পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৩
আসামবাসী।

একৰ অনিষ্ট আনজন হৃষ্ট;
আনৰ বিপদে অসীম হাঁসে।
অসমীয়া সবে যতেক হাসয়
আনৰ কষ্টত, চিত্ত হৰ্ষময়,
এনে কোনো জাতি নাই ত্ৰিজগতি;
মিছা কথা মাত্ৰ ‘নাহিকে হাঁসি'।

দেখোন্নতি যাত নাই তাত মন;
কৃষি শিল্প বানিজ্যক বিসৰ্জ্জন
দিয়াছে; মিস্তিৰী, হালোৱা, বেপাৰী
কিৰূপে বা হুব, লাজৰ কথা!
“হালোৱা বাঢ়ই বেপাৰী নহয়ে
বোপা ককা মৰি গল এনেকৈয়ে”
এড়ি নিজ মান সামান্য সমান,
কিৰূপে ধৰিব নতুন প্ৰথা!

হে আসামবাসি!
“বোপা ককা মৰি গল এইমতে”
এনে কথা আৰু নানিবা মুখতে;
তেনে বাক্যোচিত কৰিছা ৰক্ষিত
আন কোন ৰীতি? কহিয়ো মোক।
চুলি কাটি ফালা “আল্‌বাৰ্ট সেওঁতা”
পিন্ধা বিদেশীয় বস্ত্ৰ মোজা জোতা,
ব্যভিচাৰ ৰীতি, মদো নাই বাকী,
আৰু যত কথা কলে পাবা শোক।

এড়া তেনে কথা হোৱা সচেতন,
কৃষি শিল্প হেতু কৰিও যতন;
স্বাধীন ব্যৱসায় হেতু কৰা আশা,
আলস্য পিশাচ কৰিও দূৰ।

৪৫