পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৬৪
অসমীয়া সাহিত্যৰ চানেকি।


নাচিছিল ৰঙা বেলি দলনিত পৰি,
পাহৰা প্ৰেমৰ কথা সুৱঁৰি সুৱঁৰি,
হাঁহিছিল হালিয়েই কত চুমা খাই।
অদৃষ্ট ব্যাধৰ কাঁড়ে পেলালে ঘৈয়াই,
আলসুৱাটিক তাৰ। বিৰহ নজনা
অকলসৰীয়াটিৰ কি হল বিলাই।
নৌহওঁতেই পূৰ প্ৰেমৰ সাধনা
প্ৰেমৰ পদুম পাহি পেলালে শুকাই,
হঁহা কৰা লৈয়ে হায় সংসাৰ ভাৱনা।

৺ৰত্নেশ্বৰ মহন্ত।

দুখীয়া দেশৰ ৰত্ন দুখৰ সোদৰ,
বহুত আশাৰ কুমলীয়া ঢোপা কলি,
নৌহওঁতেই হাঁয় পাহিটি মুকলি,
হ’লা বলি অকালত কাল তক্ষকৰ।
নাপাই ই সংসাৰৰ উচিত আদৰ,
বৰ্ণিছিলা যাক তুমি সুখ ঠাই বুলি,
লৰালৰি এৰি সংসাৰৰ বালি ধূলি,
গলা গুচি সুখলৈ অনন্ত কালৰ।
দুয়োৰো সংকল্প মাতৃ ভাষা সেৱিবৰ,
পাহৰি পলালা যোগ্য, অযোগ্য থাকিলোঁ,
সহিবৰ গুণে শোক বন্ধু বিৰহৰ।
যি কৰে কৰুণাময়ে উচিত সকলো,
বুজিব নোৱাৰি আমি দোষে ভ্ৰান্ত নৰ,
লভা চিৰ শান্তি ভাই বেজাৰ এৰিলোঁ।