনে লাগিবলৈ ধৰিলে সি যেন এডাল অজগৰ সাপ। অজগৰৰ ডাঠ জিভাখনে তাইৰ বুকুৰ মঙহ বখলিয়াই নিলে। প্ৰচণ্ড হেঁচাত তাইৰ গোটেই গাটোৰ হাড়বোৰ ভাঙি যাব যেন লাগিল। তাই চিঞৰিব খুজিলে। কিন্তু নোৱাৰিলে। অজগৰে তাইৰ মুখখনত সোপা মাৰি ধৰিলে। অজগৰৰ মুখত মদৰ ভেকেটা ভেকেট গোন্ধ। ষ্টেলাৰ ওকালি আহিবলৈ ধৰিলে।

 শেষ ৰাতি তাই হলকা হলকে বমি কৰিলে।

**************
ধানো খাম, চাউলে? খাম,
চম্পাৱতীক বিয়া কৰাই ঘৰলৈ লৈ যাম।

 নাই। তাই নামানে।

 ৰবাৰ্টৰ লগত তাই কেতিয়াও বিয়া নহয়। ষ্টেলাই বাপেকৰ কথা কোনোপধ্যেই মানি নলয়। ৰবাৰ্টলৈ তাইক বিয়া দি গোটেই জীৱনটো বহি বহি খোৱাৰ ব্যৱস্থা কৰিব বিচাৰিছিল বাপেকে। ৰবাৰ্টে লোভ দিছে। সিহঁত সুখত থাকিব পাৰিব। মাথো ষ্টেলাক তালৈ বিয়া দিব লাগে।

 ষ্টেলাই জানিছিল ৰবাৰ্টৰ লগত বিয়া হ'লে প্ৰতি নিশাই তাই পাব লাগিব দুখত পিষ্ট হোৱা ঘিণ লগা সময়বোৰ। সোণ- ৰূপ, হীৰা-মুকুতাৰে তাইক ভৰাই দিব পৰা ৰবাৰ্টক সেয়ে তাইৰ এডাল অজগৰ যেন লাগে। যিডালে তাইৰ পৰিয়ালটোক দিয়া ধনৰ বিনিময়ত তাইক খুটি খুটি শেষ কৰি পেলাব খোজে। তাইৰ তেজবোৰ শুহি শুহি খাব খোজে। তাৰ গাৰ গোন্ধটো মনলৈ আহিলেই তাইৰ মূৰটো ঘূৰাই যাব খোজে।

*****************

 কালাংগুট বীচ্ছত কেৱল বালি। তপত বালিত বহি ষ্টেলাই সদায় বেপাৰ কৰিব লাগে। বালিয়ে মানুহৰ খোজৰ গতি ধীৰ কৰে। বালিত মানুহে উজুটি খায়। মুখ থেকেচা খাই পৰে। ষ্টেলাক শিল লাগে। যি স্থিৰ আৰু টান। য'ত থিয় হৈ নিজকে অটল অম্লান যেন লাগে। আজি আঞ্জুনা বীচ্ছত থিয় হৈছেগৈ ষ্টেলা। সেইখন বীচ্ছত কেৱল শিল। তাত বালিৰ চিন মোকাম নাই। ওখ শিল এচটাত থিয় হৈ তাই সাগৰখন মন ভৰাই চাইছে। আশৈশৱ চিনাকী সাগৰখনকে তাই ভৰাই লৈছে বুকুৰ মাজত। সাগৰক হেনো সকলো ক'ব পাৰি। ভাল-বেয়া, সুখ-দুখ, সকলো ভগাব পাৰি হেনো সাগৰৰ লগত। সাগৰৰ পাৰলৈ হয়তো বহু মানুহ এইবাবেই ঢপলিয়াই যায়। নিজৰ নোপোৱাবোৰ, দুখ-বেদনাবোৰ সাগৰৰ বিশাল বুকুত এৰি দিবলৈ।

 সন্মুখত তাইৰ বিশাল জলৰাশি। সৰু ডাঙৰ অজস্ৰ ঢৌৰ খলখলনি। বতাহৰ সোঁ-সোঁৱনি। আস্! কি অদ্ভুত মায়া আছে সাগৰৰ! সকলো ক্লান্তি, অৱসাদ, তেজ, ঘাম, ধূলি ই সামৰি ল'ব পাৰে নিজৰ মাজত। সকলো দুখ-যন্ত্ৰণাৰ পৰা ইয়াতেই মুক্তি পাব পাৰি। ‘আৰু আগবাঢ়ি নাযাবা চম্পাৱতী। পিছলি পৰিবা।

 ঘূৰি আহা।

 ঘূৰি আহা চম্পাৱতী.....!

 আৰৱ সাগৰৰ তীৰৰ শিল এটাত থিয় হৈ সেয়া চম্পাৱতী। চম্পাৱতীয়ে কাৰো মাত শুনা নাছিল। তাইক সাগৰে

মাতি আছিল।

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড