পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫২
অসমীয়া সাহিত্যৰ চানেকি


ভাবোঁ মনে কৰোঁ থিৰ,
অৰ্থ আছে হাঁহিটিৰ,
 মোৰে ফুল দুটি হব পায়!
সি গুণেই মোক চাই,
হাঁহি মাৰে মিচিকাই,
 মাতে মোক টিপিয়াই চকু,
সি গুণেই এনে কৰি,
ধীৰে ধীৰে লৰিচৰি,
 তালে তালে নচুৱাই বুকু; .
সকলো পাহৰি যাওঁ,
যতকি বেজাৰ পাওঁ
 বান্ধো ঘূৰি হৃদয়ত বল,
আকৌ আগৰ দৰে
থৌকিবাথৌ কৰে।
 অন্তৰত প্ৰণয়ৰ ঢল।

(৮)

তৰা দুটি হাঁহি থাকে,
মেঘ উঠি জাকে জাকে
 উৰি আহি গুজৰি গুমৰি,
ভোমোৰা আহিছে বুলি
কত কি যে গালি ডুলি,
 ডাবি দিওঁ চিয়ঁৰি চিয়ঁৰি,
কিন্তু হায় মেঘ জাক।
নুশুনি নেমানি হাক,
 ঢাকি ধৰে তৰা দুটি মোৰ,
কি কৰিম কি নকৰোঁ,
ভাবোঁ উঠোঁ বহোঁ পৰোঁ,
 দেখি তাক হাঁহে মেঘবোৰ,