পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৪)


প্ৰকাশ কৰি আমি ক্ৰুচৰ চিন কৰো যে খ্ৰীষ্টৰ মাজেদিয়েই সকলো সাহ আৰু দয়াৰ কথা শুনোঁ। আৰু আমি তেওঁক সদাই বিশ্বাস কৰো। আমি আমাৰ পৰা দুষ্টৰ প্ৰলোভন আৰু গৰ্ব্ব-ভাবৰ ৰিপু দুৰ হবলৈ আমাৰ গাত ক্ৰুচৰ চিন কৰোঁ। কিয়নো সেই বিলাকে আমাক ঈশ্বৰৰ মহিমা ঘোষনা কৰিবলৈ নিদি কেবল আমাৰ নিজৰ কাৰণেহে কাম কৰিবলৈ দিয়ে।

 আমি সদাই ভক্তিভাবেৰে ধৰ্ম্মোপদেশ পূৰ্ণ পবিত্ৰ অথচ অতি সহজ আৰু চুটি প্ৰাৰ্থনা কৰিবৰ কাৰণে আমাৰ মনত অলপ উৎসাহ দৰকাৰ। কিন্তু আমি আকৌ ভাবি চোৱা উচিত আমি কৰা ক্ৰুচৰ চিনৰ দ্বাৰা তেওঁ যে তুষ্ট হৈছে, এই কথা আমাক সকলো সময়তে দেখুৱা নাই।

 এনে প্ৰবাদ আছে যে কোনো দুষ্ট মানুহে সন্ত বেনেদিক্টক এবাটি বিহ দিছিল। সেই পবিত্ৰ পুৰুষে খোৱা পিয়া সকলো কৰাৰ আগতে ক্ৰুচৰ চিন কৰাৰ অভ্যাস আছিল। সেই বাটিটোক পিয়াৰ আগতে আমাৰ মুক্তিৰ চিন ক্ৰুচৰ অভ্যাস কৰিলে। হঠাৎ বাটিটো ভাগি চুৰ মাৰ হৈ গ'ল। এই দৰে সৎ বেনেদিক্টে ক্ৰুচৰ দ্বাৰা ৰক্ষা পালে।

 বিশেষকৈ আমি আমাৰ জীৱনলৈ চুক ৰখা উচিত, যাতে আমাৰ আত্মাই শৰীৰৰ দুৰ্ব্বলতা, দুষ্টৰ প্ৰলোভন, আৰু বাধা বিঘিনিৰ মাজেদিৰ্ঘ জীৱন অতিবাহিত কৰিব পাৰি, যদি অমি ক্ৰুচৰ চিন ভালকৈ বুজি আৰু আগ্ৰহেৰে সৈতে মনত ৰাখি কৰোঁ।

⸻⸺

 এয়ে মোৰ আদেশ, যেনেকৈ মই তোমাক ভাল পাওঁ সেই দৰে তুমিও পৰস্পৰে ইটোৱে সিটোক ভাল পোৰা। (যন ১৫-১২)

 যদি এটা মানুহে কয়, মই ঈশ্বৰক ভাল পাও আৰু যদি সি তাৰ ককায়েকক ঘিন কৰে, তেন্তে সি মিচলীয়া; কিয়নো সি তাৰ ককায়েকক দেখিও ঘিন কৰে, তেনেহলে সি ঈশ্বৰক নেদেখাকৈ কেনেকৈ ভাল পায়। (১ মন ৪-২০ )