পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯৪
অসমীয়া সাহিত্যৰ চানেকি।

শ্ৰীৰামে পঠাইল মোক,  তোক মূৰ্খ বুঝাইবাক,
  পাত্ৰ মন্ত্ৰী আলোচ কৰিয়া।
সমৰ্পিয়ো সীতা সতী,  কৰা গৈয়া মিত্ৰৱতি,
  তেবে ৰামে ৰহিবে ক্ষেমিয়া॥
মোৰ বোল নধৰিলে,  অৱশ্যে মৰিবি তেবে,
  তোৰ হৈবে স্কন্ধ যে বিনাশ।
শ্ৰীৰামৰ চৰণক,  শিৰত ধৰিয়া এবে,
  লেচাড়ি ভণিলা কৃত্তিবাস॥

ছন্দ—লেচাৰি।

ঐও কি লঙ্কেশ্বৰ,  কেনে সীতা আনিলি হৰিয়া,
  সাগৰক তৰিয়া, সেতুবন্ধ কৰিয়া
  মোক লঙ্কা দিয়াছে পঠায়া॥
হেন কৰে মোৰ মন,  তই সমে কৰো ৰণ,
  কোপ কৰি কমল লোচন।
গোসাই কৈলা অঙ্গিকাৰ,  তোক ৰাজা বধিবাৰ,
  বৃথা হবে ৰামৰ বচন॥
কালি নিশি তাৰ তৰে,  ৰাম লক্ষণেয়ে এড়ে,
  আমিও মাতিবোঁ বাক্য শেষে।
ছোট ছোট বানৰেবা,  সিও ধাই আসে হেৰা,
  লঙ্কাপুৰি লড়িবাৰ আশে॥
সুগ্ৰীব লগত যত,  তাহাক কহিবোঁ কত,
  কালি হৈবে তহিতে বিদিত।
তোৰ মুণ্ডে লাঠি মাৰি,  কম্পাইবোঁহু লঙ্কাপুৰি,
  কি কৰিব তোৰ ইন্দ্ৰজিত॥
মোৰ বাক্য যেবে ধৰ,  কদাচিতো নাহি মৰ,
  আলোচিবে লৈলা মোৰ চিত্তে।
ৰাম লক্ষ্মণ সাজিয়া,  ভালুক বানৰ লৈয়া,
  পলাই আবে যাইবি কোন ভিতে॥