পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩৭
অসমীয়া ভাষা।

ভাব বিলাক প্ৰকাশ কৰিব নোৱাৰি বুলি যে অপবাদ দিয়া হৈছিল, ফুকনে এই পুথি খনিত তাক সুন্দৰকৈ খণ্ডাইছে। তেওঁ বিপক্ষ সপক্ষ নানাবিধৰ যুক্তিৰে সৈতে এই কথা কেইটা প্ৰমাণ কৰি তালৈ ইংৰাজ বিষয়া সকলৰ মন আকৰ্ষিবলৈ প্ৰাণ টাকি চেষ্টা কৰিছিল। আৰু তেওঁৰ এই চেষ্টাৰ বহুত ভাল ফলো ধৰিছিল।

 অসমীয়া ভাষা যে ভাৰতবৰ্ষৰ আন কোনো ভাষাতকৈ কোনো মতে নীহ নহয়, ফুকন ডাঙ্গৰীয়ায়ে এইটো কথা প্ৰথমতে সৰ্বসাধাৰণক প্ৰমাণ কৰি দেখুৱায়। সঁচা কথা কবলৈ গলে আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া ভাষাৰ উন্নতিৰ নিমিত্তে যিমান যত্ন কৰিছিল, আজিলৈকে কোনেও সিমান কৰা নাই। অসমীয়া মানুহৰ দুৰ্ভাগ্য বশতঃ তেওঁ নীচেই ডেকা বয়সত (৩০ বছৰ নৌ হওতেই) ইহলোক পৰিত্যাগ কৰিলে। নহলে তেওঁ অসমীয়া ভাষাৰ কত যে উন্নতি সাধিলে হেতেন, তাক কোনে কব? গবৰ্ণমেণ্টৰ চাকৰি কৰি তেওঁ যি এফেৰা আহৰি পাইছিল, তাক তেওঁ দেশীয় মানুহ আৰু ভাষাৰ উন্নতিৰ অৰ্থে খৰচ কৰিছিল। তেওঁৰ জীৱনত আৰ্হি লব লগীয়া বহুত ডাঙ্গৰ ডাঙ্গৰ গুণ আছে। সেই বোৰ গুণ বিবৰি কোৱা এনে এটা ক্ষুদ্ৰ প্ৰস্তাৱৰ কাম নহয়। এখন ডাঙ্গৰ কিতাপৰ কাম। ফুকনৰ যুক্তি সঙ্গত বিচাৰ, গভীৰ জ্ঞান, চোক বুদ্ধি আৰু উদ্ভাবিকা শক্তি, কাৰ্য্যকাৰী বহুদৰ্শিতা আৰু উদাৰ দেশহিতৈষিতাৰ কথা শুনিলে আপোনালোকে আচৰিত নোহোৱাকৈ থাকিব নোৱাৰে। কৰ্ণেল হপ্‌কিন্‌স্যন্‌ চাহাবে যে ফুকনৰ বিষয়ে কৈ গৈছে, বঙ্গদেশত ৰামমোহন ৰায় যেনে, অসমত আনন্দৰাম ঢেকিয়াল ফুকনো তেনে আছিল। কিন্তু সেই দুই দেশৰ অৱস্থাৰ প্ৰভেদলৈ আৰু আনন্দৰাম ফুকনৰ নিজৰ উন্নতিৰ নিমিত্তে যিমান সুচল আছিল, তালৈ চাই তেওঁক ৰামমোহন ৰায়ত কৈও অসাধাৰণ লোক বোলা উচিত। ইয়াৰ এটা আখৰৰ মিছা নহয়। বঙ্গালী ভাষা ৺ৰাজা ৰামমোহন ৰায়ৰ ওচৰত যিমান ধৰুৱা, অসমীয়া ভাষাও ৺আনন্দৰাম ঢেকিয়াল ফুকনৰ ওচৰতো সিমান ধৰুৱা। যেতিয়ালৈকে জগতত অসমীয়া ভাষাৰ শেষ শব্দ থাকিব, তেতিয়ালৈকে আনন্দৰাম ফুকনৰ নাম অসম আকাশত ভোটা তৰাৰ নিচিনা কৈ জিলিকি থাকিব।

 অসমীয়া ভাষাৰ উন্নতিৰ অৰ্থে খৃষ্টান মিচনেৰি সকলৰ লগত যোগ দিয়া দেশীয় ভদ্ৰলোকৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকনৰ পিছতে নাম কৰিব লগীয়া ৺যদুৰাম ডেকা বৰুৱা। এওৱেই প্ৰথমতে ১৮৩৯ চনত অসমীয়া আৰু বঙ্গালী

ভাষাত এখনি বৰ ডাঙ্গৰ অভিধান লেখে। অভিধান খনি সংগ্ৰহ কৰি তেওঁ

৬৮