পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৫)

আন ২ প্ৰধান বিলাকৰোঁ আজ্ঞা শুনিব লাগে। বিচপ আমাৰ জিজনৰ যত্ন লবৰ বাবে পবিত্ৰ পাপৰ পৰা স্থাপিত হৈছে , এই দেখি তেওৱে আমাৰ আত্মা বোৰৰ ৰখীয়া। তেওঁৱেই আমাৰ সন্মানৰ যোগ্য। এই কাৰণে তেওঁ যি পাদ্ৰি আমাক বিশ্বাসৰ সত্য আৰু স্বৰ্গৰ পথ দেখুৱাবলৈ পঠাইছে সিবিলাককো আমি মান্য কৰিব লাগে। পাদ্ৰিযে আমালোকক ঈশ্বৰৰ সন্তান নিৰ্ম্মান কৰে. পবিত্ৰ কমূন্যৰ দ্বাৰা আমালোকৰ আত্মাক খুৱাইছে; পাপস্বীকাৰেৰে আমাৰ আত্মাৰ আঘাত বোৰক সুস্থ আৰু আৰোগ্য কৰে।

 উপদেশৰ দ্বাৰা আমালোকক শিক্ষা দিছে যে দুখ কষ্টৰ সমযাত তেওতে সান্তনা পাওঁ, পৰীক্ষাৰ কালত যুজ কৰিবলৈ সাহ দিছে আমি নৰীযানে তেওঁ আমাক দৰ্শন কৰিবলৈ আহিব। আমি মৃত-প্ৰায নে : তেওঁৰ পৰা ধৰ্ম্মৰ সান্তনা পাম। পাদ্ৰি ঈশ্বৰৰ মন্ত্ৰী সেবক এই কাৰণে আহা আমি তেওঁৰ সম্মান কৰি আমাৰ আত্মা বিষয়ত তেওৰ কথা শুনি চলিম। নাম সম্মান আৰু অধীনতা আন প্ৰধান বিলাকো দিযা আবশ্যক, অৰ্থাৎ ৰজাক আৰু যিজন তেওঁৰ পৰা দোষৰ শান্তি শৃঙ্খলা ৰাখিবলৈ স্থাপিত হল সিবিলাকৰ আদেশ শুনিবা। শাসন কৰ্ত্তাৰ বিৰোদ্ধে বিদ্ৰোহ কৰিবলৈ নিষিদ্ধ। মি সভা, সঙ্গ আৰু দেশক ঘৃণা কৰে সিহতৰ লগ লবলৈ মানা। কৰ দিবলৈ আৰু যি আদেশ পৰমেশ্বৰৰ আজ্ঞা বোৰৰ বিৰোদ্ধে নহয়, সিহতক শুনিবলৈ আমাৰ আবশ্যক। ভাগ্য নিজ স্বামীৰ অধীন। দাস বিলাক নিজ নাথৰ প্ৰতি সবিনয়, আজ্ঞাকাৰী আৰু বিশ্বাসৰ পাত্ৰ হব। যি যি আদেশ, যি যি কাম সিবিলাকক দিয়া যায় কৰিব লাগে। শিক্ষক প্ৰধান বিলাক অধীন বিলাকৰ প্ৰতি দয়া প্ৰকাশ কৰিবলৈ বাধ্য। অধীন বিলাকক আহাৰ বাসস্থান আৰু উপদেশ শুনিবৰ নিমিত্তে সুযোগ দিবলৈ তেওঁবিলাকৰ আবশ্যক। পাপৰ সুবিধাৰ পৰা সিবিলাকক ৰক্ষা কৰিব আৰু যি যি অধীন বিলাক কৰিব পাৰে ইয়াক হে ভাল কৰিব। সিবিলাকৰ কাৰ্য অনুসৰি যুক্তিযুক্ত উচিত ধন্য জ্ঞান দিবলে প্ৰধান বিলাকৰ আৱশ্যক। সন্তান বিলাকক পুহিবলৈ, সিহঁতক শিক্ষা দিবলৈ ভুল শুদ্ধ কৰিৰলৈ, ভাল উদাহৰণ আৰু খ্ৰীষ্টান কাথলিক শিক্ষা দিবলৈ