পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪৬
অসমীয়া সাহিত্যৰ চানেকি।

 কিয় সৃষ্টি সৃষ্ট হল,
 স্ৰষ্টাইনো কলৈ গল,
দেখি দুঃখ সিহঁতৰ দয়া নকয়?
কৰিম ইয়াকে ভাবি পৰমায় ক্ষয়।

 কিন্তু শঙ্কা হয় মনে,
 জাগি উঠে ঘনে ঘনে,
অপাৰ সন্দেহ ৰাশি হৃদয়ত মোৰ,
 কোনো অৱস্থায় ভাল,
 নালাগয় চিৰকাল,
বৈকুণ্ঠ ধামতো যেন আছে দুঃখ ঘোৰ।

 কিয়নো দেখিছোঁ ময়
 যি আছিল মধুময়
সিয়ো কিছু দিন পৰে লাগে বৰ তিতা,
 চেনিৰো সোৱাদ যায়,
 কুহিয়াৰ টেঙাহয়,
মাখনেও লাহে লাহে পায় কৰ্কশতা।

 এতেকতে কি বিচিত্ৰ,
 যাক আজি ভাবি মিত্ৰ,
লও তুলি যত্ন কৰি বুকুৰ ওপৰে
 কালি মহাশত্ৰু হই,
 হাতত কুঠাৰ লই,
বিচাৰিব লগাবলৈ এক কোব শিৰে।

 আজি যিব লাগে ভাল
 কালি হয় সেয়ে কাল,
বিস্বাদ বিকৃতি বেয়া বিষাদৰ হেতু।
 এতেকতে কিছু দিনে
 ইওতে লাগিব মনে
বেয়া, যাক ভাবে যেন আনন্দৰ সেতু,
সকলোৱে বেয়া হয় মূল যাৰ কেতু।