পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৩)

প্ৰশ্নোত্তৰ

প্ৰশ্ন :— খ্ৰীষ্টিয়ানবিলাকে কিয় ক্ৰুচৰ চিন কৰে?

উত্তৰ :—ক্ৰুচৰ চিন আমাৰ বহুত দিনৰ আগৰে পৰা ব্যৱহাৰ কৰা পুৰনি অভ্যাস। টাটু লিয়ন্দে নিয়ম কৰি গৈছিল (১০০-২২২) খ্ৰীষ্টিয়ান বিলাকে খোৱা, কাম কৰা, প্ৰাৰ্থনা কৰা, শোৱা ইত্যাদি দিনৰ প্ৰধান কাম বিলাকৰ আগেয়ে ক্ৰুচৰ চিন কৰিব লাগে।

 বেপটিচমা দিওতে ক্ৰুচৰ কেইবাটাও চিন আমাৰ কপাল আৰু বুকু ইত্যাদিৰ ওপৰত কৰা হয়। খ্ৰীষ্টৰ নিমিত্তে জীৱাই থাকিবলৈ আৰু তেওঁলৈ উচৰ্গা কৰিবলৈ শোৱৰাই দিয়া হয়। যাতে খ্ৰীষ্টই আমাৰ মন, হৃদয়, কথা আৰু সকলো কামকে শাসন কৰে।

 ক্ৰুচৰ চিন সেই কাৰণে খ্ৰীষ্টলৈ আমাৰ এই উচৰ্গা শোৱৰোৱা এটা চিন? আমি তেওঁলৈ সম্পন্ন কৰা কামৰ এটা প্ৰাৰ্থনা। এই কথাৰ দ্বাৰাই পবিত্ৰ ত্ৰিত্ত্বৰ ৰহস্য প্ৰকাশ কৰা হয়। আমিও খ্ৰীষ্টিয়ানৰ এই প্ৰধান ৰহস্যত, আমাৰ বিশ্বাস প্ৰকাশ কৰো। “আমি তেওঁক পবিত্ৰ আত্মাৰ পুতেক পিতাৰ নামত।” (বহুত নামত নহয়, কাৰণ ঈশ্বৰ এজন) সেই কাৰণে আমি কওঁ তিনি বক্তিৰে এক ঈশ্বৰ। ক্ৰুচৰ চিন কৰাৰ দ্বাৰাই ধৈৰ্য্যৰ মাজেদি আমাৰ মুক্তিত বিশ্বাস প্ৰকাশ কৰোঁ। ক্ৰুচৰ ওপৰত মৃত্যু মানুহৰ ঈশ্বৰ, ঈশ্বৰৰ পুত্ৰ।

 ক্ৰুচৰ চিন এটা অশীৰ্ব্বাদ। ঈশ্বৰৰ আশীৰ্ব্বাদ প্ৰাৰ্থনা আমাক আৰু আমাৰ কামত : আমি কওঁ ঈশ্বৰৰ নামত ইত্যাদি। আমি কওঁ যাতে আমাৰ কামে তেওঁৰ দৃষ্টিত সন্তোস দিয়ে। তেওঁ যেন আশীৰ্ব্বাদলৈ অনুমতি দিয়ে আৰু বিশেষকৈ যেন তেওঁৰ যশলৈ লগৰীয়া হয়। ইয়াকে