পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭০
অসমীয়া সাহিত্যৰ চানেকি।

 আপোনাৰ জীবনৰ উপায় আপুনি বিচাৰি লোৱা, পৰৰ মুখলৈ চাই থকা পৰে দিলে খাম এই অভ্যাসটো এৰা। দুখত পৰিও দুখৰ পৰা উঠিবলৈ যতন কৰা। পৰে দিযা সুখ দুদিনীয়া। নিজৰ লৰাক সৰু কালৰে পৰা স্বাধীন বৃত্তিত শিক্ষা দিয়াহে প্ৰকৃত শিক্ষা। আগলৈ চাই আগবাঢ়া। এতিয়া কি কৰিলে আগলৈ কি হব তাকে ভাবি চলা। দুখ দূৰ কৰিবৰ উপায় আজি চিন্তি তাৰ মতে আচৰিলেহে কালিলৈ তাৰ ফল ধৰিব। আজি গুটী ৰুলেহে কালিলৈ গাজ মেলিব। হয়, কঠীয়া পাৰিবা আজিয়ে তাৰ আলচ কৰা। দহজনে যি বাটে চলে সেই বাটে স্বধৰ্ম্ম এৰি নচলিবা। অবশ্যে উন্নতি, শ্ৰীবৃদ্ধি হব।


⸺⸺