পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮৬
অসমীয়া সাহিত্যৰ চানেকি।

কান্দি-কাতি হায়! হলোঁ হাৰাশাস্তি
  নেপালোঁ সাক্ষাৎ আৰু।
গলি প্ৰাণাধিকে নেচালি উভতি
  গলি সঁচাকৈ বাৰু।
দূৰ দূৰণিৰ উন্নত দেশত
  বিহৰিছ তই সুখে।
আকাশৰ তলে সংসাৰ-মৰুত
  দহি মৰোঁ মই দুখে।
ধৰমী জীৱন পৱিত্ৰৰ খনি
  নিৰমল তোৰ দেহা!
নীচ মোৰ মন, পাপ-সংসাৰত
  কৰিছোঁ পাপৰ বেহা।
তই দেৱ কন্যা, মই ক্ষুদ্ৰ নৰ!
  কিন্তু এটি কথা কওঁ,
তই মোৰ ধ্যান তই মোৰ জ্ঞান,
  তোৰেহে নামক লওঁ,
তোৰেহে নামকে ৰাতি দিনে জপোঁ,
  তোকে ভাবি ভাবি থাকোঁ।
জীম যত দিন তোকেহে ভাবিম
  হৃদয়ত কাকো নাকোঁ।
মহানিদ্ৰা আহি ধৰিব যেতিয়া
  চকু মোৰ মুদ খাব।
তেতিয়াও দেবি, তোৰ নাম লই
  মোৰ প্ৰাণ বাজ হব।