পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া সাহিত্যৰ চানেকি

তযু ক্ৰোধ দেখি কৈবে সাহ নাহি মোৰ
ৰাগ সম্বৰিয়ো হেৰা কৰো হাতযোৰ॥
বিশেষ অতিথি আসিছে তযু ঘৰে।
অতিথি শুশ্ৰূষা এবে সৰ্ব্বজনে কৰে॥

অতিথি যাহাৰ গৃহে হোৱে আগমন।
পঞ্চামৃতে কৰাইবাক লাগয় ভোজন॥
অনেক প্ৰকাৰে সেৱা শুশ্ৰূষা কৰিব।
দেৱতা বুলিয়া অতিথিক উপাশিব॥

অতিথি গৃহস্থ ঘৰে কৰে উপবাস।
সিজন গৃহস্থ জানা হৱে সৰ্ব্বনাশ॥
ভোজন কৰাইতে যদি হোৱে অসমৰ্থ।
তৃণ জল দিয়া সিতো সুধিবে যথাৰ্থ॥

যদি গৃহস্থৰ হীন হৱে তৃণ জল।
তেবে বাক্যে শুশ্ৰূষা কৰিবে মহাবল॥
ইহাকো নকৰি যদি অতিথি হিংসয়।
সৰ্ব্বনাশ হৱে সিতো শাস্ত্ৰে কহিছয়॥

তেহ্নয় অতিথি আসি আছো তযু ঘৰে।
শুশ্ৰূষা নকৰি মোক ৰাগ কৰা বৰ॥
শাস্ত্ৰৰ উচিত ইতো নুহি পক্ষীৰাজ।
ইতো কথা শুনন্তে লাগয় বৰ লাজ॥

আউৰ এক শাস্ত্ৰৰ শুনিয়ো পটন্তৰ।
বহ্নিসে জানিবা গুৰু ব্ৰাহ্মণ সবৰ॥
পৃথিবীত যত বৰ্ণ মনুষ্য আছয়।
সবাৰো ব্ৰাহ্মণে গুৰু শাস্ত্ৰে কহিছয়॥

স্ত্ৰীৰ স্বামীসে গুৰু কৈলো স্বৰূপত।
সমস্তৰে গুৰু জানিবাহা অভ্যাগত॥
হেন অভ্যাগত আসি আছোঁ তব স্থান।
কৰিবাক লাগে তুমি মোক সম্মান॥