পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮৫
দেৱ-কন্যা মানৱী বেশেৰে।

পুৱঁতী নিশাৰ ফুলটিৰ দৰে,
  সদাই লাজতে মৰা।
সকলো দেখিলোঁ, থৰ লাগি চালোঁ,
  চাই চাই ভোল গলোঁ।
গভীৰ হিয়াৰ গভীৰ তলিত
  তোৰ ৰূপ সাঁচি থলোঁ।
হৃদয়ৰ বীণ বাজিল আকউ।
  তন্ত্ৰীত পৰিল তান।
তোৰ লগে মিলি ক্ষুদ্ৰ কণ্ঠ তুলি।
  কৰিলোঁ কতনো গান।
‘তই যে মাতিলে মইনাৰ মাত।
  কোকিলৰ ধ্বনি শুনো।
অনুপমা তোৰ ৰূপৰ মাধুৰী।
  দেখি কত কথা গুণো।
অমৰাৱতীৰ কোন দেৱকন্যা
  বাট-পথ হেৰুৱাই।
মানৱ দেশত মানৱী বেশেৰে।
  মানৱ-গৃহ শুৱাই,
আছিলি দুদিন; তোৰ চৰণত
  হিয়া মোৰ দিলো সঁপি,
তোৰ প্ৰতিমাকে ঘনে ঘনে চাওঁ।
  থাকোঁ তোৰ নাম জপি।
আছোঁ মই সুখে ৰূপ-মধু খাই,
  এদিনা কলিহি “যাওঁ।”
“নেলাগে সংসাৰ” মিচিকাই হাঁহি,
  মাৰিলি তই উৰাও।
কলৈ যাৱ সোণ, এখন্তক ৰবি,
  নহবি নিৰ্দয় অতি।
যাৱ যদি মোকো লই যা লগতে,
  থাকোঁ মই কাৰে সতি।

৭৪