পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫২
অসমীয়া সাহিত্যৰ চানেকি।

কথাত সংসাৰৰ আন আন তিৰোতাৰ আৰ্হিৰ বাটৰ পৰা তেওঁ আঁতৰ হব নোৱাৰিলে। কথাটো এই:- পুতেকলৈ তেওঁৰ যিমান মৰম, জীয়েকলৈ তাতকৈ এধান মান বেচি। পো-জী থকা পাঠিকাই এই কথা শুনি পো-জী ফালি দেখুৱাইছোঁ বুলি আমাৰ ওপৰত যেন খঙ্গ নকৰে, এই আশা।

 এওঁৰ কথা ইমানতে এৰি হৰদত্তৰ ভায়েক বীৰদত্তৰ ওচৰলৈ যাওঁ বলক। পাঠক! বীৰদত্ত নাৱে গাঁৱে বীৰদত্ত! তেওঁৰ কথাত বীৰত্ব, কাষত বীৰত্ব, বুদ্ধি সন্ধিত বীৰত্ব। মুঠতে কবলৈ গলে নটা ৰসৰ ভিতৰত বীৰ ৰসটো বীৰদত্তৰ গাত ষোল কলা আছিল। আৰু এই ৰসে তেওৰ ওপৰত ইমান প্ৰাধান্য স্থাপন কৰিছিল যে কৰুণ, শান্তি, আৰু হাস্যৰস প্ৰভৃতি ৰস বিলাকৰ কোনোটোক ফাঁচি, কোনোটোক বৰশী, কোনোটোক শূলত দি, সি সিহঁতৰ সঁচ মাৰিছিল। উপজিবৰে পৰা তেওঁ উদাৰ চিত্তেৰে পাঁচ বাৰ হাঁহিছে নে নাই সি সন্দেহৰ স্থলহে। দুৰ্ব্বলৰ প্ৰতি দয়া, মানুহৰ প্ৰতি মৰম, জীৱ জন্তুৰ প্ৰতি কৰুণা, কি পদাৰ্থ তেওঁ কব নোৱাৰে। ক্কচিৎ যদি তেনে ভাব তেওঁৰ মনত ওলাব খুজিলে, বীৰ ভাবে (যদি বাস্তবিক পক্ষে তাক বীৰভাব বুলিব পাৰি) হাতত টাঙ্গোন লৈ সেই খিনিত হাজিৰ হলহি, সেই বিলাকৰ আৰু মুৰ ডাঙ্গিবৰ সাধ্য নাই। কিয় তেওঁ সেইটো গতি ললে কব নোৱাৰি। তেওঁ অবিবাহিত আছিল; আৰু কোনোকালে যে তেওঁ বিয়াকৰাব, এনে এটা ভাবে তেওঁৰ মনৰ দুৱাৰ-মুখ পৰ্য্যন্ত থোকা নাছিল। মানুহে কয় বোলে বিয়া নকৰোৱা মানুহৰ মনৰ কোমল ভাগ সদাই অবিকশিত থাকে। যদিহে এই কথা বিশ্বাসৰ যোগ্য, তেন্তে আন আন কাৰণৰ লগতে ইও এটা কাৰণ হব পাৰে; কিন্তু সম্প্ৰতি আমি এই কথাত একো হয়, নহয় দিব নোৱাৰিলোঁ। আমি আকৌ, পাঠক সকলৰ অনুমতি লৈ, বীৰ দত্তৰ বিয়া নোহোৱাৰ কাৰণ এটাহে অনুমান কৰিব খুজিছোঁ, জানো সেইটো বাটলু গুটি লাগে নে নেলাগেঃ বীৰদত্ত দেখিবলৈ বৰ শুৱনি পুৰুষ নাছিল যেন আমি থিৰ কৰিছোঁ; কাৰণ, তেওঁ জীয়াই থকা কালত কোনো সুন্দৰীয়ে কি অসুন্দৰীয়ে তেওঁৰ কথা ভালকৈ কোৱা নুশুনিলোঁ। কষটি শিলত নঘহিলে সোণৰ সঁচা-মিছা ধৰিব নোৱাৰি, তিৰুতাৰ মুখৰ কথা নুশুনিলে পুৰুষৰ সুন্দৰ অসুন্দৰ জানিব নোৱাৰি। পুৰুষে পুৰুষক হেজাৰ সুন্দৰ, বুলি সভা কৰি প্ৰস্তাব কৰোঁ, তিৰুতাই, বিশেষকৈ সুন্দৰী তিৰুতাই উঠি সেই প্ৰস্তাব সমৰ্থন বা ভৰণ পোষণ নকৰিলে সি ডোমৰ লগত যোৱা। সুন্দৰীয়ে কি অসুন্দৰীয়ে বুলি ওপৰত কৈছোঁ, এই বাবেই যে সুন্দৰীৰটো প্ৰস্তাৱৰ পোষকতা কৰিবৰ সম্পূৰ্ণ অধিকাৰ আছেই আৰু সেই হেতুকে তেওঁ কৰেই, অসুন্দৰীয়েও