পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৪৩ অসমীয়া সাহিত্যৰ চানেকি। এইনে অসম? নহয় শশান? মনুষ্যত্ব হীন যত নাৰী নৰ, উনৈশ শতিকা সভ্য জগতত | কি বাবে সকলো ভিখাৰী পৰৰ? জাতীয় গৌৰৱ। বুৰঞ্জী লেখক | জাতীয় গৌৰৱ | কিবা চিন পাৰা অসম দেশৰ। যত কবিকুল জাতি পদ্মফুল লভিলে জনম ফলে কি পাপৰ হায়! হায়! হায়! বুকু ফাটি যায় যি বুজে পুড়িছে হৃদয় সদায়। উহ! পাহৰণি। যেন ৰাক্ষসিনী গিলিলি বহুত অসম গৌৰৱ। কোনে উলিয়াব কোনে বা দেখাব | জন্মিছেনে এনে মহা অনুভৱ? ঠিক অসমীয়া মানুহ নহয়, অসম শ্মশান নোহে কোনে কয়? অনন্ত কলী | জন্ম ধৰিছিল কিনো পাপ কৰি অসম মাটিত নাই তযু নাম, অদিৰ সম্মান, কাললৈ নুমাল শ্মশান ভূমিত। পদুমৰ গোন্ধকি গুবৰুৱা লয়, ভোমোৰাৰ দৰে ফুল কি ৰময়? কন্দলী শ্ৰীধৰ, কিনোহে সুন্দৰ গাঁথিছিলা বাচি ফুল মলাধাৰ, ভাবিছিলা মনে, অসম সন্তানে পিন্ধি গুণ গাই থাকিব তোমাৰ।